Type Here to Get Search Results !

সম্পাদকীয়

'সমলয়' ছবছৰীয়া যাত্ৰাৰ সহযোগী হে প্ৰিয় সতীৰ্থ



আজি ইংৰাজী ২০২৪ বৰ্ষৰ পহিলা জানুৱাৰী, এই শুভ দিনটিতে বিগত ২০১৮ জানুৱাৰীত বৌদ্ধিক চিন্তাৰ উমাল পৰশত জন্ম হৈছিল 'সমলয়' নামৰ শিশুটি। আপোনালোকৰ নিষ্ঠাৱান প্ৰতিপালনেৰে আজি শিশুটি ছয় বছৰ সমাপ্ত কৰি সপ্তম বছৰত ধৰি দিলেহি।
 এই শুভ ক্ষণত মই শব্দৰে কেনেকৈ আপোনালোকক কৃতজ্ঞতা জনাম তাৰ একো ভাষা বিছাৰি পোৱা নাই। মাথো বিভিন্ন ধৰণে আপোনালোকৰ ত্যাগক অন্তৰে হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰিছো। প্ৰতিটো এৰি অহা বিনিময় মধুৰ সময়বোৰ মণিকোঠত সজীৱ হৈ আছে। কেতিয়াবা পৰামৰ্শ দিছে, কেতিয়াবা লেখা দিছে, কেতিয়াবা পঢ়ুৱৈ হৈছে, কেতিয়াবা শিতান পৰিচালনা কৰিছে, কেতিয়াবা আৰ্থিক সহযোগ কৰিছে, কেতিয়াবা কিবা কাম সোঁশৰীৰে উপস্থিত হৈ অনুপ্ৰাণিত কৰিছে, গোটটো পৰিচালনা কৰিছে, আলোচনী খন নিয়মীয়াকৈ প্ৰকাশ হোৱাত বেটুপাত প্ৰস্তুত আৰু ৱেবচাইটটোৰ পৰিচালনা কৰিছে আঁৰে আঁৰে থাকি………… 
ছবছৰীয়া 'সমলয়' শিশুটি যিমান মৰম আৰু সহযোগিতা দিছে তাক কৈ মই শেষ কৰিব নোৱাৰিম।
  সকলোবোৰৰ মাজতে অতিকৈ ভাল লগা কথা যে আমি এটি আপোন পৰিয়ালৰ দৰে ছবছৰ সুখে-দুখে থাকিবলৈ পৰমেশ্বৰে যি কৃপা কৰিলে তাৰো প্ৰতি কৃতজ্ঞ হৈ ৰলো।
  মনত বৰ প্ৰশান্তি অনুভৱ কৰি সকলোটিলৈ ইংৰাজী নতুন বৰ্ষৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছোঁ। প্ৰতি পৰিয়ালৰ সকলোৱে কুশলে থাকক, হাঁহি থাকক আৰু সুখেৰে থাকক। এনেকৈয়ে পৰিয়ালৰ দৰে থাকি অসমী জননীৰ বাবে 'সমলয়' নামধাৰী শিশুটিক পূৰ্ণতা দিশলৈ লৈ যোৱাৰ প্ৰয়াস কৰো সকলোৱে হাতে-হাত ধৰি তাৰেই আশা কৰি সকলোৰে মংগল কামনাৰে।
শুভ শুভ
অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১/১/২০২৪