Type Here to Get Search Results !

অপেক্ষা



-সুৰভি বৰপাত্ৰ গোহাঁই চেতিয়া, শিৱসাগৰ 


সুমধুৰ সংগীতৰ জাগৃতি ছন্দই 
মন সাগৰৰ উৰ্মিমালা হৈ 
থৌকি বাথৌ লগাই  মোৰ উৰুখা পঁজাত।


পোহৰৰ চাকিটোৱে দৃষ্টি নিক্ষেপ কৰে
ৰৈ দিয়া চৰাইজাকলৈ,
জীৱন তুচ্ছ কৰিও সিহঁত ৰৈ যায়। 


কৈ মৰা জীৱশ্ৰেষ্ঠৰ উৱাদিহ নাই
আন্ধাৰ ফালি পোহৰৰ বাট বিচাৰে 
মনৰ অগোচৰে  ।

গাত ছাল বাকলি নহলেও নাই
বিদেশী সুৰাৰ ৰাগীত 
মতলীয়া হোৱাৰ সপোন আছে  সদায়।

সপোন আছে আকাশখন নিজৰ কৰাৰ
উদাৰতাৰে জগত জিনাৰ
আকাংক্ষাৰে লালায়িত নহয় কাহানিও।

বৈ যোৱাৰ সপোন আছে ভৰ বাৰিষাৰ
স্ৰোতস্বিনীৰ দৰে
বুকুত দৌলতৰ  বোজাটো বান্ধি 
নালাগে শীতৰ শান্ত সৌম্য গতি  ।

ৰিমঝিম বৰষাৰ গানত
নিদ্ৰামগ্ন হৈ ঘুমতি মৰাৰ সময় নাই
হেঁপাহ আছে 
ভৰ দুপৰীয়াৰ বেলিটো ধৰি ৰখাৰ । 

স্মৃতিৰ কঠিয়াতলিত বোকাময় দিনৰ
সুগন্ধি  বিচৰা নাই 
দৌৰিছে কেৱল যান্ত্ৰিকতাৰ মাজলৈ । 

যন্ত্ৰৰ যান্ত্ৰণাত মন্ত্ৰপুতঃ পানী ছটিয়াই 
কোলাহলৰ জুইকুৱা কোনে কৰে নিৰ্বাপিত 
তাকেই মাথোঁ অপেক্ষাত অপেক্ষাৰত ।