Type Here to Get Search Results !

পগলা ফাগুন

 ৰূপজ্যোতি চাংমাই, শিৱসাগৰ


অ’ ফাগুন 
তইয়ে বোলে পগলা ফাগুন !

প্ৰাপ্তি-অপ্ৰাপ্তিৰ দোমোজাত কিমান যে, আৱেগ বুকুতে ৰ’ল 

অহমিকাৰ কোলাত কিমান যে, সপোন সপোনহৈয়ে ৰ’ল

ধুলি-ধুষৰিত ফাগুনৰ কিমান পছোৱাই মন কোবাই গ’ল

তথাপি পলাশৰ ৰঙেৰে উদ্ভ্ৰান্ত হোৱাৰ সময়

আজিও মদাৰৰ চকুলোৰ দৰেই মৌন হৈয়ে ৰ’ল 

অ’ তইয়ে বোলে পগলা ফাগুন...!