Type Here to Get Search Results !

বায়ুমণ্ডলৰ উষ্ণতা আৰু আমাৰ বিশেষ কৰণীয়

 সম্পাদকীয়


আমি সকলোৱে প্ৰত্যক্ষ কৰিছো যে কিছু বছৰৰ পৰা দ্ৰুত গতিত বছৰি বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাব ধৰিছে। এনেকৈ যদি এই উষ্ণতাৰ পৰিমাণ বাঢ়ি থাকিলে পৃথিৱীৰ জীৱকুললৈ অতি ভয়াৱহ প্ৰত্যাহ্বান নামি আহিব। বৰ্তমান সময়ত বহুবোৰ সামাজিক সমস্যাৰ লগতে এই পৰিৱেশ নিয়ন্ত্ৰণ বিষয়টিও আমাৰ বাবে অতিকৈ জৰুৰী ভাৱে ল'ব লগা ব্যৱস্থা বুলি ভাৱো। আজি সময়ত জল, মাটি আৰু বায়ু যি দ্ৰুত হাৰত প্ৰদূষণ হ'ব ধৰিছে তাৰ নিশ্চয় প্ৰতিকাৰ আৰু সমস্যাৰ সমাধানৰ বাবে সকলোৱে অন্ত:কৰণে আৰু দায়বদ্ধতাৰে কাম কৰিব লাগিব।
 অৰণ্যমানৱ যাদৱ পায়েংৰ মহান ত্যাগক আজি আমি অতি সুহৃদয়তাৰে অনুভৱ নিজৰ সামৰ্থনুসৰী গছপুলি ৰোপন আৰু প্ৰতিপালন কৰিব লাগিব লগতে নিজৰ চৌপাশটো প্ৰদূষণ মুক্ত কৰিব ৰাখিব লাগিব। এনেদৰে আমি নিজৰ পৰাই এই কাম আৰম্ভ কৰো তেতিয়া হলে এয়াই সামাজিক ক্ষেত্ৰলৈ পৰিৱেশ নিয়ন্ত্ৰণৰ প্ৰতি হ'ব আন্তৰিক কৰণীয়।

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়

৫/১০/২০২৩