Type Here to Get Search Results !

জীৱনৰ অকৃতকাৰ্যতাৰ স্মৃতিক সফলতালৈ ৰূপান্তৰিত কৰা ব্যক্তিজনঃ মাইকেল ফেৰাডে

 ৰঞ্জিত চুতীয়া


মাইকেল ফেৰাডেক আধুনিক কালৰ সবাতোকৈ প্ৰসিদ্ধ বিজ্ঞানী বুলি গণ্য কৰা হয়। বিশেষকৈ তেওঁ উদ্ভাৱন কৰা 'ফেৰাডে সূত্ৰ'ৰ সহায়তেই বৰ্তমানেও বিদ্যুতৰ সম্পৰ্কত অধ্যয়ন সম্ভৱ হৈছে। কিন্তু এই গৰাকী বিজ্ঞানীৰ জীৱন গাঁথা কেৱল বৈষম্যৰ বিৰুদ্ধে যুঁজ আৰু সাহসৰে ভৰা।
                     ১৭৯১ চনৰ ২২ চেপ্তেম্বৰত লণ্ডনৰ উপকণ্ঠীয় অঞ্চলৰ এটা দৰিদ্ৰ-পীড়িত পৰিয়ালত মাইকেল ফেৰাডেৰ জন্ম হৈছিল। সৰুৰে পৰাই তেওঁ আছিল খোনা। সেইবাবে বেলেগ ল'ৰা-ছোৱালীবোৰে তেওঁক হাঁহিছিল আৰু এই ক্ষেত্ৰত শিক্ষকসকলেও তেওঁক সহায় কৰিব পৰা নাছিল। বাৰ বছৰ বয়সত তেওঁৰ মাকে ফেৰাডেক স্কুলৰ পৰা উলিয়াই লৈ আনিবলৈ বাধ্য হ'ল আৰু সিমানতেই তেওঁৰ আনুষ্ঠানিক শিক্ষাৰো অন্ত পৰিল। তেওঁৰ গণিতৰ জ্ঞান আছিল একেবাৰে প্ৰাথমিক পৰ্যায়ৰ; কিন্তু স্বয়ং ফেৰাডেৰ মতে, গাণিতিক জ্ঞানৰ অভাৱেই যেন তেওঁক 'ক্ষেত্ৰতত্ব'ৰ বিকাশ ঘটাবলৈ সুবিধা কৰি দিছিল।
                       মাইকেল ফেৰাডে এজন সাধাৰণ গাঁৱলীয়া কমাৰৰ পুতেক আছিল। শিশুকালত তেওঁ যে ভৱিষ্যত এগৰাকী মহান বিজ্ঞানী হ'ব তাৰ কোনো লক্ষণ দেখা পোৱা নগৈছিল। ফেৰাডেৰ পৰিয়ালটো দৰিদ্ৰতাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। ওপজা গাঁওখনত জীৱন নিৰ্বাহৰ উপায় কৰিব নোৱাৰি মাইকেলৰ দেউতাকে কাম পোৱাৰ আশাত তেওঁৰ পৰিয়ালটোক লণ্ডনলৈ লৈ যায়। তৎসত্ত্বেও তেওঁলোকৰ ভাগ্য একেদৰেই থাকিল। সেই সময়ত সপ্তাহত মাত্ৰ এটা পাওৰুটীহে মাকে মাইকেলৰ বাবে অনুমোদন জনাইছিল। সোমবাৰে পোৱা সেই পাওৰুটীটো এটুকুৰা ৰাতিপুৱাৰ আৰু এটুকুৰা ৰাতিৰ আহাৰৰ বাবে প্ৰতিদিনে দুটুকুৰা হিচাপত মুঠ চৈধ্য টুকুৰা কৰি লৈছিল। এই অভিজ্ঞতা ৰোমন্থন কৰি তেওঁ কৈছিল যে এনেদৰে সাৱধানে চলিবলৈ শিকাটো এজন বিজ্ঞানীৰ বাবে এটা উৎকৃষ্ট প্ৰশিক্ষণ।
                      ১৮০৫ চনত তেৰ বছৰ বয়সতে ফেৰাডে কিতাপ বন্ধা  (Book binder) কাম কৰিবলৈ আৰম্ভ কৰিলে। দিনটোত এশখন কিতাপ 'বাইণ্ডিং' কৰে আৰু গোটেই ৰাতি সেইবোৰ পঢ়ে। তাতেই পঢ়িবলৈ হাবিয়াস কৰা সকলো কিতাপ-পত্ৰ তেওঁ অধ্যয়ন কৰে। তেনেকৈয়ে পঢ়াটো তেওঁৰ নিচাত পৰিণত হ'ল। ফেৰাডেৰ বিজ্ঞানৰ প্ৰতি ধাউতি, বিশ্বকোষ এখনত বিদ্যুৎ শক্তি সম্পৰ্কে তেওঁ পঢ়া এটা নিবন্ধৰেই ফল। বিদ্যুতৰ বিষয়টোত এয়া তেওঁৰ প্ৰথম আৰম্ভণি খোজ, পিছত গোটেই জীৱন যিটো বিষয়ে তেওঁক যাদুৰ দৰে মোহগ্ৰস্ত কৰি ৰাখিলে।
                     এদিনাখন তেওঁৰ এজন বন্ধুৱে লণ্ডনৰ ৰয়েল ইনষ্টিটিউচনত হ'ব লগা প্ৰখ্যাত ৰসায়নবিদ হামফ্ৰে ডাভেৰ এটা ৰাজহুৱা বক্তৃতা আৰু প্ৰদৰ্শনী চাবৰ বাবে বিনামূলীয়া টিকট এটা দিলে। ১৮১৮ চনৰ সেইদিনা ডাভেৰ বক্তৃতাৰ দ্বাৰা ফেৰাডে সম্পূৰ্ণৰূপে মন্ত্ৰমুগ্ধ হৈ পৰিছিল। বৈদ্যুতিক ক্ষেত্ৰত নিহিত থকা বলৰ বিষয়ে টোকা কিছুমানো তেওঁ লিখি গৈছিল। ডাভে তেওঁৰ আদৰ্শ হৈ পৰিছিল। ফেৰাডেই এজন ডাঙৰ বিজ্ঞানী হোৱাৰ সপোন দেখিছিল। কিন্তু বিজ্ঞানী এজন যোৱা বাটেৰে বাট বুলিবলৈ তেওঁৰ কোনো সামাজিক মৰ্যাদা, টকা-পইচা অথবা শিক্ষাও নাছিল। তেওঁ ভাবিলে, ডাভে যদি তেওঁৰ পৰামৰ্শদাতা হয়, তেন্তে তেওঁৰ আশা নিশ্চয় পূৰণ হ'ব। সেই লক্ষ্য আগত ৰাখি তেওঁ ডাভেৰ ওচৰলৈ গ'ল। কিন্তু প্ৰথম অৱস্থাত ডাভেই কথা বিলাক মানি লোৱা নাছিল। ফেৰাডেৰ উৎসাহক ডাভে অৱজ্ঞা কৰিছিল আৰু কিতাপ বন্ধা কামতে নিজক ব্যস্ত ৰাখিবলৈ উপদেশ দিছিল। ফেৰাডে নিৰাশ নহ'ল, চেষ্টা চলাই গ'ল।
                     কিছু বছৰৰ পিছত ডাভেৰ গৱেষণাগাৰটোত ঘটনাক্ৰমে ৰাসায়নিক পদাৰ্থবোৰৰ এক বিস্ফোৰণ সংঘটিত হ'ল আৰু চকুত আঘাত পাই সাময়িক ভাবে ডাভেই চকুৰে নেদেখা হ'ল। সেই সময়তে ফেৰাডেক তেওঁ সচিব হিচাপে ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। সুযোগ পাই  ফেৰাডেই দিনে-ৰাতিয়ে কাম কৰিবলৈ ধৰিলে আৰু ডাভেই কৰা গৱেষণাবোৰৰ পৰা যিমান পাৰে শিকিব চেষ্টা কৰিলে। খুব সোনকালেই ডাভেৰ বাবে ফেৰাডে অপৰিহাৰ্য হৈ পৰিল, ফেৰাডে নহ'লে ডাভেৰ নোহোৱাই হ'ল। ডাভে ফেৰাডেক গৱেষণাৰ সহায়ক হিচাপে পদোন্নতি দিলে। বৈজ্ঞানিক জীৱন আৰম্ভ কৰি ফেৰাডে অতি শীঘ্ৰেই ডাভেৰ পৰম বিশ্বাস ভাজন হৈ পৰিল।
                     এদিনাখন ডাভেই তেওঁৰ সহযোগী ৰসায়নবিদ উইলিয়াম ওলাষ্টনৰ সৈতে বিদ্যুত চুম্বকত্ব পুনৰ সৃষ্টি কৰা পৰীক্ষাটো কৰি আছিল, এডাল তাঁৰৰ মাজেৰে বিদ্যুত প্ৰবাহিত কৰিলে তাঁৰডালে চুম্বকৰ দৰে আচৰণ কৰে, কিয় আৰু কেতিয়া কৰে, সেইটো অনুসন্ধান চলাই আছিল। কিন্তু বহু পৰীক্ষা কৰাৰ পাছতো তেওঁলোক সফল হ'ব পৰা নাছিল। হতাশ হৈ পৰা ডাভেই ধেমালিতে ফেৰাডেক ক'লে, "ইমান দিন গৱেষণাগাৰটো চাফাই কৰাৰ দৰে ইয়াতো হাতটো লগাই চাচোন।"
                    কেইদিনমানৰ ভিতৰতে ফেৰাডেই সমস্যাটো সমাধান কৰি দিলে। অৱশ্যে ফেৰাডে তাতকৈও অলপ আগবাঢ়ি গ'ল আৰু তাৰ ফলশ্ৰুতিত আৱিস্কৃত হ'ল আৱেশৰ দ্বাৰা চলাব পৰা এক শক্তি ব্যৱস্থা (motor), যি বিদ্যুত প্ৰবাহক অবিৰত যান্ত্ৰিক গতিলৈ ৰূপান্তৰিত কৰিব পাৰে। ই লগে লগে বিপ্লৱৰ সূচনা কৰিলে। এটা সময়ত ঠাট্টা উপহাস কৰা ফেৰাডেৰ আৱিস্কাৰৰ গইনা লৈয়ে বৈদ্যুতিক পাংখা, শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ, চিলাই মেচিন, ফ'নগ্ৰাফ, মটৰ গাড়ী আনকি ৰেল গাড়ী আৰু বিমান চলাব পৰা যন্ত্ৰ প্ৰস্তুত কৰাটো সম্ভৱ হ'ল। ৰাতিটোৰ ভিতৰতে ফেৰাডে এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী হৈ পৰিল। কোনোৱে এতিয়া তেওঁৰ শিক্ষা আৰু সামাজিক অৱস্থাৰ ওপৰত প্ৰশ্ন নোতোলা হ'ল।
                     ফেৰাডে আছিল কোনো কামকে ত্যাগ নকৰা এটা মনোভাব আৰু ডাভেৰ প্ৰতি আছিল গভীৰ শ্ৰদ্ধা। ১৮২৯ চনত ডাভেৰ মৃত্যুৰ পিছত ফেৰাডে গৱেষণাগাৰটোৰ মুৰব্বী হিচাপে অধিষ্ঠিত হ'ল। তেওঁ যিকোনো গৱেষণাই স্বাধীনভাবে কৰিব পৰা হ'ল আৰু ইয়েই তেওঁক বহু বৈপ্লৱিক উদ্ভাৱন কৰিবলৈ সমৰ্থ কৰি তুলিলে। তেওঁ লক্ষ্য কৰিছিল, চুম্বক এটুকুৰা যদি লৰচৰ কৰি থকা হয় তেন্তে বিদ্যুত প্ৰবাহৰ সৃষ্টি হয়। এনেদৰেই তেওঁ এতিয়া গতিক বিদ্যুতলৈ ৰূপান্তৰিত কৰি বিদ্যুত উৎপাদন কৰা 'ডাইনামো' উদ্ভাৱন কৰিছিল। সকলো প্ৰকাৰৰ শক্তি উৎপাদন আজিকোপতি এই সূত্ৰকেই ব্যৱহাৰ কৰি অহা হৈছে।
                      সৌভাগ্যক্ৰমে ফেৰাডেই লগ পালে জেমছ মেক্সওৱেলক। মেক্সওৱেল আছিল পদাৰ্থ বিজ্ঞানত উচ্চ শিক্ষিত আৰু গণিতটো পাৰ্গত। মেক্সওৱেলে নিজে ফেৰাডেৰ লগত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। মেক্সওৱেলেই ফেৰাডেৰ ধাৰণাবোৰক কিছুমান গাণিতিক সমীকৰণলৈ ৰূপান্তৰ ঘটালে, যিবোৰ মেক্সওৱেলৰ সমীকৰণ নামেৰে জনাজাত। তেওঁলোক দুয়োজনে যুটীয়াভাবে যিবোৰ কাম কৰিলে সেইবোৰে আমাক বিভিন্ন দিশত সহায় কৰি আহিছে। তেওঁলোকৰ আৱিষ্কাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আজিকালি ইলেক্ট্ৰনিক্স আৰু কমিনিউকেশ্বন ব্যৱহাৰ নক্সা তৈয়াৰ হৈছে।
                     ১৮৫৭ চনত ফেৰাডেই বৈজ্ঞানিক কৃতিত্বৰ শীৰ্ষত উপনীত হৈছিল। কিন্তু তেওঁ খিতাপ আৰু সন্মানৰ প্ৰতি অনাসক্ত আছিল। মহান অধ্যাপক টিনডেলে যেতিয়া ফেৰাডেক "তেওঁৰ প্ৰজন্মৰ আটাইতকৈ বিচক্ষণ বিজ্ঞানী" আখ্যা দি তেওঁক ৰয়েল ছ'চাইটিৰ সভাপতিৰ পদ যাঁচিছিল, তেতিয়া ফেৰাডেই এই বিশেষ সন্মান প্ৰত্যাখ্যান কৰিছিল। তদুপৰি ইয়াৰ পাছত অহা সন্মানসমূহকো তেওঁ প্ৰত্যাখ্যান কৰিছিল। তেওঁ বিচাৰিছিল যে জীৱনৰ শেহলৈকে সাধাৰণ মাইকেল ফেৰাডে হৈ থকাতো।
                          ফেৰাডে এজন প্ৰবাদ পুৰুষৰ আছিল। ১৮৪০ চনত তেওঁ স্মৃতি শক্তি হেৰুৱাই পেলাবলৈ আৰম্ভ কৰিলে আৰু জীৱনৰ বাকী সময়ছোৱাও স্মৃতি শক্তি লোপ পোৱা প্ৰক্ৰিয়াটো চলিয়েই থাকিল। কিন্তু অসুখটোৱে তেওঁৰ গতি ৰুদ্ধ কৰিব নোৱাৰিলে; বৰঞ্চ নেৰানেপেৰাকৈ একেৰাহে গৱেষণাৰ কামত লাগিহে থাকিল। অৱশেষত জীৱনৰ লগত হাৰ মানি ১৮৬৭ চনৰ ২৫ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰিলে।
                   ফেৰাডে জীৱনটো বহু ঘাট-প্ৰতিঘাটেৰে আৰম্ভ হৈছিল, কিন্তু এজন মহান বিজ্ঞানীৰ দৰে প্ৰতিটো সংঘাতক তেওঁ অধ্যৱসায় আৰু দৃঢ় বিশ্বাসেৰে মুখামুখি হৈছিল।

                                    ৰজাধাপ, সোণাৰি
                                     ডাকঃ- সোণাৰি
                                    জিলাঃ- চৰাইদেউ
                                    পিন -৭৮৫৬৯০
                                 মোবাইল নং-৬০০০৫৭১৪৫২