Type Here to Get Search Results !

শৈক্ষিক ক্ষেত্ৰত মননশীল (চিন্তশীল) টোকাৰ ভূমিকা....

বন্দনা শালৈ  (পাঠশালা)


    মননশীল টোকা হৈছে ছাত্ৰ-ছাত্ৰীৰ এনে এক লিখনি বা লিখন কাৰ্য বা লিখিত বিৱৰণ ; য'ত ছাত্ৰ-ছাত্ৰীৰ নিজস্ব চিন্তা, ধ্যান-ধাৰণা, আবেগ-অনুভূতি,  তথা স্বশিকন সমূহ প্ৰতিফলিত হয় |ই ছাত্ৰ-ছাত্ৰীৰ বুদ্ধিত্তৰ কৌশল(metacognitive skill), স্বমূল্যায়ন কৌশল (self evaluation skill), লগতে ছাত্ৰ-ছাত্ৰীৰ জনা-নজনাৰ দিশসমূহ শিক্ষক বা শিক্ষাদান পদ্ধতিৰ লগত জৰিত সহায়কাৰী ব্যক্তিসকলে অনুধাৱন কৰাত সহায় কৰে |শৈক্ষিক ক্ষেত্ৰত এই পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ নিজৰ চিন্তা আৰু অনুভৱ পৰীক্ষণ কৰাত , নতুন ধাৰণা আয়ত্ব কৰাত , জটিল সমস্যাসমূহৰ ক্ষেত্ৰত শুদ্ধতা-অশুদ্ধতা(শুদ্ধা-শুদ্ধিৰ) বিচাৰ কৰি উপযুক্ত পৰ্যালোচনাৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণত বিশেষ অৰিহণা যোগায় |
   'জন ডিউ'য়ে বিশ্বাস কৰিছিল যে, শিক্ষা কেৱল তথ্য আহৰণতে সীমাবদ্ধ নহয় | ই আমাৰ দৈনিক কাৰ্য আৰু আচৰণৰ ক্ষেত্ৰত এক উপায় | কাৰণ, তথ্য বা জ্ঞান আহৰণ কৰিয়েই  ছাত্ৰ-ছাত্ৰীসকলে সীমাবদ্ধ নাথাকি সেই জ্ঞান গঠনাত্মকভাৱে বাস্তৱ জীৱনত কাৰ্যকৰী কৰিব লাগে | সফল ছাত্ৰ-ছাত্ৰী বা শিকাৰুসকলে জানে যে , কেনেদৰে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্ন আৰু সমস্যাবোৰ চিনাক্ত কৰিব , কোনবোৰ ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে জ্ঞাত বা জানে , কোনবোৰ জনা প্ৰয়োজন আৰু কেনেদৰে প্ৰয়োজনীয়খিনি জানিবলৈ বা বুজিবলৈ আগবাঢ়িব লাগিব | তাৰোপৰি সফল শিকাৰু বা ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ মন সুস্থ আৰু অভ্যাস উন্নত কৰা প্ৰয়োজন যাতে পৰৱৰ্তী পৰ্য্যায়ত শিকন-শিক্ষণ পদ্ধতিত কি কৌশল (strategies) অৱলম্বন কৰিলে উপকৃত হ'ব পাৰিব |
   শ্ৰেণীকোঠাত শিক্ষণৰ ক্ষেত্ৰত এই মননশীল টোকাৰ অনুশীলনে ছাত্ৰ-ছাত্ৰীৰ শিক্ষণৰ চিন্তা, নিজৰ জীৱন আৰু চাৰিওফালৰ পৃথিৱীখন বুজাত সুবিধা প্ৰদান কৰে | এই পদ্ধতিয়ে প্ৰায়ে শিক্ষণ-শিকনৰ ক্ষেত্ৰত থকা সমস্যা(problem), অস্পষ্টতা বা ভুলকৈ বুজা (misunderstanding), খকোজা (confusion), নতুন দিশ নিৰ্ণয় বা চিনাক্তকৰণ (identify of new aspects), স্বাধীনতা (freedom) আৰু দায়বদ্ধতা (responsibility) ইত্যাদি দিশসমূহ চালিজাৰি চোৱাত সহায় কৰে | তাৰোপৰি, এই মননশীল টোকাৰ অনুশীলনে ছাত্ৰ-ছাত্ৰীৰ লিখন কৌশল (writing skill), সৃজনীমূলক কৌশল (creative skill), মুক্ত লিখন (free writing) আৰু বিশ্লেষণাত্মক ক্ষমতা (analytical capacity) পৰিমাপণত সহায়ক হ'ব |
   জেমেলমেন, ডেনিয়েলচ আৰু হাইডয়ে বিশ্বাস কৰে যে, পৰিপক্ক বা শক্তিশালী শিক্ষণ সম্ভৱ হয় ছাত্ৰ-ছাত্ৰীৰ আত্ম তত্বাৱধায়ন( self-monitor) বা প্ৰতিফলনৰ জৰিয়তে | এগৰাকী ছাত্ৰ বা ছাত্ৰী বা শিকাৰু হিচাবে তেওঁলোকে কি জানে , কি জানিব লগা আছে ,কি পুনৰ মূল্যায়ণৰ প্ৰয়োজন বা কি পুনৰ শিক্ষণৰ প্ৰয়োজন তাকে পৃথকীকৰণ কৰি লয় |লগতে, ছাত্ৰ-ছাত্ৰীয়ে এইবোৰ উন্নত কৰাৰ কাৰণে আঁচনিসমূহ ৰূপান্তৰ কৰি লয় |ই ছাত্ৰ-ছাত্ৰীৰ মনৰ দুৱাৰ মুকলি কৰে আৰু শিক্ষকক বা সুবিধাপ্ৰদানকাৰীক শিকন কাৰ্য্যৰ বাট মুকলি কৰি দিয়ে |
 এইদৰে, মননশীল টোকাসমূহ ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকনৰ অত্যাৱশ্যকীয় আহিলা হিচাপে শিক্ষকসকলে গ্ৰহণ কৰে | অৱশ্যে, এই পদ্ধতি কিছু উচ্চমানসম্পন্ন ছাত্ৰ-ছাত্ৰী বা শিক্ষাদানৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পিছৰ কাৰ্য্যসূচী হিচাবে ব্যৱহাৰ কৰা হয় | শিক্ষকৰ কাৰণে ই এক অন্তদৃষ্টিসম্পন্ন আহিলা ; যিয়ে ছাত্ৰ-ছাত্ৰীৰ মূল্য নিৰ্ধাৰণ আৰু উন্নতিত সহায় কৰে |.........