আলোকপাত- সুৰভি বৰ পাত্ৰ গোহাঁই
কবি মন্টু কুমাৰ বৰুৱাৰ এখন ৰোমান্টিক ভাৱৰ কাব্য সংকলন " ভালপোৱাৰ বৰষুণত তিতিছেনে" পঢ়িলোঁ । সেয়েহে কাব্য সংকলন খন পঢ়ি দুআষাৰ লিখাৰ প্ৰয়াস কৰিলোঁ। সমালোচনাত্মক মনোভাৱেৰে নহয়, মাথোঁ ইতিবাচক চিন্তাৰে আৰু কবিক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে কাব্য সংকলন খনৰ কেইটামান কবিতাৰ চমু আলোকপাত কৰিছোঁ।
কাব্যসংকলনৰ প্ৰকাশক, মন্টুকুমাৰ বৰুৱা, ডি.টি.পি আৰু ৰূপসজ্জাঃ-কুঁহি এন্টাৰপ্ৰাইজ, ডিমৌ নিতাই ৰোড। মূদ্ৰণ- পাহি অফ্চেট প্ৰেছ, মৰাণ।
কাব্যসংকলনত প্ৰায় সত্তৰ উৰ্ধৰ কবিতাৰে সমৃদ্ধ । কবিতা বোৰ প্ৰেম বিৰহ, মানৱ, মানৱতা, প্ৰকৃতি, জীৱন, জীৱনবোধৰ আধাৰত ৰচিত প্ৰায়বোৰ কবিতাই পাঠকৰ মনত ৰেখাপাত কৰিছে। কবিতাৰ উপস্থাপন, প্ৰকাশ শৈলী, সহজ সৰল আৰু প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে যাৰ বাবে পাঠকৰ সহজে বোধগম্য হ'ব পাৰিব । বাস্তৱৰ প্ৰতিচ্ছবি পৰিস্ফুট হোৱা কাব্যিক অনুভৱে মনত দোলা দি যায়। জটিলতা বিহীন সৰল উপমাৰে সৰ্জ্জিত কাব্যিক চিত্ৰপটে মানস পটত অনুভৱৰ প্ৰতিচ্ছবি। কাব্যসংকলন খনৰ বেছি ভাগ কবিতাই ৰোমান্টিক ভাৱধাৰাক সজীৱ কৰি তুলিছে । মননশীল কবিৰ অনুভৱৰ কবিতাবোৰত এক সুকীয়া মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। পাঠকৰ জ্ঞাতাৰ্থে কাব্যসংকলনৰ দুটামান কবিতা আলোচনা মজিয়াত উপস্থাপন কৰিব বিচাৰিছোঁ। কাব্যসংকলনৰ অন্যতম কবিতা "ভালপোৱাৰ বৰষুণত তিতিছেনে" শীৰ্ষক কবিতা (পৃষ্ঠা নং ১০) এটা সুন্দৰ প্ৰেমানুভূতিৰে ভৰপূৰ কবিতা।
য'ত কবিয়ে এখন অনিন্দ্য সুন্দৰ চিত্ৰপট অংকণ কৰিছে । কবিৰ অনুভৱত ধৰা দিয়া বৰষুণ জাকৰ ৰেহৰূপ ভিন্ন সময়ত ভিন্ন অনুৰাগ। কেতিয়াবা ভৰ বাৰিষাৰ নাঙলৰ সিৰলুৰে মাটি ফালি পথাৰ উৰ্বৰা
কৰা সময়ত তিতা বৰষুণৰ আমেজ, কেতিয়াবা উৎকট গৰমত তিতা বৰষুণ জাকে দিয়া হিম শীতল স্পৰ্শ আৰু কেতিয়াবা বৰদৈচিলাই মহতিয়াই হিলদ'ল ভাঙি যোৱা বৰষুণ জাকৰ প্ৰকোপ নিশ্চয় বেলেগ । বহুদিন খৰাং বতৰৰ পিছত ফাগুনৰ ধূলিয়ৰি পৃথিৱীয়ে লঠঙা বৃক্ষই মিনতি কৰা বৰষুণ জাকৰ স্বাদেই সুকীয়া। কিয়নো সেইজাক সেউজী সপোন বাস্তৱ হোৱাৰ বৰষুণ । শুকান পৃথিৱী জীপাল হোৱাৰ বৰষুণ । বিভিন্ন ঋতুত হোৱা বৰষুণ ভিন্ন ধৰণে আমেজ দিয়ে। ঠিক তেনেদৰে যৌৱনৰ উত্তাল তৰঙ্গই ঢৌখেলা
সময়ত হৃদয় তিয়াই যোৱা বৰষুণ জাকৰ স্বাদ কিন্তু বহুত মিঠা । পাহৰিব নোৱাৰা । সেইজাক বৰষুণৰ বিশেষত্ব প্ৰকাশ কৰিবলৈ কবিয়ে বিভিন্ন ঋতুত হোৱা বৰষুণ আলম লৈ ভালপোৱাৰ বৰষুণ জাকৰ অপৰূপ
সৌন্দৰ্য্যৰে ভৰাই তুলিছে অনুভৱৰ মোহময়ী চিত্ৰপট । সেইবাবেই কবিয়ে উল্লেখ কৰিছে এনেদৰে । "ভালপোৱাৰ / বৰষুণ জাকত তিতিছেনে আপুনি/যদি তিতিছে, তেন্তে কেনে বৰষুণত তিতিছে / বাৰিষাৰ পূৱাৰ নাঙলৰ স'তে/উৎকট গৰমৰ ভৰ দুপৰীয়া / বৰদৈচিলাৰ কোবাল গতিত, /তুষাৰ অমাৱস্যাত । আকৌ কবিয়ে কৈছে," তিতিছেনে /ঠেঁটুৱৈ লগা জাৰৰ দিনত / তিতিছেনে কেতিয়াবা
কেতিয়াবা বাটে - হাটে /তিতিছেনে কেতিয়াবা প্ৰেমিক বন্ধুৰ স'তে একেলগে। " যদি তিতা নাই, তিতি চাবছোন /মাজে মাজে পাতলিয়াকৈ/সময় পালে জুৰুলি জুপুৰিকৈ/মূৰৰ পৰা ভৰিলৈকে, শৰীৰৰ আভৰণ বুৰ যোৱাকৈ/আৰু দেহৰ ভিতৰে ভিতৰে /আৰু তিতি চাবছোন /হৃদয়খন গলি যোৱাকৈ ।
কাব্যসংকলনত সন্নিৱিষ্ট আৰু এটা হৃদয় চুই যোৱা কবিতা" আধালিখা গান " (পৃষ্ঠা নং ৯২)। এটা মৰ্মস্পৰ্শী কবিতা । আৰাধ্য পিতৃৰ অকাল বিয়োগৰ এখন দুখৰ ছবি অংকণ কৰিছে । মানুহ মৰণশীল হ'লেও অকাল মৃত্যুৱে আত্মীয় স্বজনক দি যায় বহু দুখ যান্ত্ৰণা। জীৱন যাত্ৰাৰ সেন্দুৰীয়া অথবা খলাবমা বাট অতিক্ৰমি মায়ামোহেৰে আবৃত সংসাৰ খনত কৰণীয় বহু কামেই আধৰুৱা হৈ ৰয়। " আধালিখা গান কবিতা" ৰ প্ৰতিকী কবিতাটোৰ যোগেদি দেউতাকৰ আধৰুৱা জীৱনৰ দুখ বিজড়িত জীৱনৰ চিত্ৰখন উপস্থাপন কৰিছে অতি সুন্দৰ আৰু সাৱলীলভাৱে। "যোৱা নিশাৰ দুপৰত /আগেয়ে নোযোৱা বাটেৰে /দেউতা গ'লগৈ। / আধা লিখা গানটো মুঠিতে লৈ /ভৰিৰ তলৰ /মূৰৰ ওপৰৰ/সমানে সমানে /আপোন বুলি ভবা/আপোনবোৰ /আপোনাৰ হাতত এৰি গ'ল। /তেওঁ এতিয়া /নিতালে, নিঃশব্দে /অকপটে, বিনা প্ৰতিবাদে /আইৰ কোলাত/দোষমুক্ত পবিত্ৰ আঁচলৰ মাজত।
বহুত ভাল লাগিল কবি মন্টু বৰুৱাৰ কাব্যসংকলন পঢ়ি। অনাগত দিনত নিতৌ নতুন সৃষ্টিৰে সাহিত্য পথাৰ জীপাল হৈ উঠক তাৰ কামনাৰে ইমানত সামৰিলোঁ।
শেষত অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ।