Type Here to Get Search Results !

সমলয়' দাপোণ


আমি সোধা কেইটামান প্ৰশ্নোত্তৰ দিছে সুলেখিকা চাওচিং ৰাজকুমাৰীয়ে।

১)  জন্ম স্থান।
উ: মথুৰাপুৰ কোঁৱৰ গাঁৱত।
২) আনুষ্ঠানিক শিক্ষা ক'ত কেনেদৰে গ্ৰহণ কৰিছিল।
উ:আঁহতগুৰি প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলি গড়গাঁও মহাবিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত সন্মানসহ স্নাতক আৰু উক্ত মহাবিদ্যালয়ৰ দূৰ -শিক্ষা বিভাগৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ। লগতে যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বি এড  ডিগ্ৰী লাভ।
৩) বৰ্তমানৰ বৃত্তি।
উ:শিক্ষকতা। 
৪) সাহিত্য, সাংস্কৃতিক আৰু সামাজিক কৰ্মৰ চমু বিৱৰণ।
উ:স্কুলীয়া সময়ৰ পৰাই সাহিত্য চৰ্চাত মনোনিবেশ। পাছলৈ কলেজীয়া জীৱনত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰষ্কাৰ পাবলৈ সক্ষম হৈছিলো। কলেজত শ্ৰেষ্ঠ সাহিত্যিক হ'ব নোৱাৰিলো যদিও শ্ৰেষ্ঠ কবি,শ্ৰেষ্ঠ গল্পকাৰ,শ্ৰেষ্ঠ চিঠি লিখা,শ্ৰেষ্ঠ একক অভিনেত্ৰী,আবৃত্তি আদিত সন্মান লাভ। কেইবাখনো নাটকত অভিনয় কৰাৰ উপৰিও এখন ভি চি ডিত অভিনয়।"চাওচিং কুঁৱৰী ছাত্ৰী নিবাসৰ "পৰা কাব্যলোচনী "চাওচিং কুঁৱৰী " প্ৰকাশ।শিৱসাগৰৰ পৰা প্ৰকাশিত "তৰুণ কবিৰ গুঞ্জন"ৰ সহ:সম্পাদিকা। সেইসময়ত বিভিন্ন আলোচনী,বাতৰি কাকতত কবিতা গল্প প্ৰকাশ। একমাত্ৰ প্ৰকাশিত কবিতা পুথি "এটা উলংগ সপোন"। বিভিন্ন সাহিত্য অনুষ্ঠানৰ সক্ৰিয় সদস্য। কেইবাখনো হাতেলিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকা সম্পাদনা। মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালৰ ছাত্ৰ একতা সভাৰ প্ৰথম ছোৱালী সাধাৰণ সম্পাদক।
৫) হবি (ৰাপ)
উ:কাব্য চৰ্চা কৰা।
৬) জীৱনৰ এটি স্মৰণীয় মুহুৰ্ত
:মাতৃ হোৱাৰ মুহূৰ্ত।
৭) লেখক-লেখিকা সকলৰ লেখনিয়ে সমাজত ইতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি বিশ্বাস কৰেনে?
উ: নিশ্চয়কৈ বিশ্বাস কৰো। সুস্থ চিন্তাধাৰাৰ মননশীল লিখনিয়ে এখন সমাজ আগুৱাই যোৱাত যথেষ্ট সহায় কৰে।
৮) নৱপ্ৰজন্মক লৈ আপুনি কিমান আশাবাদী।
 তেওলোকে কি কি দিশত অধিক মনোনিৱেশ কৰাতো বিচাৰে ?
উ:যথেষ্ট আশাবাদী। কাৰণ কাইলৈ দেশৰ,সমাজৰ ভৱিষ্যত তেওঁলোকৰ হাততে। কৰ্মমুখী চিন্তাধাৰাৰ প্ৰতি তেওঁলোক আগ্ৰহী হোৱাটো বিচাৰো।
৯।আপোনাৰ বাস্তৱ জীৱনক প্ৰভাৱিত কৰা এজন আদৰ্শৱান ব্যক্তি।
উ:দেউতা 
১০।সমলয়লৈ আপোনাৰ এটি গঠনমূলক পৰামৰ্শ।
উ:সমলয় ই আলোচনীৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। এই আলোচনীৰ বুকুতে অনাগত সময়ৰ অসমীয়া সাহিত্যত নামজ্বলা সাহিত্যিকৰ জন্ম হওঁক। আলোচনীখন সমাজৰ বাৰ্ত্তা বাহক হওঁক।
ধন্যবাদ 
(সমলয় তৰফে লেখিকা গৰাকীৰ উজ্বল ভৱিষ্যৎ কামনা কৰিলো)