Type Here to Get Search Results !

গেলেকীৰ ইতিহাস প্ৰসিদ্ধ ৰঙাচিলা দুৱৰা বংশৰ ইতিহাসৰ সন্ধানত আৰু এখোজ

 দীপজ্যোতি বৰ গোহাঞি




ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ এটা মুধাফুটা বংশই হ’ল ৰঙাচিলা দুৱৰা বংশ ৷এই ৰঙা চিলি বং’শৰ ঘৰৰ কেইবাজনো ব্যক্তিয়ে আহোম ৰাজত্ব কালত বৰবৰুৱা; বৰফুকন ;শদিয়াখোৱা গোহাঁই দিহিঙীয়াৰ ফুকন ;শৰিইঘটীয়া ডেকা ফুকন ৰাজখোৱা আদি উচ্চ পদমৰ্য্যাদা লাভ কৰিছিল ৷ৰঙা চিলা দুৱৰা পৰিয়ালৰ খাত পাম আজিও আহোম ৰাজ্যৰ তৃতীয় ৰাজধানী গড়গাঁওৰ পৰা ১৫ কি’ল মিটাৰ দূৰৰ দক্ষিণৰ আঠখেল মৌজাৰ গেলেকী অঞ্চলত ৷তাতে এটা আহোম ৰাজত্ব কালৰ দৌল আজিও আছে যাক বহুতে পিয়লীৰ দৌল বুলি কয়। সেই দৌলটোৰ লগতে ৰঙাচিলা খাত খনে এতিয়াও ৰঙাচিলা দুৱৰা বংশৰ ইতিহাস বুৰঞ্জীৰ বুকু সজীৱ কৰি ৰাখিছে ৷এই দৌলটো নিৰ্মাণ শৈলী আহোম ৰাজত্বৰ সময়ৰ হয় যদিও কোনে নিৰ্মাণ কৰিছিল সঠিকভাৱে কব পৰা নাযায় । অনুমান কৰিব পাৰি যে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালতে ৰঙা চিলা দুৱৰা বংশৰ কোনো ব্যক্তিয়ে এই দৌলটো নিৰ্মাণ কৰোৱাইছিল ৷পিয়লিক বৰফুকন নিয়োগ কৰা হৈছিল মানে পতা ৰজা যোগেশ্বৰ সিংহ স্বৰ্গদেউৰ  দিনত ৷এই সম্পৰ্কে হিতেশ্বৰ বৰবৰুৱাই “আহোমৰ দিন“ নামৰ গ্ৰন্থত  লিখিছে পাছে ৰূপেশ্বৰ বুঢ়া গোহাঁইয়ে তলে তলে চন্দ্ৰকান্ত সিংহক পেট দিছিল বুলি জানি যোগেশ্বৰ সিংহ স্বৰ্গদেউৱে তেওঁক ভাঙ্গি সেই তেপৰতলীয়া ফৈদৰ কলিমনক বুঢ়াগোহাঁই পাতিলে আৰু গুৱাহাটীৰপৰা পুৰন্দৰ সিংহই পতা পিয়লি বৰবৰুৱাক আনি উজনিত বৰফুকন পাতি তিলোৱাক কৈ গুৱাহাটীলৈ পঠায় দিলে  (পৃঃ৩৪৮-৩৪৯ )এই উক্তিৰ পৰা জানিব পাৰি যে পুৰন্দৰ সিংহৰ দিনত পিয়লিয়ে বৰবৰুৱা পদবী লাভ কৰিছিল। স্বৰ্গদেউ যোগেশ্বৰ সিংহৰ ৰাজত্ব কালৰ সময়খিনি ৰাজ্যৰ অৱস্থা অতি নাজল নাথল সেই সময়ত পিয়লিয়ে দৌল নিৰ্মাণ কৰাৰ কথা কল্পনা কৰিবই নোৱাৰি ৷বদনৰ বৰফুকনৰ পিতৃ তথা ৰাজেশ্বৰ  সিংহৰ ৰাজত্ব কালৰ লতাকটা ৰণৰ সেনাপতি হৰনাথ ভিতৰুৱাল ফুকনে এই দৌল নিৰ্মাণ কৰোৱাইছিল । গৌৰীনাথ সিংহৰ ৰাজত্ব কালত হৰনাথ ভিতৰুৱাল ফুকনক বৰফুকন পাতিছিল ৷তেওঁক অভিমন্যু বৰফুকন নামেৰেও জনা যায় । ৰঙাচিলা ফুকনৰ পুতেক কিৰকিৰীয়া আৰু মেচা দুজন ৷কিৰকিৰীয়াই আহোম স্বৰ্গদেউ চুজিনফাৰ ৰাজত্ব কালত বৰবৰুৱা বিষয়বাব লাভ কৰিছিল স্বৰ্গদেউ চুডৈফাৰ ৰাজত্বকালত শৰাইঘটীয়া ডেকা ফুকনৰ বিষয়বাব খাইছিল ৷মেচা বৰবৰুৱাৰ পুতেক নন্দলালে ন্যায়সোধা ফুকনৰ বিষয়বাব খাইছিল ৷স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত ৰঙাচিলা দুৱৰা বংশৰ নন্দলাল ন্যায়সোধা ফুকনৰ পুতেক হৰনাথে ভিতৰুৱাল ফুকনৰ পদবী লাভ কৰিছিল ৷স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰজাই সামৰিক সাহাৰ্য বিচৰাত হৰনাথ ভিতৰুৱাল ফুকনৰ নেতৃত্বত মণিপুৰৰ ৰজাক সহায় কৰিবলৈ সামৰিক অভিযানত সহায় কৰিবলৈ দায়িত্ব দিছিল ৰাজমন্ত্ৰী মণিবৰ পাত্ৰগোহাঁই আৰু হৰনাথ ভিতৰুৱাল ফুকনক উপদেশ দিছিল ---“ফুকন তুমি দুৱৰা ঘৰৰ ল’ৰা “প্ৰাচীন এদিনীয়া নোহোৱা এতেকে তোমাক সংস্থাপন কৰিবৰ নিমিত্তে স্বৰ্গদেউৱে আজ্ঞা কৰিছে আৰু স্বৰ্গদেউৱৰ অনেক বন্দী বেটি দিছে আহিলাপাতি দিছে 
এতেকে তুমিঢ স্বৰ্গদেৱৰ সৈন্য সামান্ত সমন্বিতে পথে প্ৰবাসে দুখ  হানি নোপোবাকৈ যাবা । মণিপুৰৰ দেশ পায় তুমি উপায় মন্ত্ৰণাৰে বা যুদ্ধৰে বা যি ৰূপে এই মণিপুৰীয়া ৰজাক স্বদেশত সংস্থাপন কৰিব পাৰিবা তাকে প্ৰাণে পৰিশ্ৰমে চিন্তিবা “(তুংখুঙীয়া বুৰঞ্জী সম্পাদনা ড° সূৰ্য কুমাৰ ভূঞাঁ )এই উক্তিৰ পৰাই ৰঙা চিলা দুৱৰা বংশৰ প্ৰাচীন ঐতিহ্য আৰু গৰিমাৰ উমান পাব পাৰি বুৰঞ্জীগত ভাবে আৰু পৰবৰ্তী সময়ত এই হৰনাথ ভিতৰুৱাল ফুকনৰে পুত্ৰ বদন বৰফুকন যাক সকলোৱে ঘিনাই বুলি জানিছিল ৷(কৃতজ্ঞতাৰে বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোহাঁই দদাইদেউলৈ) বুৰঞ্জীৰ তথ্য আৰু সমল বুটলাটো বৰ এক দুৰূহ কাৰ্য তথাপি নিৰবিচ্ছিন্ন ভাৱে এই কাৰ্য আগবঢ়াই নিবলৈ প্ৰয়াসহে মাত্ৰ )