গীতাঞ্জলি দেৱী
তুমি মোৰ চুবুৰিৰ হ'লেও আমাৰ দুয়োখন ঘৰৰ মাজত এখন পথাৰ আছিল ,
হ'লেও, পথাৰখন কিন্তু আমাৰ আৱেগৰ দেৱাল নাছিল ।
আন্ধাৰে,পোহৰে আমি পথাৰখন নেদেখিছিলোঁ ,
মন গ'লেই আমি হাঁহিবোৰ, কান্দোনবোৰ ভগাই লৈছিলোঁ ।
হাতৰ দুমুঠিত সামৰি কত জাৰ , কত জহ
ৰঙচুৱা আখল এটি বুকুত বান্ধি
ওঁঠে-ওঁঠে কত কথা, কত গল্প ।
তোমাৰ পৰা মোলৈ এডাল অদেখা সাঁকো ,
তুমি আৰু মই নিতে আহোঁ,নিতে যাওঁ ।
এতিয়া পৰিসীমা নোহোৱাকৈ তোমাৰ ঘৰখন ঠিক মোৰ কাষত,
বহল পথাৰখনবা কোনখিনিত আছিল ?
সীমাই-সীমাই লাগি থকা ওখ দেৱালখনত কাণ লগালেও এতিয়াচোন তোমাৰ উমানকে নাপাওঁ ।
বেলিমুখীয়া সপোন এটা লৈ ঘৰবোৰ বাঢ়ি গৈ আছে ,
সিয়নিত শস্যৰ উদ্যান এখন সজাই বিশুদ্ধ বায়ু অকণ অৱৰুদ্ধ কৰি এটা কাঠচিতীয়া হাঁহি উৰি ফুৰিছে ।
ক্ষণিক আগতে হেৰুৱা সময়খিনিৰ বুকুতো কত আৱেগ হেৰাই গৈছে ,
একেদৰে নতুন সময়ে ওখ দেৱালবোৰ আৰু ওখ কৰি নিয়ে আছে ।
তুমি পাহৰিলা , কাইলৈ ময়ো পাহৰিম।
উত্তৰপুৰুষক ক'ব পৰাকৈ একো স্মৃতিয়ে নাথাকিব ।
তুমি মোৰ চুবুৰিৰ হ'লেও চিৰদিন আমি অচিনাকি হৈ ৰ'ম ।