Type Here to Get Search Results !

মৰমী মাহীৰ শাকনি

 ধীৰেন বৰঠাকুৰ


পিৰালি কাষতে মৰমী মাহীয়ে
     শাকনি এখন পাতিছে
লাই-লফা-পালেং ধনিয়া-বাবৰি
শাক আছে বিধে-বিধে।

লাই শাকৰেই ভালেমান জাতি
   মাহীয়ে সঁচ ৰাখিছে
প্ৰত্যেক বিধৰে আকৃতি-প্ৰকৃতি
দেখিয়েই মন মুহিছে।

চীনা-টকৌ-ক'লা বগা মেৰলাই
ছমহীয়া লায়ো আছে
শাৰী-শাৰী কৰি যেনেকৈ ৰুইছে
দেখিয়েই ভাল লাগিছে।

গৰমে-গৰমে লাই শাক ভজা
   খাই বৰ ভাল লাগে
হাঁহকণী দিয়া বাবৰি শাকৰ
    ভাজিখনো জুটি লাগে।

লফাশাক ঔটেঙা কাঠ আলু দিয়া
মাছৰ জোল ভাল লাগে
মাহীয়ে ৰান্ধিলে টকালি-টকালি
খাবলৈ মন গৈ থাকে।

চুকাশাক দিয়া মাছৰ টেঙা আঞ্জা
খাবলৈ অতিকে মজা
ফুল আৰু দিয়া খুতৰা শাকৰ
   ভাজিখন কেনে  পোৱা?

নহৰু-পিয়াজো দুপাতি-দুপাতি
মাহীয়ে কৰিছে জানা
তাৰে পাত ছিঙি কণী ভাজি দিয়ে
গোন্ধতে খাওঁ-খাওঁ লগা।

পূৰঠ মূলাৰে কাঠ মাছেৰে
     জালুকীয়া আঞ্জা ৰান্ধে
সেই খন খাই ঘৰ ঘৰোৱালে
  মাহীক সলাগি থাকে।

জলফাই পুৰি বাৰিৰ আলুৰে
   যিখন পিটিকা কৰে
ধনিয়া পাতৰ সুগন্ধিৰে সনা
   খাই বৰ মজা লাগে।

অলপ কষ্টতে সুন্দৰ শাকনি
  মাহীয়ে পাতিছে জানা
ঘৰখনে খাই আনকো বিলাই
   আনন্দ লভিছে জানা।