প্ৰগতি গগৈ চাংমাই
দুয়োখন ঘৰৰ সন্মতিত আৰাধ্যা আৰু অসীমৰ বিয়া ঠিক হ'ল। সকলো দিশ চালি-জাৰি চাই বহাগৰ এটি শুভ দিনত বিবাহৰ দিন ধাৰ্য কৰা হ'ল। বিয়াৰ দিন ঠিক হোৱাৰ পাছৰপৰাই প্ৰিয়াৰ গাত তত নাই। অসীমক কমখন নগুৰ-নাগতি কৰিছেনে? বিয়াত পিন্ধিবলৈ কাপোৰ কিনি দিবলগীয়া হৈছে । তাইৰ সৈতে ফুৰিবলৈ যাবলগীয়া হৈছে। মুঠতে তাইৰ কথা আখৰে আখৰে পালন কৰিছে অসীমে। দুয়োখন ঘৰৰ মাজত এজনীয়ে ছোৱালী। তাইৰ আবদাৰত কেতিয়াবা মনে মনে হাঁহি ও উঠে অসীমৰ। তেনেই সৰু ছোৱালী হৈ আছে যেন প্ৰিয়া। তাৰ ভণ্টী প্ৰিয়াজনী এনেকৈ থাকক সদায়--সুখেৰে; হাঁহি হাঁহি। এই আশা কৰে অসীমে।
ইফালে অসীম-আৰাধ্যাৰ বিয়া ঠিক হোৱা শুনি বিনয় খঙত জ্বলি উঠিল। সি যেন ইয়াৰ পোতক তুলিব। নিজৰ বিফল প্ৰেমক লৈ তাৰ দুখ আৰু খঙত হিতাহিত জ্ঞান হেৰুৱাই পেলালে। সি আৰাধ্যাক অপহৰণ কৰি আনি হ'লেও নিজৰ কৰিবলৈ বদ্ধপৰিকৰ হ'ল।তাৰ আৰাধ্যাক পোৱাৰ জেদ বাঢ়ি গ'ল। সিদিনা আৰাধ্যাৰ স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ শেষ দিন। সি আৰাধ্যাক যেনেতেনে সিদিনা নিজৰ কৰিবলৈ সাজু হ'ল। কলেজৰ পৰা পৰীক্ষা শেষ কৰি আৰাধ্যা আহি থকা দেখা পাই সি আগভেটি ধৰিলে। তাইৰ ফোনটোও বেগত। ঠাইডোখৰত মানুহৰ ঘৰো অলপ সেৰেঙা। টনা-আজোৰাত বেগটো পৰি থাকিল। তাই ফোনটো উলিওৱাৰ সুযোগেই নাপালে। তাইক বিনয়ে গাড়ীত তুলিবলৈ লওঁতে ক'ৰপৰা জানো অসীম ওলালহি, সিহঁতক ভালদৰে তুলা-ধূনা দিলে। সিহঁতে তৰ্কিবই নোৱাৰিলে। তাই আজিহে জানিলে অসীম যে কম্ফু মাষ্টাৰো। সিহঁতে তাৰ আগত ক'ত তিষ্ঠিব পাৰে? ভয়খাই ভৱিষ্যতলৈ এনে ভুল নকৰোঁ বুলি নিজেই উঠ-বহ কৰিলে। সিহঁতৰ অৱস্থা দেখি আৰাধ্যাৰ হাঁহি উঠিছিল যদিও হাঁহি সম্বৰণ কৰিলে। নহ'লে কথা আনফালে ঢাল খাব।
"ৱাহ্! মোৰ হিৰ'!"
"Absolutely -ব'লা, তোমাক ঘৰত থৈ আহোঁ।"
"ওম, ব'লা। কিন্তু এইবোৰ মাহঁতক ক'ব নালাগে। মিছাতে চিন্তা কৰি থাকিব। ''
'' মোক তুমি এতিয়াও বুজি পোৱা নাই আৰা? কিয় কম বাৰু? মোৰ ঘৰতো এইবোৰ ঘূণাক্ষৰেও গম নাপায়। নিশ্চিন্ত থাকা।"
"সেই কাৰণেইতো তোমাক ভাল লাগে।"
"ভালহে লাগে?"
"আৰু কিবা ক'ব লাগিব নেকি?"
"হ'ব মোৰ গোঁসানী, উঠা এতিয়া।"
তাইক ঘৰত থৈ অসীম গ'লগৈ। সঁচাকৈয়ে অসীম এক সুকীয়া সত্তা। আন কিছুমান ল'ৰাৰ দৰে সুবিধাবাদী নহয়। সি তাইক মৰম কৰাৰ লগতে সন্মানো কৰে। তাই বাৰে বাৰে অসীমৰ প্ৰেমত পৰে। পদূলিত ৰৈ তাই সি যোৱাৰ ফালে চাই ৰ'ল। ভায়েকৰ মাততহে তাই সম্বিত ঘূৰাই পালে।
"ভিনদেউ কেতিয়াবাই ঘৰ পালেগৈ। তইহে অথনিৰেপৰা পদূলিত ৰৈ আছ!"
ভায়েকৰ কথাত তাই লাজ পালে।