Type Here to Get Search Results !

বান্ধোন

 সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া


অজানিতে 
শিলৰ  চোলাটো  মেৰিয়াই  লওঁ 
হৃদয় জুৰাই, 
ছালখনত খেপিয়াই 
চিকুটি  চালেহে
বুজি পাওঁ 
শিপাবোৰ বগাবলৈ এৰিছে
তেজে তেজে ? 

শিলে শিলে অভ্ৰভেদি  
শৈলুৱৈ ধৰা
শিপাৰে ছানি ধৰে 
শিলাময় হিয়া , 
চৌদিশে সুবাসিত 
শিলৰ বতাহ  । 

তথাপিও 
শিলে শিলে ঠেকা খাই 
জহি জহি বয় যদি 
জীপাল নিজৰা, 
হৃদয়ে  হৃদয়ে   প্ৰৱাহিত  হ'ব 
তেজৰ সূঁতি  ।

আত্মীক বান্ধোনেৰে 
পুনৰুজ্জীৱিত হ'ব
মাটিৰ মানুহ, 
উৰ্বৰা হ'ব 
মাটিৰ পৃথিৱী  ।


শিৱসাগৰ 
ম'বাইল নম্বৰঃ৯১০১৪৩০৯২৬