Type Here to Get Search Results !

মৰলীয়া শাকৰ গুণাগুণ ও কেইটামান ব্যঞ্জন বিধি

 নৱাব নার্জী ইছলাম


   মৰলীয়া শাকৰ ব্যঞ্জন বিধি লিখাৰ আগতে এই শাকৰ বিষয়ে জানিবলৈ পোৱা কিছু কথা আপোনাসৱকো অৱগত কৰাৰ প্ৰয়োজন বোধ সামৰিব নোৱাৰিলো ৷

      মৰলীয়া শাকক কিছুলোকে থুঠনি শাক বোলে। এই শাক বাৰিষা কালত মৰি যায় আৰু খৰালি কালত গজে। ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে কম-বেছি পৰিমাণে এই শাকবিধ পোৱা যায়। এই শাক বিধৰ গা-গছ অতি কোমল হোৱাৰ উপৰি জোপোহা আকাৰৰ হয়। ইয়াৰ উচ্চতা ১০ ছেঃমিঃ পৰা ২০-২৫ ছেঃমিঃ হোৱা দেখা যায়। এই শাক বিধ পূৰঠ হ'লে আগত বগা ফুল ফুলে। মৰলীয়া শাক বিধ সচৰাচৰ বিভিন্ন খেতিৰ মাজে মাজে হোৱা দেখা যায়। খেতিৰ মাজে মাজে হোৱাৰ বাবে খেতিয়কৰ চকুত উপেক্ষিত অর্থাৎ 'নিৰাই” বুলি সমাজত প্ৰচলিত। স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এই শাক বিধৰ বিভিন্ন ঔষধি গুণ থকাৰ কথা বিভিন্ন উদ্ভিদ বিশেষজ্ঞ সকলে অৱগত কৰি আহিছে। এই শাক আঞ্জা কৰি খালে গাৰ বিষ, ভৰি-হাতৰ গাঠিৰ বিষ নাশ হয়। ভাজি খালে কিডনীৰ বিভিন্ন সমস্যাৰ উপকাৰ হয়। ইয়াৰ উপৰিও মূৰৰ বিষ, মূৰ কামোৰণি, যকৃত ৰোগ, কেচুঁমূৰীয়া ৰোগ নিৰাময়ৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা লয় । ইয়াৰ ওপৰিও ভৰি হাতত আঘাত পালে মৰলীয়া শাক খুন্দি আঘাত পোৱা স্থানত বান্ধি দিলে বিষ উপশম হয়। এই শাকক ইংৰাজীত কেইবাটাও নামেৰে অভিহিত কৰিছে; Starwart, Chick Wed, Stellafia Media, Mallotus albus, Mallotus tetracoccus ইত্যাদি। মৰলীয়া শাকৰ পৰা বিষৰ ঔষধ তৈয়াৰ হোৱাৰ কথা কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ মেটেৰীয়া মেডিকা আৰু থেৰা-পিউটিকমৰ প্ৰথম অধ্যাপক ডাঃ উইলিয়াম বৰিক এম. ডি. য়ে তেওঁৰ গ্ৰন্থ “মেদিকা”ত উল্লেখ কৰিছে। মৰলীয়া শাকৰ পৰা হোমিঅ'পেথিক Stellaria Media Q প্ৰস্তুত কৰা হয় ৷ মৰলীয়া শাক কোমল অৱস্থাত খাবলৈ বৰ সোৱাদ। তাহানিতে এই মৰলীয়া শাকৰ যুতি সম্পৰ্কত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই শলাগি লিখিছিল - “বুঢ়া গ'ল হাটলৈ, বুঢ়ীয়ে ধৰিলে নাচ। মোৰে মূৰ খাৱ বুঢ়া তই নিকিনিবি মাছ। মাছ কিনোতে মাছ কিনোতে টকা ক্ষয়, মৰলীয়াৰ খাৰটুপি অমৃত যেন হয়।”
    
       এতিয়া আহোঁ মৰলীয়া শাকৰ পৰা সহজে কৰিব পৰা কেইবিধ মান ব্যঞ্জনৰ বিষয়ে-
(১) মৰলীয়া শাকৰ কোমল আগৰ চাটনি :-প্রণালী শাকখিনি ভালদৰে পৰিষ্কাৰ কৰি প্রয়োজনীয় নিমখ, কেচা জলকীয়া, পূৰা জলফাই দি মিহিকৈ বাটি শীতৰ দুপৰীয়াৰ ভাত সাজৰ লগত উপভোগ কৰক ।
(২) মৰলীয়া শাকৰ খাৰ উপকৰণ ঃ- মৰলীয়া শাক ২ মুঠি, ৰহৰ দাইল এবাটি, কলাখাৰ ১ চাহ চামুচ, পিয়াজ মজলীয়া জোখৰ ১ টা, নহৰু ৭/৮ কুহামান, আদা এক ইঞ্চি মান, সৰিয়হ এক চাহ চামুচ, সৰিয়হ তেল চাহচামুচেৰে দুচামুচ, ঘৰতে শুকোৱাই লোৱা শাল-শ'ল মাছৰ যিকোনো এবিধ হ'লে ভাল হয়। মাছ নিদিয়াকৈয়ো ৰান্ধিব পাৰে ।
  
      প্রণালী- প্রথমে দাইলখিনি বাচি, ধুই পৰিষ্কাৰ পানীত অলপ সময় তিয়াই ৰাখি কোমলাই লওঁক । মৰলীয়া শাকখিনিয়ো ধূই মিহিকৈ কুটি লওঁক । এতিয়া কেৰাহীত তেল গৰম কৰি থেঁতালি লোৱা পিয়াজ, নহৰু ৰঙচুৱাকৈ ভাজি তাতে বাটিলোৱা সৰিয়হ আদা দি কুটিলোৱা শাক আৰু আৰু দাইলখিনি দি ভালদৰে লৰাই থাকক । এতিয়া শাক আৰু দাইলৰ পানী শুকাই যোৱাযেন হলে প্রয়োজনীয় পানী, নিমখ আৰু পানীত গুলি লোৱা খাৰ চামুচ দি ঢাকোন মাৰি কিছুক্ষণ কম জুইত সিজিবলৈ দিব। আধা সিজা যেন অনুমান হ'লে শুকান মাছৰ টুকুৰা কেইটা (ভালদৰে ধুই) তাত দি দিব আৰু ঢাকোন গুচাই ভালদৰে উতলাই ওপৰত ধনিয়া পাত আৰু কেচাঁজলকীয়া দি দুপৰীয়া গৰম ভাতৰ লগত তৃপ্তিৰে খাওঁক। (খাৰ দিয়া আঞ্জা নিশা নোখোৱা ভাল ৷ (৩) মৰলীয়াশাক আৰু খোৱা আলুৰ ভাজিৰ উপকৰণঃ- মৰলীয়া শাক এমুঠি, মোৱাআলু (কণ আলু) এবাতি, নিমখ হালধি, তেল আন্দাজমতে, কেইটামান নহৰু, আদা আৰু কেঁচাজলকীয়া স্বাদ অনুসাৰে লব। (আলুৰ সলনি সিদ্ধ বুটমাহ ল'ব পাৰে)
   
       প্রণালীঃ-শাকখিনি ভালদৰে বাছি ধুই মিহিকৈ কুটি লব। শাকখিনিৰ দৰে সৰু আলুখিনি কেইবাবাৰো ধুই পৰিষ্কাৰ কৰি দুফাল দুফাল কৈ কাটি ল'ব। এতিয়া এখন কেৰাহিত তেল গৰম হ'বলৈ দি পাঁচফুৰন দুটামান আৰু থেতেলিয়াই লোৱা নহৰু ফুটা ভাজি গন্ধ ওলাবলৈ দি তাতে শাক, আলু, জলকীয়া, আদা, নিমখ, হালধি সকলোখিনি উপকৰণ দি ভালদৰে মিহলাই ঢাকোন মাৰি কম জুইত সিজিবলৈ দিব। পৰাপক্ষত সঘনাই লৰাই থাকিব । সিজিলে গৰম ভাত বা ৰুটি, পৰঠাৰ লগত পৰিবেশন কৰক ।

      মৰলীয়া শাক জীয়া আঁৰি, বৰালি, গৰৈ, তেলধৰা কাৱৈ মাছ আদিৰ যিকোনো এবিধৰ সৈতে বিলাহী দি ৰান্ধিলে বৰ তৃপ্তিদায়ক হয় । (খৰালি দিনত উপভোগ কৰিবলৈ নাপাহৰিব ।

শেষত, মৰলীয়াৰ প্ৰেমত লিখিলো দুশাৰী
আপোনমনে গজি উঠা মৰলীয়াক
নিদিবা নিৰাই অপতৃণ বুলি
বতৰৰ শাক হৈ মৰলীয়াই দিব জানে
জিভাত যুতি শৰীৰত শক্তি
তাহানিতে ৰসৰাজ বেজবৰুৱাদেৱে লিখিছিল
“মৰলীয়াৰ খাৰটুপি অমৃত যেন হয়।”

বৰতল, নাজিৰা