Type Here to Get Search Results !

আহোম প্ৰশাসন ব্যৱস্থাত নগা সকলৰ ভুমিকা

 দীপজ্যোতি বৰগোহাঞি (মাদুৰি )


ছশবছৰীয়া আহোম ৰাজত্ব কালৰ আৰম্ভণিৰ পৰা আৰু আহোমৰ মাজত এটা নিবিড় সমন্ধৰ সম্পৰ্ক চলি আছিল ৷আহোম স্বৰ্গদেউ চ্যুকাফাই ডয় -কাও -ৰং পৰ্ৱত পাছলৈ  পাটকাই নামেৰে নামকৰণ কৰা পৰ্ৱত অতিক্ৰম কৰিক্ৰম কৰি আহোঁতে নগা সকলৰ লগত সংঘাট হৈছিল৷প্ৰথম অৱস্থাত চ্যুকাফাই  নগা সকলক কঠোৰ হাতেৰে দমন কৰিছিল ৷চ্যুকাফাৰ দিনৰে পৰা আহোম ৰাজ্যৰ পতনৰ সময়লৈকে নগাসকলৰ লগত বিভিন্ন কাৰণত বিবাদ হৈছিল আৰু নগা সকলে কৰা  বিদ্ৰোহ দমন কৰিবলৈ সামৰিক অভিযান চলাইছিল ৷এই সামৰিক অভিযানৰ বাবেই নগা সকলে আহোমৰ লগত মিত্ৰতা কৰিছিল ৷কেতিয়াবা নগাসকলক যুদ্ধত বন্দী হিচাবে ধৰি আনি নগা সকলক আহোমৰ ডা -ডাঙৰীয়াৰ পাইক খেলত খেলুৱাকৈ সোমোৱাই দিছিল ৷যাৰ ফলস্বৰূপে কেতিয়াবা নগা সকলে নগা কুঁৱৰীক আহোম ৰজালৈ উপহাৰ দি মিত্ৰতা স্থাপন কৰিছিল ৷আহোম ৰজাইও আহোমৰ ছোৱালী নগালৈ বিয়া দি নগাৰ লগত বৈবাহিক সম্পৰ্কৰে আহোমৰ তলতীয়া কৰিছিল ৷এনে উদাহৰণ আহোম বুৰঞ্জীত দেধাৰ উল্লেখ আছে ৷মুঠতে কব পাৰিযে আহোম ৰাজত্ব কালত আহোম আৰু নগাৰ  নগাৰ সম্পৰ্ক একেবাৰে এৰাব নোৱাৰা ৷নগাৰ পৰা আহোম খেলত অন্তভুক্ত হোৱা নগা আহোম সম্প্ৰদায়ৰ অন্তভুৰ্ক্ত ৷উদাহৰণ স্বৰূপে ----আহোম ৰাজত্ব কালত নগা জনগোষ্ঠীৰ পৰা নিজৰ প্ৰতিভাৰ বলেৰে বানফেৰা নগাৰ পৰা বৰপাত্ৰগোঁহাই পদৱী লোৱা নগা বিষয়া টেমা আৰু ল্যাতাও বৰপাত্ৰগোঁহাই ৷টেমা বৰপাত্ৰগোহাঁই ডাঙৰীয়া হৈছিল নৰিয়া ৰজাৰ দিনত আৰু ল্যাতাও বৰপাত্ৰগোঁহাই মন্ত্ৰী হৈছিল উদয়াদিত্য সিংহৰ দিনত ৷বুৰঞ্জীত এই পৰিয়ালটো বাঝছোৱাল বৰপাত্ৰগোঁহাই নামে প্ৰখ্যাত ৷কথিত আছে যে ;শৰাইঘাটৰ যুদ্ধত বাঘছোৱাল ল্যাতাও বৰপাত্ৰগোহাঁইয়ে বিশেষ ভুমিকা পালন কৰিছিল ৷ইয়াৰ উপৰিও বৰফুকন ;নাওবৈচা ফুকন ; ৰাজমন্ত্ৰী হাতীমুৰীয়া ফুকন ;আদি পদৱী নগা পৰিয়ালে  লিভ কৰি আহোম প্ৰশাসনত বিশেষ ভুমিকা পালন কৰিছিল ৷আহোম ৰাজত্ব কালত স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্ব কালত বৰবৰুৱা আৰু বৰফুকন বিষয়?বাবৰ সৃষ্টি হৈছিল ৷প্ৰথম বৰবৰুৱা লুখুৰাখন খেলৰ মোমাই তামুলী আৰু প্ৰথম বৰফুকন হৈছিল পানীসিয়া বিষয়বাব খোৱা লাঙ্গি পানীসিয়া ৷লাঙ্গি পানীসিয়া প্ৰথম বৰফুকন ৷আহোম বুৰঞ্জীত উল্লেখমতে বৰফুকন বিষয় বাব আদাবৰীয়া সন্দিকৈ ;লুখুৰাখন ;দুৱাৰা ;লানমাখ্ৰু চেতিয়া ;লাহন ;ফৈদৰ ব্যক্তিহে ভোগ কৰিছিল ৷আহোম ৰাজত্ব কালত বানফেৰা নগা বংশৰ দুজন লোকে বৰফুকন এজনে নাওবৈচা ফুকনৰ লগতে হাতীমুৰীয়া ফুকনৰ বিষয় বাব খাইছিল ৷উদাহৰণ স্বৰূপে-শিৱসাগৰ মহকুমাৰ বেতবাৰী মৌজাৰ পুৱ দিশত দিচাং (দিলিহ )নদীৰ কাষৰ বৰ্তমান  বাঁহগড উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুৱে আহোম ৰজা জয়ধ্ৱজ সিংহৰ ৰাজত্ব কালত বৰফুকন বিষয় বাব লাভ কৰা বানফেৰা নগাৰ চেংমুন বৰফুকনৰ বাৰী আৰু বাসস্থান আছিল ৷চেংমুন বৰফুকনে এই বাৰী আৰু পুখুৰী প্ৰতিষ্ঠা কৰিছিল ৷বাৰীৰ চাৰিও ফালে থকা যুৰীয়া ঢাপৰ চিন এতিয়াও বাৰীৰ কিছু অংশত দেখিবলৈ পোৱা যায় ৷বাৰীৰ মাজত তিনিটা পুখুৰী আছে তাৰে তিনিকোণীয়া পুখুৰীটো পোত গৈছে ৷বৰ্তমান ভালে থকা পুখুৰীটো ৰজা শহুৰ চেংমুন বৰফুকনৰ (বৰ্তমান স্থানীয় মানুহে চিকণসৰিয়হ পুখুৰী বোলে )পুখুৰীটোৰ মাটিকালি ৬বিঘা হব পাৰে ৷পাৰকেইটা যথেষ্ট ডাঙৰ ৷এটা দেখনিয়াৰ পুখুৰী ৷এই পুখুৰীটো আৰু বৰফুকনৰ বাৰীৰ এটি বৰ্ণনা মিৰজুমলাৰ লগত অহা বুৰঞ্জীবিদ চিহাবুদ্দিনৰ লিখনিত এনেদৰে পোৱা যায়==="The Borphukan ;who was the Raja's father=in- law had laid  an extremley elegent and fresh garden round a pure and sweet tank within grounds of his mansion .Truely it was a pleasant spot and heart revishing and pure abode .Owing to the excess of damp it is not the custom in this country to make the court yard of houses on the surface of the ground ;but they build their houses on platforms resting in wooden pillars (Shibauddin Talish ---Sir Edward Gait )চেংমুন বৰফুকনৰ দেউতাক নেওগ বৰফুকনৰ বাসস্থান আছিল বাঘচুত (বৰ্তমান বেতবাৰীৰ বাঘচু  মৌপিয়া গাঁৱত )তাতো নেওগ বৰফুকনে খন্দোৱা পুখুৰী আছে ৷মৌপিয়া গাঁৱত থকাৰ বাবে স্থানীয় লোকে মৌপিয়া পুখুৰী বোলে ৷আচলতে এইটো নেওঁগ বৰফুকনৰ পুখুৰীহে ৷নেওঁগ বৰ ফুকনে তেওঁৰ বাসস্থান বাঘচু আৰু হাড়িপুৰা আলি সংযোগ কৰি নেওঁগ বৰফুকনে ২কি মিটাৰ দৈঘ্যৰ এটা আলি বন্ধোৱাছিল বৰ্তমান এই আলিটোৰ নাম মৌপিয়া আলি ৷দিচাং (দিলিহ )নদীৰ কাষত থকা চেংমুন বৰফুকনৰ বাৰীৰ মাজৰ দুটা পুখুৰীৰ এটাৰ নাম স্থানীয় লোকে চিকণ সৰিয়হ পুখুৰী বুলি কয় যদিও আচলতে এইটো চেংমুং পুখুৰীহে ৷আনটোৰ নাম টেঙানি পুখুৰী ৷উল্লেখ্যযে আহোম ৰাজত্ব কালত খন্দোৱা পুখুৰীৰ ওচৰা ওচৰিকৈ থকা দুটা পুখুৰীৰ নাম টেঙানি পুখুৰী বুলি উল্লেখ আছে ৷কেন্দুগুৰি বৰপাত্ৰগোঁহাই পুখুৰীৰ ওচৰতো কেন্দুগুৰিয়া ডাঙৰীয়াই খন্দোৱা ;এটা পুখুৰীৰ নামো টেঙানি পুখুৰী কিন্ত এই টেঙানি পুখুৰী নামটো কিয় দিয়া এই ক্ষেত্ৰত বুৰঞ্জী একেবাৰে নিমাত ৷স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এজন বানফেৰা নগা ফৈদৰ বৰফুকন বিষয় বাব খাইছিল ৷আহোম ৰাজত্ব কালৰ আৰম্ভণিৰ  সময়খিনিত জাত কুলৰ বিচাৰতকৈ প্ৰতিভাক আগস্থান দিয়া  হৈছিল (কৃতজ্ঞতাৰে বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোহাঁইলৈ )আৰু নিজস্ব ক্ষেত্ৰ ভিত্তিক অধ্যয়ন )