Type Here to Get Search Results !

ভাগ্য ১০

 প্ৰগতি গগৈ চাংমাই


 সেই অসীম আজি ডাঙৰ হ'ল। চকুৰ পলকতে ডেকা হৈ গুৱাহাটীত ইঞ্জিনীয়াৰিঙৰ কোৰ্চ কৰি আছে। মাক-দেউতাকৰ মনত সি এতিয়াও সৰু। সকলো মাক-দেউতাকৰ মনত নিজৰ সন্তান সদায়েই সৰু হৈ থাকে। ৰুণুমী-প্ৰশান্তই আৰু দ্বিতীয় সন্তান কামনা নকৰিলে। অসীমৰ ককাক-পুঠায়েক ঢুকোৱাৰ পাছত সিহঁত তিনিটা প্ৰাণীহে বাকী ৰ'ল। 

     -হেৰা, ক'ত আছা?

     - কিয় ? ভিতৰতে আছোঁ।

     - ই বাবা কেতিয়া আহিব?

     - আহিব আৰু কেইদিনমান পাছত। পৰীক্ষা দি একেবাৰে আহিম কৈছে। বিহুতে। 

     - অহ! আহক । সি আহি ল'লে আমি কথাবোৰ তাৰ লগত খোলোচাকৈ পাতিব লাগিব। 

     - তাকেহে। ময়ো সেইটোৱেই ভাবিছোঁ। তাৰ লগত কথা নপতাকৈ এইবোৰ কথাত আগবঢ়াটো ভাল নহ'ব। আমি মাক-বাপেকহাল কাম কৰিব পৰা হৈ থাকোঁতেই বিয়া পাতি দিলেহে সুবিধা হ'ব। নহ'লে বিয়াত কোনে কাম কৰিব? 

     - হয় দিয়ক। এতিয়া ভাতকেইটা বাঢ়ি দিওঁ। খাই লওক গৰমে গৰমে । 

     - দিয়া দিয়া। তোমাৰ হাতৰ ভাতমুঠি খাবলৈ মই যে কম হেঁপাহেৰে ৰৈ থাকোঁনে?

     - হে হৰি, এই মানুহটো যে। এতিয়াও ধেমালি কৰিবলৈ এৰা নাই! বয়স হৈছে যে গমেই পোৱা নাই ছাগে।

     - ধেমালিৰ লগত বয়সৰ কি কথা আইজনী! 

     - হ'ব হ'ব । কথা পাতি থাকোঁতে থাকোঁতে সিফালে ভাত ঠাণ্ডা হ'লেই ছাগে। 

     - খাওঁ। খাই লৈ বাৰীতে অলপ কাম কৰোঁ।

     - এই মানুহটো যে। ভাগৰ বোলা বস্তুটো নাই। খাই অলপ ৰৈ লওক। কাম কাম কেৱল কাম। কিমান আৰু কাম কৰে? 

     - বাৰু ! এটা কথা, বাবাৰ পছন্দ যদি আমাৰ পছন্দ নহয়?

     - কিয় নহ'ব? আমাৰ ল'ৰাই আমাৰ সকলো কথা জানে। আমাৰ সকলো কথা মানি চলে । সেই হিচাপততো তাৰ পছন্দ বেয়া হ'ব নোৱাৰে।

     - এৰা! ভাগ্যৰ বলতহে আমি তাক পুত্ৰ হিচাপে পাইছোঁ। কোনোদিনে আমাৰ কথা এৰাই চলা নাই সি। 

     - হয়।  এতিয়া খাই উঠি অলপ বহি লওকগৈ যাওক। মই বাচনকেইটা ধুই সাউৎকৰে মণিহঁতৰ ঘৰৰ পৰা আহোঁ। 

     - অ' কিয়?

     - সিহঁতৰ ছোৱালী জনীৰ জ্বৰ। কালিৰপৰা। খবৰ এটা লৈ আহোঁ।

     - যোৱা, যোৱা। টানে-আপদে মণিজনীয়ে কমখন সহায় কৰি দিয়েহিনে আমাক?  গিৰিয়েক ঢুকোৱাৰ পাছত কম কষ্টত ছোৱালী জনী ডাঙৰ কৰিছেনে? 

     - বৰ সাদৰী অ' তাই।

     - এটা কাম কৰিবা। টকা কেইটামান লৈ যোৱা। তাইৰ হাতত দি আহিবা। আৰু প্ৰয়োজন হ'লে আমাক ক'বলৈ ক'বা। 

     - বাৰু