পাপৰি দাস
সুগন্ধি শেৱালী ফুল
ৰৈ যোৱা জীৱনৰ কিছু স্মৃতি,
কিছু আৱেগ ,
কিছু আক্ষেপ,
মৌন হৈ ৰোৱা শব্দৰ আঁৰত
লুকুৱাই থকা কিছু অনুভূতি,
পিছলি যোৱা জীৱনৰ পৃষ্ঠাৰ লগতে
পুনৰ উকলি গল
শৰতৰ আৰু এটি নিশা।
পাপৰি দাস
'সমলয়' মাহেকীয়া ই-আলোচনী | www.somoloy.org