প্ৰগতি গগৈ চাংমাই
লাহে লাহে আৰাধ্যাৰ প্ৰতি যেন ঘৰখনৰ মানুহবোৰৰ মনটোত কিবা এটা আকৰ্ষণ কমি আহিছিল। আগৰ দৰে সকলোৱে মৰম নকৰা হৈছিল। অসীমৰ মাকেও তাইক দুই এটা কথা শুনাইছিল। তাই বুজি পোৱা নাছিল কিয় এনে হৈছে? তাইক ইমান মৰম আদৰ কৰা মানুহবোৰ হঠাতে সলনি হ'ল। তেওঁলোকৰ অস্বাভাৱিক ব্যৱহাৰৰ কাৰণ জানিবলৈ তাইৰ মন উদগ্ৰীৱ হৈ পৰিল। তথাপি তাই নিজৰ কৰ্ম সময়মতেই কৰি গ'ল। পুৱা উঠি আগৰ দৰেই বাহী বন কৰি পাকঘৰৰ সকলো কাম-কাজ কৰে। মনটোকহে তাই সান্তনা দিব পৰা নাই।
এই বিষয়ে তাই অসীমক একো কোৱা নাই। কাৰণ তাৰ উপস্থিতিত ঘৰৰ আন মানুহে একো নকয়। এইবোৰ কথা কৈ তাৰ মন ভাঙিবলৈ তাইৰ মন নাযায়। তাই নিবিচাৰে তাইৰ বাবেই ঘৰৰ সদস্যৰ মাজত কন্দল হওক। এদিন নিশ্চয় আকৌ আগৰ দৰেই সকলোৱে তাইক মৰম কৰিব, সকলো ঠিক হ'ব- এই ভাবি তাই মনে মনে থাকে।
অসীম ঘৰলৈ আহিলে তাই শাহুৱেকহঁতে কৰা দুৰ্ব্যৱহাৰৰ বিষয়ে পাহৰি যায়। অন্ততঃ তাইক বুজি পোৱা এজন মানুহ আছে। সেয়া হৈছে অসীম । অসীমক স্বামী হিচাপে পাই তাই সুখী। সকলো কথা তাইৰ লগত আলোচনা কৰে। তাইহে শাহুৱেকহঁতৰ কথা কৈ তাৰ মনত দুখ দিবলৈ বিচৰা নাই। থাকক মাক-পুতেকৰ সম্পৰ্ক সৰগীয় হৈ। শাহুৱেকৰ বাহিৰে শহুৰেকে বিশেষ একো নকয় তাইক। মাত্ৰ আগতকৈ শহুৰেক গহীন হৈ পৰিল।
তাইৰ ভুল ক'ত তাই ভাবি উলিয়াব পৰা নাই। মাজে মাজে এই কথাটোৱে তাইক খুলি খুলি খায়। কোনে দিব তাইক উত্তৰ? কিন্তু সিদিনাৰ ঘটনাটোৱে তাইৰ চকু মেল খুৱালে। তাইৰ নিজৰ কাণ দুখনকে বিশ্বাস নহ'ল। এইজনী তাইৰ শাহুৱেকেই নে যিয়ে নেকি বিয়াৰ আগতে তাইৰ মাক-দেউতাকক প্ৰতিশ্ৰুতি দি আহিছিল নিজৰ ছোৱালী কৰি ৰাখিম বুলি। হঠাৎ কিয় এই কথাটো মানি ল'ব পৰা নাই? মহিলাই মহিলাৰ শত্ৰু বুলি এনেয়ে নকয়। মহিলা হৈয়ো তাইৰ দুখ তেওঁ বুজি নাপালে। তাইৰ অন্তৰতো যে সেই কথাটোক লৈ একুৰা জুই জ্বলি আছে সেয়া হয়তো অনুভৱ নকৰিব কোনেও!