Type Here to Get Search Results !

দেশী জনগোষ্ঠীৰ বিষমা বা বিষুৱা

 নাছিৰ আহমেদ 


চ'ত-ব'হাগৰ দোমাহী ; যাক মহা বিষুৱ বা চ'ত সংক্ৰান্তি বুলি কোৱা হয়, অবিভক্ত গোৱালপাৰা জিলা তথা দেশী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত ইয়াক চ'ত বিষমা বা বিষুৱা উৎসৱ বুলি কোৱা হয়। এই চ'ত বিষমা বা বিষুৱাৰ দিনাই কেঁহা, টেঙা, জ্বলা,নিমখীয়া আৰু মিঠা এই পাঁচ বিধ ঘৰৰ সকলোৱে খায়। আৰু ঘৰৰ সন্মুখৰ দুৱাৰৰ ওপৰৰ পাৰিত তিঁতা গছৰ ঠাৰি ( নিমগছ আৰু কেঁহৰাজ গছ) পাতেৰে সৈতে ওলমাই ৰাখে। দেশী জনগোষ্ঠীয় ( হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ)লোক সকলে বিশ্বাস কৰে যে, এনেকৈ তিঁতা গছৰ ঠাৰি ওলমাই ৰাখিলে জ্বৰ -জাৰি বা অপায় -অমঙ্গল আদি নহয়। 
ব'হাগ বিহু বা ৰঙালী বিহুত পথাৰত বা মঞ্চত নানা যৌৱনোদৃপ্ত লয়লাস ভংগীৰে নৃত্য-গীত প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে দেশী জনগোষ্ঠীয়ে ইয়াক মেলামুখী উৎসৱলৈ পৰিণত কৰে আৰু এই উৎসৱটি একেৰাহে সাতদিন ধৰি উদযাপন কৰে।চ'ত সংক্ৰান্তিৰ দিনক চ'ত বিষমা বা বিষুৱা আৰু শেষৰ দিনৰ উৎসৱটিক সাত বিষমা বা বিষুৱা উৎসৱ বুলি কোৱা হয়।
এই চ'ত সংক্ৰান্তিৰ দিনৰ পিছৰ পৰাই একেৰাহে সাতদিন ধৰি চড়ক মেলা বা পূজা নামেৰে মহা ধুমধামেৰে উদ্ যাপন কৰা হয়। এই চড়ক মেলা বা পূজা দেশী জনগোষ্ঠীৰ সামূহিক পূজা অনুষ্ঠান বুলি কব পাৰি। প্ৰায় দহ-বাৰজনীয়া দলটোৰ মূলটোক চৰ্কেয়া বুলি কোৱা হয় আৰু তেওঁৰ নিৰ্দেশনাতেই সাতদিন জুৰি পূজা -উপাসনা অনুষ্ঠিত হয়।
প্ৰথম দিনা ভক্তি সহকাৰে ৰাতিপুৱাৰ ভাগত দেওবংশীয়ে ঘট স্থাপন কৰে আৰু ঘটত আমৰ পাত, আৰু এৱা সুতা আৰু সেন্দূৰ দিয়া হয়। তাৰ পিছত দলটিয়ে ঢাক-ঢোল বজাই বজাই বজাৰত গৈ আৰু ধানৰ বীজ কিনে। ইয়াক " বাজাৰ কৰা" বুলি কোৱা হয়।
ৰাতি ভাগত ঘট স্থাপন কৰা মণ্ডপটোৰ সন্মুখ ভাগত দলবোৰে হাল বোৱা, ধান কটা অনুষ্ঠান কৰি দেখুৱায়।
অনুষ্ঠানবোৰত নৃত্য-গীত আদি প্ৰদৰ্শন কৰি এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰা হয়। এই অনুষ্ঠানতে অবিভক্ত গোৱালপাৰা জিলা তথা দেশী জনগোষ্ঠীয় অধ্যুষিত অঞ্চলসমূহত অতি জনপ্ৰিয় উল্লেখযোগ্য "গোৱালিনী নৃত্য " পৰিৱেশন কৰা হয়। গোৱালিনী নৃত্যৰ তালে তালে নৰ্তকী সকলে পৰম্পৰাগত পোছাক পৰিধান কৰি গোৱালিনী গীত পৰিৱেশন কৰে। যেনে," গোৱালিনী, গোৱালিনী হাটিয়া আইসে ধীৰে,
ৰাজাৰ বেটা কানায়া তোক কেনেবা ডাকাইছে।
গোৱালিনী গোৱালিনী তোৰ মাথাত চাদৰ,
গোৱালিনী নাচ কৰে বাংলাৰ ভিতৰ। " ইত্যাদি।
দ্বিতীয় দিনাখন ধান মৰণামাৰা, বাৰা ভুকা ( ধেঁকী খুন্দা) আৰু লখখী ঘৰত থোৱা কাৰ্য চোতালত বোকা মাটি কৰি মাটিয়া খেল খেলোৱা হয়।
তৃতীয় দিনা কাঁটা ভাঙা কাৰ্য যেনে ৰভাতলৰ একাষে শ্মশান কালীৰ প্ৰতীক কলগছৰ জোপাৰ তলত কাঁটাৰ (কাঁইট) ডালবোৰ ৰাখি তাৰ ওপৰেদি খোজ কাঢ়ি যোৱা, বাতৰি খট দি যোৱা লগতে গদা ঘূৰাই ঘূৰাই বিভিন্ন সংলাপ আৰু কথোপকথনেৰে গোটেই অনুষ্ঠানটি হাস্যমুখৰ কৰি তোলা হয়।
চতুৰ্থ দিনা মাছ মৰা,বাঘ ধৰা আৰু মৰা মানুহক জীওউৱা দৃশ্য পৰিৱেশন কৰি এটি আনন্দমুখৰ আৰু লগতে ৰোমাঞ্চকৰ পৰিৱেশ সৃষ্টি কৰা হয়।
পঞ্চম দিনাখন চণ্ডীকাছ। চণ্ডীয়ে মুখত মুখা,হাতত তৰোৱাল, ডিঙিত নৰ মুণ্ডৰ মালা পৰিধান কৰি নৃত্য কৰে। ষষ্ঠ দিনাখন সতী পাৰ্বতী -শিৱৰ বিয়া বিয়া আৰু নাৰদে এই বিয়াৰ ঘটকালি কৰে। শেষৰ দিনাখন হয় চড়ক ঘূৰা।
সাতদিন ধৰি উদযাপন হোৱা এই মেলামুখী উৎসৱলৈ দেশী জনগোষ্ঠীৰ জাতি -ধৰ্ম-বৰ্ণ -নিৰ্বিশেষে সকলোৱে মিলি জুলি সম্পূৰ্ণ ৰূপে অংশ গ্ৰহণ কৰে। কেৱল পূজা -উপাসনাৰ লগত জড়িত অনুষ্ঠানসমূহত দেশী জনগোষ্ঠীৰ মুছলমান সকলে পৰিহাৰ কৰে যদিও বাকী সকলো অনুষ্ঠান, লোক নৃত্য-গীত আদি সাংস্কৃতিক অনুষ্ঠানসমূহত সমানে সমানে অংশ গ্ৰহণ কৰে।
মেলাত গৰম গৰম জিলাপী, ৰসগোল্লা সন্দেশ আদি মিঠাই জাতীয় খাদ্য সামগ্ৰী আৰু সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ বাবে বিভিন্ন ধৰণৰ পুতলা,জুনুকা আদি , বিভিন্ন আচবাব-পত্ৰ আৰু প্ৰসাধন-সামগ্ৰীৰ কিনা-বেচা চলে । মুঠতে এই বিষয়া বা বিষুৱা উৎসৱৰ জৰিয়তে দেশী জনগোষ্ঠীয় অঞ্চলসমূহত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। তাৰ লগতে দেশী জনগোষ্ঠীৰ লোকসকলে অসমৰ মূল সুঁতিৰ লগত জড়িত হৈ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুয়ো উলহ-মালহেৰে উদ্ যাপন কৰে।
সংক্ষেপে দেশী জনগোষ্ঠীৰ অতি আদৰৰ জাতীয় উৎসৱ বিষমা বা বিষুৱা উৎসৱ সম্পৰ্কে আলোকপাত কৰা হ'ল।

শিমলাবাৰী গোৱালপাৰা।
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০৫