Type Here to Get Search Results !

সৰু সৰু কথাবোৰৰ মাজতে লুকাই থাকে জীৱনৰ সঁচা ৰং




সম্পাদকীয়


🌼 সময়ৰ সমষ্টিয়ে জীৱন সেয়ে সময়ক কামেৰে সজাব লাগে ।
🌼 স্বাস্থ্যৰ যতন অপৰিহাৰ্য, শৰীৰ নামৰ সজুলিটো অৱহেলা কৰিব নালাগে।
🌼 নিজৰ আইৰ মুখৰ ভাষাৰ যতন আৰু চৰ্চা আমাৰ দায়িত্ব।
🌼 নিজৰ সংস্কৃতিৰ প্ৰতি সন্মান আৰু পালন আমাৰ কৰণীয়।
🌼 বৰ্তমানক গুৰুত্ব সহকাৰে লৈ সফল আৰু সুখী জীৱনৰ  আধাৰ বিচাৰি চোৱা।
🌼 পাবলৈ হলে প্ৰথমে দিব লাগিব। এই সৰল কথাটো হৃদয়ংগম কৰা।
🌼  প্ৰথমে নিজৰ ভাবনাখিনি ঠিক কৰা সকলো ঠিক হৈ যাব।
🌼 অভিযোগ আৰু আনক দোষাৰোপ কৰা কামবোৰ এৰি দায়িত্ব ল'বলৈ যত্ন কৰা সকলো নিয়ন্ত্ৰণ হৈ পৰিব।
🌼 যুক্তি আৰু তৰ্ক কমাই দিয়া পৰিৱেশ আয়ত্ব হৈ পৰিব।
🌼 সকলো সময়তে শিকা কামটো অব্যাহত ৰাখা সময়ৰ সৈতে নিজক আগুৱাই নিব পাৰিবা।
🌼 মই কোন, মোক কি লাগে আৰু কিয় লাগে জানিবলৈ চেষ্টা কৰিলে জীৱনৰ সকলো পথ সহজ হৈ পৰিব।
🌼 সদায় জীৱনত কৰণীয়খিনি কৰি উচ্চ লক্ষ্যৰে কামক অগ্ৰাধিকাৰ দি আগবাঢ়ি যোৱাজন কেতিযাও পথচ্যুত নহয়।
🌼 ক্ষমাই আনক যিমান উপকাৰ কৰে তাতোতকৈ নিজক বেছি উপকাৰ সাধে।
🌼 জীৱনৰ অন্তত একো নাথাকেগৈ। মাথো থাকে love and compassion. এই কথাবোৰো সময় থাকোতেই শিকিব লাগিব।

অৰুণ কোঁৱৰ
মুখ্য সম্পাদক
সমলয়
৭/১১/২০২৬