ডেইজী চৌধুৰী
মোৰ হৃদয়খন হেজাৰটা ধুমুহাই তচনচ কৰাৰ সময়তে
সোমাই আহিল তেঁও 
মোৰ মনৰ খোলা কোঠালীত।
পুনৰ জী উঠিলো মই।
তেঁও মোৰ বাবে ইশ্বৰ হৈ আহিছিল। 
বা মাৰলিত জুপুকা লাগি শামুকৰ খোলাটোতে মই আশ্ৰয় ল'বৰ সময়তে ইশ্বৰে শুনে প্ৰাৰ্থনা। 
ন জনম হ'ল মোৰ।
তেঁও মোৰ বাবে ইশ্বৰ হৈ আহিছিল। 
তেঁওৰ জোৎস্নাত পূৰ্ণিমাৰ জোনৰ দৰে জিলিকি উঠে এই দুখুনীৰ ভগ্ন হৃদয়।
এটি নতুন পৰিচয় গঢ়ি উঠিল। 
তেঁও মোৰ বাবে ইশ্বৰ হৈ আহিছিল।
গুৱাহাটী
