Type Here to Get Search Results !

গোলাপ

 দেবাংগ সাগৰ ডেকা




ফুলনিত থকা গোলাপ জুপি,
দেখিলেই মনোমোহা,
চালে চাই থাকিবৰ মন যায়।
কোনে বাৰু স্বজীলে তোমাক,
ইমান মনোমোহাকৈ,
ভাবিলে ওৰকে নেপাওঁ।

বতাহত হালি-জালি গোলাপ জুপিয়ে,
ইটোৱে সিটোক কিবা কয়,
মই দেখো বুজিকে নেপাওঁ।

অ" মোৰ মৰমৰ গোলাপ জুপি,
থাকিবা তোমালোক সদায় তেনেকৈ,
তাৰে আশাত মই বাট চাই ৰম।।

 দেবাংগ সাগৰ ডেকা।
শ্ৰেণীঃ সপ্তম।
বয়সঃ ১২