Type Here to Get Search Results !

ক'তেনো হেৰাল চোতালৰ জোনাক



✍️ সবিতা বৰুৱা ফুকন 

যি ভাৱনাত আজি আমি নিখোজ হৈ পৰিছো, সেই ভাৱনাক আৰু কোনো দিন 
কোনো প্ৰাপ্তিৰ আনন্দ ই আমাক আনন্দ দিব নোৱাৰে । এজাক বিষাদৰ ধুমুহাই আকাশ, বতাহ, সকলোতে হাহাকাৰ বোৱাই থৈ গ'ল  ।এজোপা বট বৃক্ষ সদৃশ অসমৰ লগতে সমগ্ৰ মানৱ জাতিক আৱৰি,সামৰি,ছাঁ দি ৰখা প্ৰাণৰ স্পন্দন আমাৰ মাজৰ পৰা হেৰাই গ'ল । তথাপিও আমি শান্তনা ল'বলৈ বাধ্য কাৰণ মৃত্যু যে চিৰ শ্বাশত .....!

জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈ বহু জনে বহু কাব্যিক ভাষাৰে মনৰ ক্ষোভ,দুখ প্ৰকাশ কৰিছে ।সেই সকলৰ ভিতৰত জুবিন গাৰ্গ ৰ আকস্মিক মহাপ্ৰয়াণত বিশিষ্ট কবি তথা প্ৰশাসনিক বিষয়া ড০ নন্দ সিং বৰকলা দেৱে অতি মনোৰম,,সাৱলীল আৰু সুগভীৰ বক্তব্যত কেনেদৰে জুবিন গাৰ্গক অলংকৃত কৰিছে ,তাৰে কিছু কিছু অংশ পাঠকৰ ওচৰলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ ।

বিশিষ্ট কবি ড০ নন্দ সিং বৰকলা দেৱে কৈছে ...….
"জুবিন গাৰ্গ অসমীয়া মহাজাতিৰ অন্যতম সংস্কৃত মাত,বিশ্ব মানৱ চেতনাৰ প্ৰৱল জলধাৰ আছিল জুবিন । শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদৰ বৰণেৰে বিশ্ব মানৱ চেতনাৰ প্ৰৱল ব্ৰহ্মপুত্ৰৰ জলধাৰ আছিল জুবিন। য'ত শেষ হয় সাম্প্ৰদায়িক তাৰ  উৎকত,দুগন্ধময়, বিৰক্তিময় বাটৰ খোজবোৰ, আৰম্ভ হয় মানুহত সমপণ । জুবিন সাগৰৰ নীলা পানী বিহে ধ্বংস কৰা মানুহৰ বুকুৰ আমাৱশ্যাত জিলিকি উঠা পূৰ্ণিমাৰ শীতলতা । গান, কবিতা, কথাছবি,কথাৰ নাম দুৰন্ত জুবিন গাৰ্গ ।যি নামত ওখ হয় গছ,ওখ হয় বিশাল মানৱতা,যি নামেৰে মানুহৰ বুকুৱে বুকুৱে ধ্বনিত হয়,মানুহে মানুহৰ শংখমাতৰ মৰ্য্যদাৰে ধনী কৰি তোলা,নামঘৰৰ ডবা, কাঁহ,মৃদংগ,খোলৰ বিনন্দিয়া মাত  ।  জুবিন গাৰ্গ ,ঐক্য, সমন্বয়, বিশ্বাস, সম্প্ৰীতিৰ বিৰল শোভাযাত্ৰা, য'ত শেষ হয় হিন্দু, মুছলমান, খ্ৰীষ্টান,শিষ বৌদ্ধ সম্প্ৰদায়ৰ সীমাৰেখা  । জুবিন গাৰ্গ খেয়ালী মনৰ মাটিৰ স্বচ্ছ বিকাশৰ প্ৰগতিৰ সভ্যতা, য'ত ম্লান পৰে গৰ্বিত মানুহৰ অহংকাৰ। 

জুবিন গাৰ্গ স্বচ্ছ বগা সমাজৰ প্ৰতীক,যি প্ৰতীক স্থায়ী হৈ আছে শ্ৰীকৃষ্ণ,সুধামাৰ জীৱন গাঠাত, ভীষ্মৰ শৰ শয্যাত,বিদূৰৰ দেশ প্ৰেমত, কৃষ্ণ যাত্ৰাৰ কংশবধত,ভূপেন হাজৰিকাৰ বিশ্বচেতনাত।
শংকৰ,মাধৱ, ছ্যূকাফাৰ বৰ অসমৰ নান্দনিক সমাজত ।
জুবিন গাৰ্গ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ মাত, আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ দিকচৌ বাট।
জুবিন গাৰ্গ গানে গানে মানুহৰ হৃদয় বিন্দুক পৃথিৱীক মহা সিন্ধু কৰা 
ভাগৱত -গীতা মহাকাব্যৰ মনোৰম আত্ম মাত ।
জুবিন গাৰ্গ তেজৰে কমলাপতি পৰভাত নিন্দ ধ্বনিত বাটলৈ সমদল হোৱা মানুহৰ অন্ত নোহোৱা এটা বিশাল ৰং  । য'ত ৰজাৰ অবয়ৱ নাই, নাই অষ্ট,সষ্ট, সৈনিক । জুবিন মানুহ বন্দনাৰ পৃথিৱীৰ কুশল সংবাদ। 
জুবিন গাৰ্গৰ বিশাল জীৱনটোৱেই ভাৰতীয় মহাকাব্যৰ দৰে এক অসমৰ সংস্কৃতিৰ বিশাল বাট । জুবিন সংস্কৃতিৰ ওখ হিমালয়ৰ মহাকাব্যৰ জোনবিৰি আছিল । মানুহ তেওঁ প্ৰিয় সম্পদ বাবেই, জুবিনৰ বাবে সমাজ বিকাশৰ স্বচ্ছ জীৱন আছিল সাম্যবাদৰ মনোৰম সমাজ 
নিৰ্মান, দেশপ্ৰেমৰ বিশাল বৰ্ণনা  । সংস্কৃতিৰ বিনন্দীয়া ৰামায়ণ, কীৰ্তন ঘোষাৰে, তেওঁ মানুহৰ পৃথিৱীৰ অনন্য শ্লোগান আছিল  ।

নতুন প্ৰজন্মই জুবিন গাৰ্গৰ গীত,মাত, কথাছবি, নাটকত, নিজক বিচাৰিব পাৰিলেই অসম ভূ-খণ্ডৰ সংস্কৃতিৰ প্ৰগতি  বিজ্ঞান সভ্যতাৰ মাটিত ৰক্ত হৈ থকা সমন্বয়ক আৰু বিকাশৰ বাটটোক নতুন প্ৰজন্মই উপলদ্ধি কৰিবপাৰিব । বুজি উঠিব চাণক্যই কোৱা ৰাজনীতি,মৰ্ম মাতৰ,নিভাজ শিক্ষাৰ মূল্যমানকো , আৰু চানক্যৰ সেই ৰাজনীতি শিক্ষাৰ মূল্যমানেৰে সৈতে আমাৰ সমাজকো নতুন প্ৰজন্মই উপলদ্ধি কৰি বিকশাই তুলিব পাৰিব ।

মানুহৰ সংজ্ঞা বৰ বিশাল,বৰ্ণিল আৰু বৰ্ণাঢ্য, সেই কথাতো জুবিন গাৰ্গৰ মৃত্যুৱে নতুনকৈ শিকাই থৈ গ'ল । ব্যক্তিৰ ব্যক্তি কেন্দ্ৰিক চৰিত্ৰটো ভাঙি ছিঙি সমষ্টিগত ব্যক্তিত্ব বিকাশৰ সমাজ চেতনা এটাক দূৰন্ত ৰূপত জুবিন গাৰ্গে মানুহক কৈ গ'ল । তেওঁ মৃত্যুত হেৰাই থাকিল,সংকীণ মানুহৰ চিন্তা চেতনা, কোনো মানুহেই নিজৰ ধৰ্মীয় পোচাক পৰিধান কৰি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি সমদলত অংশ লোৱা নাছিল, প্ৰত্যেক মানুহেই কাপোৰ পিন্ধিছিল আৰু সেই কাপোৰ আছিল সামাজিক কাপোৰ ।
যি কাপোৰক প্ৰতি জন পৃথিৱীৰ মানুহেই সন্মান কৰে , জুবিনে সেই শিক্ষা দি গ'ল। গতিকে জুবিনৰ সেই শিক্ষা অসমীয়া জাতিৰ অতুল্য,অমিতাভ, বিনন্দীয়া, মনোৰম, দৃষ্টিনন্দন, নান্দনিক ৰূপেৰে আমাৰ হৃদয়ৰ অন্ত
পাশে,অন্ত পাশে আমি বিচাৰি ফুৰা বাঞ্চিত সমাজ 
চেতনাৰ আত্মাটোক, জুবিনে 
আমাৰ বুকুত প্ৰোঠিত কৰি থৈ গ'ল  । "
সেয়া আছিল বিশিষ্ট কবি তথা সাহিত্যিক ড০ নন্দ সিং বৰকলা দেৱৰ অতি মনোৰম সাৱলীল আৰু সুগভীৰ বক্তব্য । তেখেতৰ এই সুগভীৰ বক্তব্য ই  প্ৰতিজন 
অসমীয়াৰ হৃদয় গভীৰভাৱে প্ৰভাৱিত কৰিব ।
 হৃদয়ৰ অনুভৱী জখলা বগাই বগাই
ভাগৰি পৰিছো । এতিয়া তোমাক বিচাৰি নিখোজ হ'বলৈ মন গৈছে ,
কিয় এনে হ'ল, ক'ত ভূল হ'ল জীৱনৰ পাটিগণিত  ???
জীৱনৰ উপাসনাৰ নিভূল অংকত তুমি পাহাৰৰ শিল ভাঙি গঢ়ি পিটি উলিয়াইছিলা মসৃণ বাট। যি বাটেৰে তুমি বাট বুলিবলৈ শিকাইছিলা 
নতুন প্ৰজন্মক, সেই বাট যেন কাহানিও ভূল নকৰে, মানুহৰ বাবে মানুহে ।

তথাপিও জুবিন, তুমি নাই বুলি কলে,কপি উঠা দুভৰিক থাওনি দিবলৈ বিচাৰি নাপাওঁ এডোখৰ মাটি  ! সময়বোৰ ছুনামি হৈ নামে । তোমাৰ কণ্ঠৰ ব্যাকুলতাত আজি সমগ্ৰ মানৱ জাতি আওলী বাউলী হৈ হিয়া ঢাকুৰি বিনাইছে।   
তুমি ক'ত নাই ---তোমাৰ কণ্ঠ বিয়পি আছে আকাশত,বতাহত,বুঢ়া লুইতৰ উত্তাল বুকুত, মাজুলীৰ ঐনিতমত,বুঢ়িদিহিঙৰ ধবল ঘাটত,দিখৌৰ তাম বৰণীয়া ধলত,দিচাংৰ নীলাভ সোঁতত, লখিমপুৰৰ সোৱণশিৰিৰ জংকী,পাণেৰ প্ৰেমৰ বিষাদ বিননিত  , ব'হাগৰ কুলিৰ মাতত, নামঘৰৰ হৰি নামত , লোকগীতৰ অমীয়া সুৰত,বৰগীতৰ সুললিত ধ্বনিত,আৰু তুমি ক'ত নাই  জুবিন..... সকলোতে মাথো তুমি, তুমি ।

জুবিন, তোমাৰ কণ্ঠক বাদ দি আজিৰ মানৱে অস্থিৰতা অনুভৱ কৰিছে ।যি কণ্ঠৰ অনুভৱত হৃদয়ে অমৃত যেন স্পৰ্শ কৰে সেই কণ্ঠ হেৰাল গ'ল ক'ত   ?? এতিয়া সহশ্ৰজনে  তুমি গাই যোৱা 
চোতালৰ জোনাক বিচাৰি 
হিয়া ধূনি ধূনি বিনাইছে ।
   
*************************
     সমাপ্ত।