নাছিৰ আহমেদ শিমলাবাৰী, গোৱালপাৰা।
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৮৮৯ চনৰ ১৪ নৱেম্বৰত উত্তৰপ্ৰদেশৰ এলাহাবাদত জন্ম গ্ৰহণ কৰিছিল। তেওঁ শিশুসকলক বহুত মৰম কৰিছিল আৰু শিশুসকলেও তেওঁক ' চাচা নেহৰু ' বুলি সম্বোধন কৰিছিল। সেয়ে, পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰামৰ্শক্ৰমে আমাৰ দেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে চৰকাৰী বা বেচৰকাৰী ভাৱে প্ৰতি বছৰে ১৪ নৱেম্বৰত শিশু দিৱস ( Children Day) উদযাপন কৰি আহিছে।
শিশু দিৱসৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্য হ'ল (১):-শিশুসকলৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য, নিৰাপত্তা আৰু সাৰ্বিক বিকাশ নিশ্চিত কৰা আৰু শিশুসকলৰ বাবে এটি সুন্দৰ, সুস্থ আৰু বৈষম্যহীন সমাজ গঢ়ি তোলা।
লগতে শিশুসকলৰ অধিকাৰ সম্পৰ্কে শিশু, অভিভাৱক আৰু সমাজক সচেতন কৰা।
প্ৰত্যেক শিশুৰ বাবে অবৈতনিক আৰু বাধ্যতামূলক শিক্ষাৰ সুযোগ নিশ্চিত কৰাৰ বাবে উৎসাহিত কৰা।
শিশুশ্ৰম, বাল্যবিবাহ, শিশু নিৰ্যাতন আৰু শিশু পাচাৰ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা।
শিশুসকলৰ সু-স্বাস্থ্য , পুষ্টিকৰ খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব দিয়া।
জাতি-ধৰ্ম-বৰ্ণ-লিংগ আৰু আৰ্থিক অৱস্থান নিৰ্বিশেষে সকলো শিশুৰ সমান সুযোগ সুৰক্ষিত কৰা।
শিশুসকলৰ মাজত সততা, শৃংখলা, সহযোগিতা, সহানুভূতি আৰু মানৱিক মূল্যবোধ গঢ়ি তোলা।
শিশুসকলৰ আত্মবিশ্বাস, সৃজনশীলতা আৰু সামাজিক দক্ষতা বৃদ্ধি কৰা।
শিশুসকলৰ প্ৰতি ভালপোৱা, যত্ন আৰু দায়িত্বশীল আচৰণত গুৰুত্ব দিয়া।
শিশুসকলক সুশিক্ষিত, আদৰ্শবান আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ বাবে উৎসাহিত কৰা।
শিশুসকলৰ প্ৰতি পণ্ডিত জৱাহৰলাল নেহৰুৰ মৰম আৰু শিশু কল্যাণৰ ভাৱনাক স্মৰণ কৰা।
এতিয়া আমি এই শিশুসকলৰ বিভিন্ন অধিকাৰ সম্পৰ্কে বিতংকৈ আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
শিশুসকলৰ অধিকাৰ সম্পৰ্কে ভাৰতীয় সংবিধানৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুচ্ছেদ হ'ল, ক্ৰমে --
অনুচ্ছেদ ১৪:- আইনৰ দৃষ্টিত সমতা।
অনুচ্ছেদ ১৫(৩):- নাৰী আৰু শিশুসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ অনুমতি।
অনুচ্ছেদ ২১:- জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ।
অনুচ্ছেদ ২১(ক):- ৬-১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ।
অনুচ্ছেদ ২৩:- মানৱ সৰবৰাহ আৰু কঠোৰ শ্ৰম নিষিদ্ধ।
অনুচ্ছেদ ২৪:- ১৪ বছৰতকৈ কম বয়সীয়া শিশুক কলকাৰখানা,খনি বা অইন বিপজ্জনক কামত নিয়োগ নিষিদ্ধ।
অনুচ্ছেদ ৩৯(ঙ) আৰু অনুচ্ছেদ ৩৯(চ):- শিশুসকলৰ স্বাস্থ্য, শক্তি, মৰ্যাদা আৰু সুস্থ বিকাশ সাধন কৰাত গুৰুত্ব আৰোপ।
অনুচ্ছেদ ৪৫:- ৬ বছৰতকৈ কম বয়সীয়া শিশুসকলৰ প্ৰাথমিক যত্ন আৰু শিক্ষাৰ ব্যৱস্থা কৰা।
এইবোৰৰ উপৰিও, শিশুসকলৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য, নিৰাপত্তা আদি দৃঢ়ভাৱে ৰক্ষণাবেক্ষণ দিবৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আইন বলৱৎ কৰিছে। সেইবোৰ সংক্ষেপে আলোচনা কৰা হ'ব।
(১):- শিক্ষাৰ অধিকাৰ ( Right to Education,RTE Act,2009 :- এই আইনৰ জৰিয়তে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সীয়া প্ৰত্যেকজন শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ অধিকাৰ নিশ্চিত কৰা হয়।
বিদ্যালয়সমূহৰ সংশ্লিষ্ট মুৰব্বীসকলে শিশুসকলৰ বিদ্যালয়ত ভৰ্তি আৰু শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ প্ৰদান কৰে।
বিদ্যালয়ত শিশুসকলৰ প্ৰতি বৈষম্য আৰু শাৰীৰিক শাস্তি প্ৰতিৰোধৰ বিধান আছে।
(২) শিশুসকলক যৌন অপৰাধৰ পৰা সুৰক্ষা আইন(POCSO Act,2012):- এই আইনৰ দ্বাৰা শিশুসকলক যৌন নিৰ্যাতন, যৌন শোষণ বা ধৰ্ষণ আদিৰ পৰা সুৰক্ষা প্ৰদান কৰে।
শিশুবান্ধৱ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰে।
এই আইনখনে ১৮ বছৰৰ তলৰ কম বয়সীয়া ব্যক্তিক শিশু হিচাপে গণ্য কৰা হয়।
(৩) :- কিশোৰ ন্যায়বিচাৰ আৰু শিশুসকলৰ যত্ন আৰু সুৰক্ষা আইন,(Juvenile Justice,Care and Protection of Children Act,2015:- এই আইনখনে অসহায়, পৰিত্যক্ত আৰু নিৰ্যাতিত শিশুসকলক যত্ন আৰু সুৰক্ষাৰ ব্যৱস্থা কৰে।
এই আইনখনৰ লগত সংঘাত আৰু সংঘৰ্ষত শিশুসকলৰ বাবে বিশেষ বিচাৰ প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হয়।
শিশুসকলৰ পুনৰ্বাসন,দত্তক গ্ৰহণ আৰু সামাজিক পুনঃপ্ৰতিষ্ঠাত এই আইনখনে সহায়তা আগবঢ়ায়।
(৪) :- বাল্যবিবাহ নিষিদ্ধকৰণ আইন (Prohibition of Child Marriage act,2006):- এই আইনখনৰ সৰ্বমুঠ ২১টা ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেইবোৰৰ ভিতৰত মূল ধাৰাসমূহ হ'ল- (১):-১৮ বছৰৰ তলৰ ছোৱালী আৰু ২১ বছৰৰ তলৰ ল'ৰাক শিশু বুলি গণ্য কৰা হয়।
(২):- ল'ৰা ছোৱালীবোৰে স্বইচ্ছাই বাল্যবিবাহ কৰা, অভিভাৱকৰ দ্বাৰা বাল্যবিবাহ সম্পন্ন কৰা, বাল্যবিবাহত সহযোগিতা কৰাটো শাস্তিযোগ্য হ'ব পাৰে।
(৩):- সাধাৰণতে বাল্যবিবাহ শিশুপক্ষৰ আবেদনৰ ভিত্তিত বা আইনৰ ১২ আৰু ১৪ ধাৰামতে নিৰ্দিষ্ট পৰিস্থিতিত বিবাহ অবৈধ হয়।
(৪):- বাল্যবিবাহৰ বলি হোৱা মহিলাৰ ভৰণ-পোষণ আৰু বাসস্থানৰ ব্যৱস্থা কৰা।
(৬):- বাল্যবিবাহৰ পৰা জন্ম হোৱা শিশুৰ বৈধতাৰ সুৰক্ষা প্ৰদান কৰা।
(৯):- প্ৰাপ্তবয়স্ক পুৰুষে নাবালিকাক বিবাহ কৰালে শাস্তি প্ৰদান কৰা।
(১৩):- বাল্যবিবাহ বন্ধ কৰিবলৈ আদালতৰ নিষেধাজ্ঞা আৰোপ কৰা।
মুঠতে, এই আইনখনৰ মূল উদ্দেশ্য আৰু লক্ষ্য হ'ল,-
বাল্যবিবাহ প্ৰতিৰোধ কৰা
শিশুৰ জীৱন, স্বাস্থ্য, শিক্ষা আৰু অধিকাৰ সুৰক্ষিত কৰা।
বাল্যবিবাহৰ লগত জড়িত ব্যক্তিক শাস্তি প্ৰদান কৰা
বাল্যবিবাহৰ বলি হোৱা ব্যক্তিক আইনী সুৰক্ষা আৰু প্ৰতিকাৰ প্ৰদান কৰা।
(৫):- শিশুশ্ৰম নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ আইন (Child Adolescent Labour, Prohibition and Regulation Act,1986):- ২০১৬ চনৰ সংশোধনীসহ।
এই আইনখনে ১৪ বছৰৰ তলৰ শিশুসকলক কৰ্মসংস্থানৰ ক্ষেত্ৰত সাধাৰণ নিষেধাজ্ঞা আৰোপ
আৰু ১৪ বছৰৰ পৰা ১৮ বছৰ বয়সীয়া কিশোৰ-কিশোৰীসকলক বিপজ্জনক কাম আৰু প্ৰক্ৰিয়াত নিয়োগ নিষিদ্ধ কৰা হৈছে।
শিশুশ্ৰম প্ৰতিৰোধ আৰু শিশুসকলৰ শিক্ষাৰ সুযোগ ৰক্ষাৰ্থে এই আইনখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(৬):- শিশু অধিকাৰ সুৰক্ষা কমিছন আইন ( Commission for Protection of Child Rights Act,2005):- এই আইনৰ দ্বাৰা জাতীয় আৰু ৰাজ্যিক পৰ্যায়ত শিশু অধিকাৰ সুৰক্ষা কমিছন গঠনৰ ব্যৱস্থা কৰা হয়,
শিশুসকলৰ অধিকাৰ লঙ্ঘনৰ বিষয়সমূহ পৰীক্ষা আৰু পৰ্যালোচনা কৰা হয় আৰু শিশুসকলৰ অধিকাৰ ৰক্ষাৰ্থে প্ৰয়োজনীয় সুপৰামৰ্শ প্ৰদান কৰে।
তৎসত্ত্বেও, আমাৰ দেশৰ শিশুসকলে এতিয়াও বিভিন্ন শিক্ষানুষ্ঠানত ( বিশেষকৈ আৱাসিক শিক্ষানুষ্ঠান), সৰু-সুৰা দোকান, হোটেল, ৰেস্তোৰাঁ, হাস্পতাল, সাধাৰণ গৃহস্থ আৰু ভি আই পিৰ গৃহত, কৃষিক্ষেত্ৰত, যান-বাহন, কুটিৰ শিল্প, কয়লাৰ খনিৰ দৰে বিপজ্জনক ঠাই আৰু কলকাৰখানা আদিত লগুৱা,লিকচৌ, পৰিচৰ্যাকাৰী আৰু সস্তিয়া শ্ৰমিক হিচাপে কৰ্মত নিয়োজিত হৈ প্ৰতিনিয়ত শাৰীৰিক, মানসিক আৰু যৌন শোষণ আৰু নিৰ্যাতনৰ বলি হৈ আহিছে । শিশুসকলৰ মৌলিক অধিকাৰসমূহ, যেনে - শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক নিৰাপত্তা সম্পূৰ্ণ ৰূপে সংৰক্ষিত হোৱা নাই। যেনে, আমাৰ দেশত এতিয়াও দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰা প্ৰায় ৮.৫০ লাখ শিশুৱে বিদ্যা লাভৰ পৰা বঞ্চিত হৈ আছে।
বৰ্তমান ভাৰতত শিশুৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হৈছে যদিও অপুষ্টি,ৰক্তহীনতা, কম ওজন, শিশুৰ মৃত্যুৰ হাৰ আৰু বিশুদ্ধ খোৱাপানী তথা অনাময়ৰ অভাৱ এতিয়াও গুৰুত্বপূৰ্ণ সমস্যা হৈ আছে।
৫ বছৰৰ তলৰ শিশুৰ বৃদ্ধি বাধাগ্ৰস্থ ২৯.০৩%
৫ বছৰৰ তলৰ শিশুৰ তীব্ৰ ক্ষীণতা ৫.০২%
৫ বছৰৰ তলৰ কম ওজনৰ শিশু ৩১.০৮%
৫ বছৰৰ তলৰ শিশুৰ মৃত্যুহাৰ :- প্ৰতি ১০০০ জীৱিত শিশুৰ ভিতৰত ২৬.০৬ জন।
ভাৰতত বহু শিশু দৰিদ্ৰতা, পৰিয়ালৰ কম উপাৰ্জন, খাদ্যৰ অভাৱ, বাসস্থানৰ অনিশ্চয়তা, আৰু শিক্ষাৰ খৰচ বহন কৰিব নোৱাৰাৰ বাবে আৰ্থিক নিৰাপত্তাহীনতাত ভুগি আছে।
গুৰুত্বপূৰ্ণ পৰিসংখ্যা অনুসৰি
ভাৰতত ৫ বছৰৰ তলৰ বহুমাত্ৰিক দৰিদ্ৰতাত ভোগা শিশুৰ হাৰ প্ৰায় ২৭% ( ২০১৯-২১ তথ্যৰ বছৰ মতে)
ৰাষ্ট্ৰীয় দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিশুৰ হাৰ ২২%( ২০১১ তথ্যৰ বছৰ মতে)
ভাৰতত চৰম দৰিদ্ৰতাত থকা শিশুৰ হাৰ ১২% ( ২০২২ তথ্যৰ বছৰ মতে)
সামাজিক সুৰক্ষা ব্যৱস্থাৰ অধীনত থকা শিশুৰ হাৰ ২৪%( ২০২০ তথ্যৰ বছৰ মতে)
মুঠতে, শিশুৰ সকলো অধিকাৰ সাব্যস্ত কৰিবলৈ হ'লে কেৱল কেইটামান কঠোৰ আইন প্ৰণয়ন কৰিলেই নহ'ব,তাক সঠিককৈ প্ৰয়োগ কৰিব লাগিব।
তাৰ উপৰিও, সমাজৰ সকলো শ্ৰেণীৰ লোকে (সমাজ সচেতক চিন্তাশীল ব্যক্তি, কবি, লেখক, বুদ্ধিজীৱী, ৰাজনীতিবিদ, অৰ্থনীতিবিদ, ঐতিহাসিক,মনস্তাত্বিক বিশ্লেষক, ধৰ্মগুৰু, দাৰ্শনিক আদি) শিশুৰ শাৰীৰিক, মানসিক বিকাশ সাধন কৰাৰ বাবে আগবাঢ়ি আহিলেহে শিশুৰ সকলো প্ৰকাৰৰ অধিকাৰ সুৰক্ষিত হৈ পণ্ডিত জৱাহৰলাল নেহৰুৰ ভাষাত ' Today's Children, tomorrow's Citizens of India ' আজিৰ শিশু কাইলৈ ভাৰতৰ এজন সুস্থ,সৱল আৰু দক্ষ নাগৰিক হিচাপে পৰিগণিত হ'ব।
