Type Here to Get Search Results !

ইন্টাৰনেট যুগৰ শিক্ষা

 ৰেণু গোৱালা
অধ্যক্ষা
চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় 

                   "Education is a life long process"
শিক্ষা হৈছে জ্ঞান দক্ষতা, মূল্যবোধ আৰু অভ্যাস অৰ্জনৰ বাবে জীৱন জুৰি চলা এক প্রক্রিয়া। যিয়ে ব্যক্তিৰ মানসিক, বৌদ্ধিক, শাৰীৰিক আৰু অন্তঃনির্হিত প্রতিভাৰ পূৰ্ণ বিকাশ ঘটায়। মানুহক আত্মনিৰ্ভৰশীল, দক্ষ আৰু উৎপাদনশীল সদস্য হিচাবে গঢ়ি তোলে। জৱাহৰলাল নেহৰুৰ মতে, শিক্ষা হৈছে এজন ব্যক্তিৰ সর্বাংগীন বিকাশৰ এক প্রক্রিয়া (Education is the holistic development of an individual's personality, focusing on mental growth, cultural values and scientific temper to create engaged citizens.)। এনেদৰে বহু মহান শিক্ষাবিদ আৰু দার্শনিকসকলে শিক্ষাৰ সংজ্ঞা বহু ধৰণে দি গৈছে। কিন্তু বর্তমান ইন্টাৰনেট যুগত শিক্ষাৰ ধাৰণাটো সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে। যিটো পৰম্পৰাগত শ্ৰেণীকোঠাৰ শিক্ষাৰ পৰা ডিজিটেল বা অনলাইন শিক্ষালৈ ৰূপান্তৰিত হৈছে। ইন্টাৰনেটৰ জৰিয়তে জ্ঞানৰ পৰিসৰ বিশ্বব্যাপী হৈ পৰিছে। শিক্ষণ প্রক্ৰিয়াটো অধিক প্রভাৱশালী, নমনীয় আৰু সহজতে পোৱা হৈছে।  ইন্টাৰনেট যুগৰ শিক্ষাই ছাত্র-ছাত্রীক দ্রুতশীল গতিত আগবাঢ়ি যাবলৈ সুবিধা প্রদান কৰিছে। যেনে এটি সৰু উদাহৰণ, আগতে আমি যি কোনো টান শব্দ বিচাৰি অভিধানৰ পৃষ্ঠা লুটিয়াব লগা হৈছিল। কিন্তু বর্তমানে এটা ভাষাৰে যি কোনো শব্দ নহয় বিশ্বৰ যি কোনো দেশৰ যিকোনো ভাষাৰ শব্দ তৎক্ষণাতে ইন্টাৰনেটত ম'বাইল ফ'নৰ যোগেদি পাওঁ। অকল শব্দই নহয় যিকোনো দেশৰ সকলো ধৰণৰ তথ্য উপলব্ধ থাকে। সাহিত্য, সংস্কৃতি, সামাজিক ৰীতি-নীতি, পৰম্পৰা, সাজপাৰ, আ-অলংকাৰ, শিক্ষা, ৰাজনীতি, সমাজনীতি, ইতিহাস, ভূগোল ইত্যাদি। বিশ্বায়নে সকলো দেশৰ লগতে যোগাযোগৰ সূত্ৰ আৱিষ্কাৰ কৰিলে আৰু ইন্টাৰনেট শিক্ষাৰ ক্ষেত্ৰত ব্যাপক পৰিবৰ্তন কৰিলে। ক'ভিদ মহামাৰীৰ পাছতে ভাৰবৰ্ষৰ অন্যান্য দেশৰ লগতে অসমতো শিক্ষা আৰু সমাজ জীৱনৰ আমূল পৰিবৰ্তন হয়। স্কুল কলেজ বন্ধ থকাৰ বাবে Online Classৰ ব্যৱস্থা কৰা হৈছিল। গাঁৱৰ ভিতৰুৱা অঞ্চলতো নেটৱৰ্ক পাবৰ বাবে কোম্পানীবোৰে টাৱাৰ বহুৱালে। ফলত স্মার্ট ফ'ন সকলো ঠাইতে চলাব পৰা হ'ল। ছাত্ৰ-ছাত্ৰীসকলে ইন্টাৰনেট যুগৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বেছি আগ্রহী হ'ল। বর্তমানে শিশুৰ পৰা বুঢ়ালৈকে সকলোৱে WhatsApp, Facebook, Instragram আদিত বিভিন্নধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পাৰিছে। Online Admission, বিভিন্নধৰণৰ Exam, Competition আদিত ঘৰত বহিয়েই অংশগ্রহণ কৰিছে। সকলোধৰণৰ কাম-কাজ, অফিচ, কর্ট, বেংক আদিৰ পৰা টকা-পইচাৰ লেনদেনকে আদি কৰি মিটিং কৰালৈকে সকলো Online হৈছে। ইন্টাৰনেটৰ শিক্ষাই মানৱ জীৱনৰ সমগ্ৰ কাৰ্য্যসূচীয়ে সলনি কৰি দিছে। Digital India ই গোটেই বিশ্বখনকে হাতৰ মুঠিত আনি দিলে। ইন্টাৰনেট যুগৰ শিক্ষাত ছাত্ৰ-ছাত্ৰী সকলে বহুদূৰ আগবাঢ়ি গৈছে। ইন্টাৰনেট যুগৰ শিক্ষাই সকলোকে প্রভান্বিত কৰিছে। বৰ্তমান যুগৰ লগত শিক্ষকসকলেও নিজকে update কৰি শিক্ষন প্ৰক্ৰিয়াৰ পদ্ধতি সলনি কৰিছে। Classroom বিলাকো সলনি হ'ল, Black Boardৰ সলনি Smart Board আহিল। Digital Classroomত শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়া বেছি আকর্ষণীয় হ'ল। Audio-Video পাঠ্যক্রমে ছাত্র-ছাত্রীক কিতাপতকৈ বেছি আকর্ষণ বঢ়ালে। ইন্টাৰনেট যুগৰ শিক্ষাত বহু সময়ত শিক্ষকতকৈ ছাত্ৰই ম'বাইলৰ কাম-কাজ বেছিজনা হ'ল। ইয়াৰোপৰি ম'বাইলত Onlineৰ যোগেদি বজাৰ-সমাৰ কৰাৰ পৰা Sikho Appত English speaking course, Math, Science ইত্যাদি বিষয়ৰ AI শিক্ষকৰ পৰা নিতৌ নতুন কথা শিকিব পৰা হ'ল। বহু ছাত্র-ছাত্রীয়ে Online Bussiness কৰি স্বনিৰ্ভৰশীল হৈছে।  এতিয়া কথা হ'ল Internet যুগৰ শিক্ষা লাভ কৰি সকলো ছাত্ৰ-ছাত্ৰীয়ে সমানে শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে নে? বহু ছাত্র-ছাত্রী আছে যিসকলে ইয়াৰ বেয়া দিশটো অনুসৰণ কৰিছে। সকলো বস্তুৰে ভাল-বেয়া দুটা দিশ থকাৰ দৰে Internet শিক্ষাৰ যোগেদিও বহু যুৱকে Cyber Crime কৰি জীৱন ধ্বংস কৰিছে। আনহাতে চাহ-বাগিছাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ম'বাইলত নাচ-গান বা মনোৰঞ্জনৰ Viedoবোৰ চাই সময় পাৰ কৰে, ঘণ্টাৰ পাছত ঘণ্টা জুৰি তেওঁলোকে ম'বাইলত ব্যস্ত থাকে। শিক্ষাৰ কিবা বিষয় চোৱাতকৈ অদৰকাৰী Video চাই ব্যস্ত থকাৰ ফলত বাল্য বিবাহ ৰুধ কৰিব পৰা নাই। ইয়াৰ ওপৰিয়ো যদি বিশ্লেষণ কৰা যায় তেতিয়া দেখা গৈছে যে অধিক সময় ম'বাইল ব্যৱহাৰ কৰাৰ বাবে চকু আৰু মগজুত অধিক চাপ পৰাৰ বাবে ধৈর্য্য শক্তি কমি আহিছে। টোপনি কম হোৱাৰ বাবে আভোক আৰু দুৰ্বল হোৱা দেখা যায়। কাৰণ বহু ছাত্ৰ-ছাত্ৰী যুৱক-যুৱতীয়ে ৰাতি বহু দেৰিলৈকে ম'বাইলত ব্যস্ত থাকে। বহু এনে Video আছে যিবোৰে যুৱসমাজক বিপথে পৰিচালিত কৰিছে। ম'বাইলত বেছিভাগ সময় ব্যস্ত থকাৰ বাবে মানুহৰ আচাৰ-ব্যৱহাৰ কথা-বাৰ্তাতো যে প্ৰভাৱ পৰা নাই এই কথা নুই কৰিব নোৱাৰি। আনহাতে কিতাপ পঢ়াৰ বাবে ধৈৰ্য্য শক্তি কমি যোৱা যেন অনুভৱ হয়। যোগাযোগৰ ব্যৱস্থা যিমানে সুচল হৈছে সিমানে কষ্ট কৰা কমি যোৱাৰ বাবে শাৰীৰিক ভাৱেও মানুহৰ বেমাৰ-আজাৰ বেছি হোৱা যেন লাগে।  এইখিনিতে চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীৰ কথা নক'লে নহ'ব। ইন্টাৰনেট যুগৰ শিক্ষা গ্রহণত তেওঁলোকৰ কিছু অসুবিধা আছে। প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীৰ স্মার্ট ফ'ন নাই যদিও বহুতৰে আছে, প্ৰায়বোৰৰ Recharge নাথাকে। কিছুমানৰ থাকিলেও বিভিন্ন ৰিল চাই বা ৰিল বনাই ব্যস্ত থাকে। কিছুমানে স্কুলৰ বিভিন্ন বিষয়ৰ কথাবোৰ WhatsApp Groupত দিলেও তেওঁলোকৰ নিজৰ ম'বাইন নম্বৰ দিয়া নথকাৰ বাবে কথাবোৰ জনাত অসুবিধা হয়। তেওঁলোক প্রায় যোগাযোগত নাথাকে। কিছুমান দৰকাৰী কথা জনাবৰ বাবেও তেওঁলোকক ফ'নত পোৱা নাযায়। সেয়ে Online Class কৰিবলৈ শিক্ষকসকলৰ অসুবিধা হয়। কেতিয়াবা ম'বাইল Switch off থাকে। এনেদৰে বহু ছাত্ৰ-ছাত্ৰী বিশেষকৈ নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্রত এনে অসুবিধা হয়। চৰকাৰী বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে স্মার্ট ফ'ন কিনি দিয়াৰ বাবে অপৰাগো হয়। সেয়ে ইন্টাৰনেট যুগৰ শিক্ষা গ্রহণত বহু অসুবিধা আছে। যিসকল ছাত্ৰ-ছাত্ৰীৰ ফ'ন আছে তেওঁলোকৰ অভিভাৱকৰ প্ৰতি এক আহ্বান যাতে ফ'নটো বেয়া কামত ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শিক্ষাৰ লগত জড়িত বিষয় হ'লেহে ফ'ন ব্যৱহাৰ কৰিব দিব লাগে। বহু অভিভাৱক আছে যিসকলে বিভিন্ন Game খেলিবৰ বাবে ফ'ন দিয়ে। তেতিয়া সৰুৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে ফ'নটোত যে Internet শিক্ষা গ্রহণ কৰি জীৱনটো সুন্দৰভাৱে যাপন কৰিব পাৰে, সেই কথা নুবুজি খেলৰ এক মাধ্যম বুলিহে ভাবে। সেয়ে অভিভাৱকসকল সচেতন হ'ব লাগে।  বৰ্তমান বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্রীসকলে Sikha Setu Appত উপস্থিতি দিয়াটো বৰ ভাল পদ্ধতি। ইয়াৰ পৰা শিক্ষা ব্যৱস্থাটোত উপস্থিতিৰ ক্ষেত্ৰত সুবিধাজনক ফলাফল পোৱা গৈছে। যি কি নহওঁক Internet যুগৰ শিক্ষা ব্যৱস্থাৰ ফল সুদুৰ প্ৰসাৰী। কম সময়তে একেলগে বহু জ্ঞান অৰ্জনৰ যুগেই হৈছে Internet যুগৰ শিক্ষা। এইখিনিতে Internetনো কি তাৰ কিছু তথ্য Internetৰ পৰাই নিদিলে আধৰুৱা যেন লাগে। ইন্টাৰনেট হৈছে বিশ্বজুৰি বিস্তৃত অসংখ্য কম্পিউটাৰ নেটৱৰ্কৰ নেটৱক। ই তাঁৰ (Cable) Wireless মাধ্যমৰ সহায়ত পৃথিৱীৰ যিকোনো প্ৰান্তৰ তথ্য দ্রুতগতিত আদান-প্রদান কৰিবলৈ যোগাযোগ কৰিবলৈ আৰু ৱেবছাইটৰ জৰিয়তে জ্ঞানৰ ভাণ্ডাৰ ব্যৱহাৰ কৰিবলৈ সুবিধা প্রদান কৰে। আন্তর্জাল হৈছে কম্পিউটাৰ নেটৱকৰ এটা অত্যাধুনিক ব্যবস্থা। আধুনিক প্রযুক্তিবিদ্যাৰ এক আশ্চার্যজনক আৱিষ্কাৰ হৈছে ইন্টাৰনেট। যি সমগ্র বিশ্বক এটা সৰু গাৱলৈ ৰূপান্তৰিত কৰিছে। ১৯৬০ৰ দশকত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ ARPANET (Advanced Research Project Agency Network) পৰীক্ষাৰ জৰিয়তে ইয়াৰ সূচনা হৈছিল।