Type Here to Get Search Results !

সম্পাদকীয়

ৰাতিপুৱা সোনকালে কেনেকৈ উঠিব পৰা হল


সৰু পৰাই শুনি আহিছো যে ৰাতিপুৱা সোনকালে উঠিব পাৰিলে সু-স্বাস্থ্যৰ লগতে পঢ়াটো বিশেষ সহায়ক হয়। বিভিন্ন জনৰ পৰা ইয়াৰ বহু উপকাৰিতা কথা জানিও কিন্তু মোৰ ছাত্ৰ জীৱন কালত সঁচা অৰ্থত কিন্তু সফল হ'ব পৰা নাছিলো। কিছু দিনৰ বাবে মনটো কোনোমতে বান্ধি ২/৩ দিন মান যেনেতেনে উঠো যদিও শেষত আকৌ একেই পৰ্যায় পায়গৈ। সোনকালে সাৰ পালেও মনত ভাৱ অকণমান শুই লও, উঠিম আৰু… তেনেকৈ কাটি হৈ শুই পৰোতে কেনেকৈনো ১ ঘন্টা সময় পাৰ হৈ যায় ধৰিবই নোৱাৰি। তেনেকৈ পুনৰ প্ৰস্তুতি কৰো যদিও পুনৰ একেই গতি মানে …বিফল।
  এনেকৈয়ে জীৱনৰ দিনবোৰ বাগৰি গৈ থাকোতে এদিন ইউটিয়ুবত এটা ভিডিঅ চকুত পৰিল। 'ব্ৰহ্ম মুহূৰ্তত উঠিলে কি ভাল হয়' ভিডিঅটোত টিপি দিলো, সাধাৰণতে চোৱা ভিডিঅৰ দৰে চাই গলো-কিবা এটাচোন ভাল লাগিল। কথাখিনিয়ে মন চুই গ'ল। মনতে ভাৱিলো কাইলৈ পৰা পুৱা সোনকালে উঠিম। ভবা মতে  ৪ বজাত উঠিব পাৰিলো। সেইযে আৰম্ভ কৰিলো তাৰ পাছত আজি পৰ্যন্ত ঠিক পুৱা ৩,৪৫ মানতে সাৰ পাও, তেনেদৰে ৪ বজাত বিচনা এৰিব পৰা হলো।
বাস্তৱ অভিজ্ঞতাৰ কথাখিনি যদি ফহিয়াই চাওঁ তেতিয়া এই কামত সফল হোৱাৰ কাৰক বোৰ এনে বুলি ভাবো-
১) প্ৰতি দিনৰ এই ব্ৰহ্ম মুহূৰ্ত খনিয়ে যে দিনটো শ্ৰেষ্ঠ সময় সেই কথাটো ভিডিঅটো যোগেদি উপলব্ধি কৰিব পাৰিলো।
২) সকলোৱে লাভৰ দিশটো চায়। অৰ্থাৎ সোনকালে উঠিলে অকল এটা দিশতে ভাল হয় তেনে নহয় সকলো দিশতে লাভ হয়(শৰীৰ, মন, আধ্যাত্ম লগতে আৰ্থিক) তাক বুজিব পাৰিলো। সেই বাবে উক্ত কামত সফল হলো।
৩) বাত, পিত্ত আৰু কফ এই ত্ৰিদোষ বিষয়ে জানিব পাৰি নিজৰ মাজত সঁচা পৰিবৰ্তন আহিল। এনেকৈ সোনকালে উঠিব পৰা হলো।
৪) জীৱনত সফল হ'বলৈ যে পুৱা সোনকালে শুই উঠা কথাটোৰ অধিক জড়িত হৈ আছে তাকো ভিডিঅটোৰ মাজেৰে অনুধাৱন কৰিলোঁ।
  জীৱনৰ এই সুঅভ্যাসে আমাক বহু উপকৃত কৰিব পাৰে তাকে ভাবি এই কথাখিনি আপোনালোকলৈও বুলি আগবঢ়ালো।

শ্ৰদ্ধাৰে-
অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১/১/২০২৩