গীতাঞ্জলি দেৱী
মোৰ লগে-লগে বিকিও অফিচ ৰূমৰ পৰা ওলাই আহিল । তাই দুৱাৰৰ তলাটো বন্ধ কৰাৰ সময়কণ মই তাইৰ কাষত ৰৈ দিলোঁ । শীতল বতাহ এছাটিয়ে আমাৰ দুয়োকে চুই গ'ল । বতাহ জাকৰ লগতে বিকিয়ে ব্যৱহাৰ কৰা Ramsons ৰ "Rhythm" নামৰ পাৰফিউমটোৰ মিঠা সুগন্ধটো আহি মোৰ নাকত লাগিলহি । আহ্ কি যে সুগন্ধি !মোৰ শিৰে-শিৰে যেন সোমাই গ'ল সেই সুগন্ধি ।
:: ঠাণ্ডা, ঠাণ্ডা লাগিছে নহয়নে বাইদেউ ?
:: ওঁম , ঠাণ্ডা আহিছে আৰু লাহে-লাহে । বতাহজাক আজি বেছ চেঁচা-চেঁচা লাগিছে ।
দীঘল বাৰাণ্ডাখনেৰে আমি দুয়ো আগবাঢ়ি গৈ থাকিলোঁ । বিকিয়ে মোৰ হাতৰ পৰা মোবাইলটো লৈ ক্ষন্তেক ৰৈ গ'ল আৰু লাইটৰ পোহৰত টিপি টিপি মই অলপ সময়ৰ আগলৈকে বজাই থকা গানটো উলিয়াই পুনৰ বজাবলৈ ধৰিলে । মই জানো , বিকিয়ে সেই গানটো বৰ ভাল পায় । ইতিমধ্যে সদায় লোৱাৰ দৰে মোৰ বেগটো তাই নিজৰ হাতলৈ লৈ লৈছিল । বাৰাণ্ডাখনৰ পৰা নামি অফিচৰ গেটখনলৈকে আগবাঢ়ি যাওঁতে আমি নাইট চকিদাৰ বিক্ৰম আৰু জিতু দুয়োকে লগ পালোঁ ।
:: গুড ইভিনিং মেম ।
সিহঁত দুয়োটাই মোক একেলগে ক'লে । হাঁহি এটা মাৰি মইও সিহঁতক প্ৰত্যুত্তৰ দি সুধিলোঁ -
:: আহিলা ?
দুয়োটাই শলাগ লৈ ষ্টেপত ভৰি থৈ বাৰাণ্ডাত উঠিলগৈ । মই মন কৰিলোঁ, মোক সম্ভাষণ জনালেও বিক্ৰমে কিন্তু বিকিলৈহে চাইছিল আৰু তাইলৈ চাই-চায়েই সি পাৰ হৈ গৈছিল । তাৰ চাৱনিটো নাৰী হিচাপে মোৰ চিনাকি । কিবা এটা ভাল লগা । আকুলতা থকা ধৰণৰ হয় । বিকিয়ে সিহঁতলৈ চাই অলপ হঁহাৰ দৰে কৰিলে মাত্ৰ । মই বিকিক জানো । তাই সততে কাকো প্ৰশ্ৰয় নিদিয়ে । মোৰ স'তে তাই নিজৰ প্ৰেম-ভালপোৱাৰ কথা নাপাতে যদিও এদিন মই এনে এটি প্ৰসংগত জোকাওঁতে তাই মোক কৈছিল যে তাইৰ এজন প্ৰেমিক আছে । সি এজন ফুটবল খেলুৱৈ । ইন্টাৰ ষ্টেট খেলে । সি ইয়াত নাথাকে । বৰ্তমান গুৱাহাটীত খেলৰ অনুশীলনত ব্যস্ত হৈ আছে । বিকি নিজেও এজনী ভাল এথলীটিকচ্ । খেলৰ যোগ্যতাৰ বাবে তাই চাকৰিটো পোৱাত সুবিধা হৈছিল । খেলৰ বাবে তাই অসমৰ বাহিৰলৈ যাবলৈও সুবিধা পাইছিল । তাইৰ দেহৰ কমনীয়তাৰ মাজে-মাজে খেলুৱৈ সুলভ চেহেৰা বিৰাজমান ।
ইটো- সিটো কথা পাতি-পাতি তাই মোৰ লগে-লগে আহি মোৰ কোৱাৰ্টাৰ পালেহি । মই জানো , এতিয়া তাই মোৰ হাতৰ একাপ চাহ খাব । তাৰ আগতে তাই মোৰ ল'ৰা , পাঁচ বছৰীয়া অংকিতৰ স'তে খেলিব । সি যি কয় তাই তাকে কৰিব । তাৰ স'তে তাই এতিয়া একেবাৰে সৰু হৈ যাব । ঠিক যেন তাৰ বয়সৰে । দুয়োটাই হাঁহি-হাঁহি , দৌৰি-ঢাপৰি মুঠতে ঘৰখন বেছ হুলস্থুলীয়া কৰি পেলাব ।
:: অংকিত … অং কি ত …
ঘৰৰ সন্মুখৰ গেটখনৰ ওচৰৰ পৰাই বিকিৰ চিঞৰ আৰম্ভ হৈ গ'ল । তাইৰ মাত শুনি অংকিতো দুপ-দুপাই দৌৰি ওলাই আহিল ।
::বিকি মাহী , মা … অংকিতে আমাক দেখি জঁপিয়ালে । তাৰ মুখত ভূৱন ভূলোৱা হাঁহি … ।
দৌৰি যোৱা দি গৈ বিকিয়ে তাক কোলাত তুলি ল'লে । দুগালত দুচুমা দি , তাক বিভিন্ন কথা সুধি- সুধি তাই ভিতৰলৈ সোমাই গ'ল ।
গা-পা ধুই, গোসাঁই সেৱা কৰোঁ মানে বিকি আৰু অংকিতৰ মাজত বেছ জমি উঠিছিল । মই কিবা-কিবি খোৱা বস্তুৰে স'তে চাহ দুকাপ বনাই লৈ সিহঁতৰ ওচৰলৈ আহি দেখিলোঁ যে শোৱা কোঠাৰ গোটেই মজিয়াখনতে চেদেলি -ভেদেলিকৈ অংকিতৰ খেলা বস্তুবোৰ পৰি আছে । তাৰ মাজতে বিকি বহি আছে । অংকিত বিকিৰ ওচৰত থিয় হৈ আছে । তাৰ হাতত এটা চকলেট । সেইটো নিশ্চয় বিকিয়ে তাক দিছে । বিকিয়ে খেলনা সোপাৰ মাজতে মজিয়াতে বহি জোৰা দি লগাব পৰা ৰঙা-নীলা ডবাৰ প্লাষ্টিকৰ ৰেল গাড়ীখনৰ ডবাবোৰ জোৰা লগাই- লগাই অংকিতক কিবা-কিবি কৈ আছে ।
এইজনীয়েই বিকি । সৰু ল'ৰা-ছোৱালীৰ কাৰণে মৰিব পাৰে । কিমান দিননো হৈছে তাই এই অফিচটোলৈ অহা ? মোৰ স'তে , মোৰ পৰিয়ালৰ স'তে তাইৰ আত্মীয়তা গঢ় লৈ উঠা ? ভাবিলেই আচৰিত লাগে ! আমিহে নালাগে অফিচৰ প্ৰতিটো ব্ৰাঞ্চতে বিকিক ভাল নোপোৱা মানুহ এজনো নোলাব । যি কোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰা বিকি যথেষ্ট সাহসীও ।
এদিন কাৰোৱাৰ বুলেট এখন অকলে চলাই বেংকৰ পৰা অহা বিকিক দেখি অংকিতৰ দেউতাকে মোক আহি কৈছিল -
:: বুজিছা , এইজনীয়ে পঞ্জাৱবডী ট্ৰাকো চলাব ।
মোৰ মনত আছে , বিকিক এদিন কৈছিলোঁ ,
:: তোৰ এটা বেলেগ ধৰণৰ নিজস্বতা আছে । মানে পাৰচ'নেলিটি । যিটো সততে সকলোৰে মাজত দেখা পোৱা নাযায় । সেইটো সদায় ধৰি ৰাখিবি দেই ।
তাইৰ কথা কোৱাৰ ধৰণটোৱেই সকলোকে মোহিত কৰে । হাঁহিটো তাইৰ প্ৰথম পৰিচয় । কথাৰ মাজত ৰস সানি ক'ব পৰাটো তাইৰ দ্বিতীয় পৰিচয় । কথা আৰু ব্যৱহাৰত ফূটি উঠা মৰমসুলভ , নিভাঁজ আন্তৰিকতা তাইৰ তৃতীয় পৰিচয় আৰু যথেষ্ট মনোবল , সাহস যেন তাইৰ চতুৰ্থ পৰিচয় । মুঠতে এনেকুৱা ব্যক্তিত্বৰ ছোৱালী মই মোৰ জীৱনত কেতিয়াও লগ পোৱাই নাছিলোঁ আৰু এতিয়াও পোৱা নাই ।
কেৱল ময়ে নহয় , যি জনে এবাৰ বিকিক লগ পাইছে , তেওঁ তাইক পাহৰিব নোৱাৰে । মোৰ মনত আছে । আনবাৰৰ দৰে সেইবাৰো অংকিতৰ জন্মদিন বেছ উলহ-মালহকৈ পাতিছিলোঁ । এশ/ডেৰশ মানুহৰ হিচাপত মই আৰু মোৰ মানুহজনেই মিলি ৰন্ধা-বঢ়া কৰিছিলোঁ । সেই সময়ত মোৰ এজনী বনকৰা ছোৱালী এজনী আছিল যদিও বিকিয়েও পুৱাৰে পৰা আদা-নহৰু গুচোৱাকে ধৰি ভালেমান কাম কৰি আমাক সহায় কৰি দিছিল আৰু দুবাৰমান চাহ বনাইও আমাক খুৱাইছিল । তাৰমাজতে তাই অংকিতৰ আব্দাৰবোৰৰো জোৰা মাৰিছিল ।
অংকিতৰ সেই জন্মদিনটোত মোৰ দুয়োখন ঘৰৰ পৰা পৰিয়ালৰ কেইবাজনো লোক আহিছিল । দুই-তিনি বজাৰ পৰা মোৰ কোৱাৰ্টাৰটো নিমন্ত্ৰিত অতিথিৰে ভৰি পৰিছিল । মোৰ ব্যস্ততাৰ সীমা নাই । ঘৰৰ মানুহখিনি সদায় ঘৰৰে , সেই ভাবিয়েই কামবোৰ আৰু বাহিৰৰ আলহী-অতিথি সকলক শুশ্ৰূষা কৰাত মই ব্যস্ত হৈ পৰিছিলোঁ । মাজে-মাজেহে মই আমাৰ দুয়োটা পৰিয়ালৰ লোকসকলৰ লগত এষাৰ-দুষাৰ কথা পাতিব পাৰিছিলোঁ । আমাৰ দুয়োখন ঘৰৰ পৰিয়ালৰ লোক সকলৰ লগত বিকিয়েই কথা বতৰা পাতি তেখেতক সকলক আপ্যায়িত কৰাত ব্যস্ত হৈ পৰিছিল । । মুঠতে কম সময়ৰ ভিতৰত বিকি তেখেতসকলৰ সকলোৰে আপোন হৈ যেন পৰিছিল।
ব'হাগ মাহ । গতিকে বেলিটোও সোনকালে যাব খোজা নাছিল । প্ৰায় পাঁচ বজাত মোৰ ডাঙৰ জাঁ গৰাকী , বৰজনা, ভতিজা আৰু জাঁৰ মাক যাবলৈ সাজু হৈছিল । তেখেত সকলক বিদায় দিবলৈ বুলি আমি সকলো ঘৰৰ বাহিৰলৈ ওলাই আহিছিলোঁ । আমাৰ লগে-লগে বিকিও ওলাই আহিছিল । গাড়ীত উঠাৰ আগে-আগে আমাৰ সকলোকে মাত লগাই ডাঙৰ জাঁ গৰাকীয়ে কৈ উঠিছিল -
:: গীতা, এইবাৰ ঘৰলৈ যাওঁতে বিকিকো লগতে লৈ যাবাচোন । ইমান ভাল লাগিল তাইক লগ পাই । বৰ ভাল ছোৱালী দেই । তোমাৰেই ভাগ্য দিয়া , ইমান ভাল ছোৱালী এজনী লগ হিচাপে পাইছা !
বিকিলৈ চাইও তেওঁ কৈছিল -
:: বিকি তুমি যাবা দেই । যাবাই কিন্তু । ইমান কম সময় লগ পালোঁ তোমাক । বহুত পুৰণা চিনাকি যেন লাগিল । কিন্ত, বেছি সময়হে কথা পাতিবলৈ নহ'ল । তোমাক ভালকৈ লগ পাবৰ মন গৈছে । আহিবা ।
জাঁজনীৰ মাকেও বিকিৰ কাষলৈ আহি গাত হাত বুলাই কৈছিল -
::ইমান ভাল লাগিল তোমাক লগ পাই । তুমি যাবা দেই আমাৰ ঘৰলৈ । মইও মাতিছোঁ তোমাক ।
এই যে আন্তৰিকতা ,আদৰ আৰু চেনেহ আনৰ পৰা সততে আদায় কৰিব পৰা বস্তু কিন্ত নহয় । আন এজনৰ মনৰ বাট কাটি-কাটি নিজে নিগাজীকৈ বহি ল'ব সকলোৱে কিন্তু নোৱাৰে । আমি বহুতকে লগ পাওঁ । ইজনে-সিজনক মানৱীয়তাৰ বাবে আন্তৰিকতাৰে সৌহাদ্যপূৰ্ণ ব্যৱহাৰো কৰোঁ । সেই সেয়া এক নিৰ্দিষ্ট সময়লৈকেহে থাকে । পাছত কিন্ত পাহৰি যাওঁ । সকলোৱে মনত নিগাজিকৈ ঠাই এডোখৰ ল'ব নোৱাৰে । আৰু মনত নিগাজীকৈ বহি লোৱা জনক পাহৰিব পাৰি জানো? নিশ্চয়কৈ নোৱাৰি । বিকিও ঠিক তেনে ধৰণৰেই এজনী ছোৱালী ।
কিন্তু ইমানখিনি গুণেৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা ছোৱালীজনীৰ মনত কিন্তু এক প্ৰকাৰ হতাশাই ঠাই লৈছিল । সেয়া তাই কাকো জানিবলৈ দিয়া নাছিল । এক অস্থিৰ, দুবিধাত পাৰ কৰা তাইৰ জীৱনৰ অন্য এক অধ্যায়ৰ স'তে মই চিনাকি হ'বলৈকে নাপালোঁ । যিদিনা তাইৰ শৰীৰটো নিথৰ হ'ল ,সিদিনা পগলাৰ দৰে হৈ পৰিছিলোঁ মই । হাজাৰটা প্ৰশ্ন , হাজাৰটা কিয় মোৰ সন্মুখত থিয় হৈ মোক তিৰস্কাৰ কৰিছিল । হাজাৰ প্ৰশ্নই মোক থকা-সৰকা কৰি পেলাইছিল ।
মোৰ ডাঙৰ জাঁ ইন্দিৰা আৰু মই খুবেই ভাল বান্ধৱী । আমি সকলো কথাই খোলাকৈ পাতোঁ । সেই বৌক মই ফোন কৰি কথাবোৰ জনাইছিলোঁ । কথাবোৰ কওঁতে-কওঁতে কান্দি-কান্দি মই মাত হেৰুৱাই পেলাইছিলোঁ । মই অনুভৱ কৰিছিলোঁ বৌয়েও মোৰ কথাবোৰ শুনি চক্ খাই উঠিছিল । তেওঁৰ মুখৰ শব্দবোৰো যেন হেৰাই গৈছিল । তেওঁ মাত্ৰ মোক কৈছিল -
:: তুমি খুবেই ভাগি পৰিছা । কিমান মৰম আৰু আন্তৰিকতা থাকিলে ইজনৰ ওচৰৰ পৰা আনজন আঁতৰি গ'লে মানুহে ইমান মনোকষ্ট পাব পাৰে মই বুজিছো । নাকান্দিবা । পাৰা যদি মোৰ ওচৰলৈ গুচি আহাঁচোন ।
বৌয়ে জানিছিল " বিকি " মোৰ কিমান মৰমৰ ? বিকি মোৰ বাবে কি ?
আগলৈ……৩