Type Here to Get Search Results !

অগ্নিসাক্ষী

 নবীন চন্দ্ৰ মেধি



ৰশ্মি আৰু নবীনৰ চিনাকি বৰ বেছি দিনীয়া নাছিল । হঠাতে সিদিনা ব্যৱসায়ৰ কামত এখন গাঁৱলৈ যাওঁতে নবীনে ৰশ্মিক লগ পাইছিল । প্ৰথম চিনাকিতে ৰশ্মিৰ প্ৰতি সি আকৰ্ষিত হৈছিল । ৰশ্মিৰ মনৰ বতৰা জানিবলৈ সি ব্যাকুল হৈ পৰিছিল । কাৰণ সি যে প্ৰথম চিনাকিতে ৰশ্মিৰ প্ৰেমত পৰিছিল ।  

কোমলমতীয়া ন গাভৰু এগৰাকী দেখা পাই সি যেন ৰ'ব পৰা নাছিল । কিদৰে মনৰ কথা ব্যক্ত কৰিব পাৰি তাৰ চিন্তাত নিমগ্ন হৈ পৰিছিল । এদিন তেওঁলৈ নিজৰ  জীয়েকক বিয়া নিদিয়া শাহু মাক এগৰাকীয়ে জীয়েকৰ ননদজনীকে তেওঁলৈ দেখুওৱাৰ কথা কৈছিল । 

সেইসময়ত তেওঁৰ মন উগুল থুগুল অৱস্থাত আছিল । তথাপি শাহুমাকে দেখুৱাবলৈ বিচৰা ছোৱালীজনী চাবলৈ গৈছিল । 

সিদিনা ভাওনা আছিল । ভাওনা চাবলৈ ৰশ্মি নবৌয়েকৰ ঘৰলৈ আহিছিল । আৰু সি গৈছিল সিহঁতৰ ঘৰলৈ ছাহাৰা ইণ্ডিয়া পৰিবাৰ নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীৰ এজেণ্ট হিচাবে ধন সংগ্ৰহৰ বাবে । 

 সিদিনা সিহঁতৰ ঘৰত কেৱল মাত্ৰ ধন পোৱা নাছিল , ৰত্নও বিচাৰি পাইছিল । সি প্ৰেম ৰতন ধন পাইছিল । হীৰাৰ দৰে ৰত্ন পাইছিল । সেই হীৰা হাছিল কৰিবলৈ এদিন প্ৰত্যক্ষ ভাৱে মনৰ ভাৱ তাইৰ আগত প্ৰকাশ কৰিছিল । তাইৰ যে কোনো বয়ফ্ৰেণ্ড নাই এই কথা স্পষ্ট হোৱাৰ পিছত সকলো কথা মুকলি ভাৱে ব্যক্ত কৰিছিল । তাই মাক দেউতাকক সুধি চোৱাৰ কথা কৈছিল । মাক দেউতাকৰ আপত্তি নাথাকিলে তাইৰ তেওঁৰ সতে বিয়া হোৱাত কোনো আপত্তি নাই বুলি জনাইছিল । 

সি মাক দেউতাকৰ আগত এই কথা জনাবলৈ কৈছিল আৰু সি নিজৰ ফোন নম্বৰটো তাইক দিছিল আৰু ঘৰৰ পৰা ফোন কৰিবলৈ কৈছিল । 

প্ৰায় পোন্ধৰ দিন মানৰ ভিতৰতে ৰশ্মিহঁতৰ ঘৰৰ পৰা ফোন আহিছিল আৰু মাকৰ নিমন্ত্ৰণ লাভ কৰিছিল । 

সেই সময়ত সি ডিব্ৰুগড়লৈ যাব লগা হোৱাৰ বাবে ৰশ্মিহঁতৰ ঘৰলৈ যাব পৰা নাছিল । এসপ্তাহৰ পিছত এদিন সোমবাৰে দিনৰ ভাগত পেহীয়েকৰ ল'ৰা ৰিতুপৰ্ণক লগত লৈ ৰশ্মিহঁতৰ ঘৰলৈ গৈছিল । 

ৰশ্মিয়ে মাহীয়েকৰ জীয়েক যমুনাক লগত লৈ সিহঁতক আগবঢ়াই নিবলৈ ষ্টেচনলৈ আগবাঢ়ি আহিছিল । 

ভনীয়েক যমুনাই বায়েকৰ পৰা জানিবলৈ চেষ্টা কৰিছিল - 

" অপঐ বাপাইদেপেউ ভিপিনদেপেউ কোপোনজপন ? ওপোখপজপন নেপে চাপা পপ ৰপ জপন ? " 

সচৰাচৰ ছোৱালী মানুহে ভাষা কোড ব্যৱহাৰ কৰি কোৱা কথাষাৰ সি সহজতেই বুজি পাইছিল আৰু বায়েকৰ প্ৰত্তোত্তৰলৈ বাট চাই আছিল । 

ৰশ্মিয়ে ভনীয়েকক দ্বিতীয় জনৰ কথা ক'লে । ওখজন আছিল পেহীয়েকৰ ল'ৰা ৰিতুপৰ্ণ আৰু চাপৰ জন সি খুলশালী যমুনাৰ ভিনিহিয়েক । 
ঘৰখনত মাথো চাৰিটা প্ৰাণী । মাক দেউতাকৰ লগতে সিহঁত বায়েক  আৰু ভায়েক । খুলশালী ল'ৰা জোনৰ বয়স বৰ বেছি বাৰ বছৰ । যমুনাৰ দহ বছৰ হ'ব । 

ছোৱালী চাবলৈ যোৱা গম পাই গাঁৱৰ দুই চাৰিজন মানুহ আহিছিল । দুজনীমান গাভৰুৱেও ভুমুকি মাৰিছিল । ছোৱালীৰ মাক দেউতাকৰ লগত কথা বতৰা পাতি আহিনৰ দহ তাৰিখলৈ ৰশ্মিক বিয়া কৰাই অনাৰ সিদ্ধান্ত ল'লে সিহঁতে । 

কিন্তু মাজত মাত্ৰ তিনিসপ্তাহ সময় বাকী ৰৈছিল । সেয়া ধৈৰ্য ধৰিবলৈ কাৰো সময় নাছিল । ডাঙৰ মোমায়েকৰ দৰা দেখুওৱাৰ উৎপাতত পিছৰ সোমবাৰে গৈ ছোৱালী পলুৱাই লৈ আহিছিল । লগত হৰিভকত আৰু বন্ধু এজনৰ পেহাক । 

কণপেহাক ছোৱালী ঘৰলৈ খবৰ দিবলৈ পঠিয়াই দি সিহঁতে পেহাৰ জীয়েকৰ ঘৰত  আলহী হ'লগৈ । দুপৰীয়াৰ সাজ তাতে খাই সিহঁত তিনিও সাজু হৈ আছিল । 

আবেলি তিনিবজাত বেগত কাপোৰ ভৰাই দৰ্জীৰ দোকানলৈ বুলি ওলাই আহিছিল তাই  । ইফালে ফোনৰ যোগাযোগ চলি আছিল । সি ৰেললাইন টো পাৰ হৈ গৈ ৰশ্মিক পেহাৰ জীয়েকৰ ঘৰলৈ লৈ আহিছিল । বিশেষ খৰচ কৰিব লগা হোৱা নাছিল । ৰাতিপুৱা দহ বজাত ট্ৰেইনেৰে গৈ আবেলি চাৰে তিনি বজাত ৰশ্মিক লৈ ট্ৰেইনেৰেই উভতি আহিছিল । 

ৰশ্মিক ঘৰলৈ লৈ অহাৰ কিছুদিন পিছতে অগ্নিক সাক্ষী কৰি  সিহঁতে যুগ্ম জীৱনৰ পাতনি মেলিছিল । ৰশ্মিৰ ঘৰৰপৰা মাক ,  দেউতাক , ভায়েক , ককাক , আইতাক , মামা , মামী , মাহী ,  মহা , আৰু ৰশ্মিৰ মৰমৰ ভনীয়েক যমুনা সকলো আহিছিল । ৰশ্মিক নিজৰ দেউতাকে অগ্নিক সাক্ষী কৰি মন্ত্ৰ জপ কৰি হোম যজ্ঞ পাতি বিয়া দিছিল । এই স্মৃতি এতিয়াও সিহঁতৰ মানসপটত জিলিকি আছে । কেইবছৰমান পিছত সিহঁতৰ দুটি সন্তান জন্ম হয় । 

পৰিণীতা আৰু  কৌশিক প্ৰতাপ নামেৰে আলাসৰ লাৰু দুয়োকে বুকুৰ মাজত সামৰি লৈছিল । এতিয়া সিহঁতে ৯-১১ বছৰীয়া হ'লগৈ । এয়াই সিহঁতৰ সুখী সংসাৰ ।

গোলাঘাট  
৯১০১৮২০৪১১