আলোকপাতঃ-সুৰভি বৰ পাত্ৰ গোহাঁই
"শৰতৰ শেৱালি ৰাতি" ৺ৰমা বৰ পাত্ৰ গোহাঁই (মোৰ শ্ৰদ্ধাৰ ককাইদেউ) ৰ এখন সুন্দৰ কাব্য সংকলন। কাব্য সংকলন খনৰ প্ৰকাশ কাল-২৮ জানুৱাৰী ২০১৫ চন। কেন্দুগুৰি গোহাঁই গাঁৱত অনুষ্ঠিত হোৱা বৰ পাত্ৰ গোহাঁই বংশাৱলীৰ উদ্দেশ্যে কাব্য সংকলন খন তেখেতে উচৰ্গা কৰিছিল।
কাব্যসংকলনৰ সুন্দৰ বেটুপাত অংকন - পলাশৰ , মুদ্ৰণ-বিনায়ক অফচেট, শংকৰ মন্দিৰ পথ, শিৱসাগৰ । বিশিষ্ট কবি প্ৰেম গগৈদেৱে কিতাপ খনৰ পাতনিতে কেইবাটাও কবিতাৰ আলোকপাত কৰাৰ উপৰিও সামগ্ৰিক ভাৱে কিতাপখনৰ প্ৰায়বোৰ কবিতাৰেই সম্যকভাৱে আলোচনা কৰিছে । শুভেচ্ছা মুলক লিখনিটোৱে কাব্যসংকলনৰ দুগুণে
সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে পাঠকৰ ওচৰ চপাই আনিবলৈ সক্ষম হৈছে।
বেতবাৰী বৰ পাত্ৰ গোহাঁই গাঁৱত জন্ম গ্ৰহণ কৰা ৰমা বৰ পাত্ৰ গোহাঁই কৰ্ম সূত্ৰে অৰুণাচল প্ৰদেশত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল। চাকৰি অৱসৰৰ পিছত তেওঁ ধেমাজি জিলাৰ চিলাপথাৰৰ স্থায়ী বাসিন্দা হৈছিল । কাব্যসংকলন "শৰতৰ শেৱালি ৰাতি" উপৰিও তেখেতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি সাহিত্য জগতলৈ অৱদান আগবঢ়াই গৈছে। অৱসৰ পিছৰ সময়ছোৱাত জীৱনৰ ভিন্ন অভিজ্ঞতাৰে লিখা "শৰতৰ শেৱালি ৰাতি" পাঠকৰ মন মুগ্ধ কৰিব পৰা এখন কাব্যসংকলন।
কাব্যসংকলনত সংকলনখনত মুঠ চৌষষ্ঠিটা কবিতাৰে সজাই তোলা হৈছে। বেছি ভাগ কবিতাতেই প্ৰকৃতি, প্ৰকৃতিৰ ভিন্ন ৰূপ, মানুহ, মানৱতা, প্ৰেম, হাঁহি কান্দোন আদি ভিন্ন সময়ৰ ভিন্ন অভিজ্ঞতাৰ ছবি কবিতাৰ বিষয়বস্তু হিচাপে নিৰ্বাচন কৰি লৈছে। তদুপৰি স্বদেশ, স্বজাতি, দূনীৰ্তি, ভ্ৰষ্টাচাৰ, ইতিহাস আৰু সুখ দুখৰ ছবি অংকন কৰিছে কাব্যিক চিত্ৰপটত । কেতিয়াবা কবিৰ অনুভৱত বিদ্ৰোহৰ অগ্নিয়ে ভুমুকি মাৰিছে। সেই কথা কাব্য সংকলন খনৰ" বিদ্ৰোহ " নামৰ কবিতাটো (পৃষ্ঠা নং ৭০) ৰ মাজলৈ সোমালেই বুজিব পাৰি কবিৰ অন্তৰত পঞ্জীভূত হৈ থকা ক্ষোভৰ কথা। "বিক্ৰী হৈ গ'ল অসমীয়া জাতি /পূৱাবনে কেতিয়াবা দুখৰ ৰাতি /জনতাৰ ৰায় চৰকাৰে শুনিব নোখোজে /স্বাধীন মনৰ পোহৰ /সিহঁতেই ঢাকিব খোজে /বিষাদৰ কুৱঁলীয়ে /ঢাকিছে সমাজ/চিৎকাৰ, আৰ্তনাদ, কোলাহল /ভগ্ন হৃদয়ৰ।
ঠিক তেনেদৰে কেতিয়াবা ক্ষোভৰ বিপৰীতে জীৱনবোধৰ দিশটোৰ কথাটোও পৰিস্ফুট কৰি তুলিছে কাব্য সংকলন খনৰ "জ্ঞান দৰ্শন" নামৰ (পৃষ্ঠা নং ৫৩) কবিতাটোত। "নিয়ৰৰ কণিকাও নহয়/ বাৰিষাৰ বৰষুণও নহয়/ কত শত যুগ ধৰি/বৈ আছে সেই নদী/কোনেও নেদেখাকৈ /কোনেও নজনাকৈ /জীৱন চক্ৰৰ নৈ । / পাপ পূণ্য লগত লৈ /পুনঃ জনম ধৰি/জীৱবোৰ নপৰে ভাগৰি। / জীৱন মৰণ দুয়ো একেডাল ৰছিৰে/গাঁথি ফুৰিছে ঘূৰি/পৰম আত্মা পৰমেশ্বৰ /জীৱন লগতে ফুৰিছে ঘূৰি।"
এনেদৰেই দেখা যায় যে ৺ৰমা বৰ পাত্ৰ গোহাঁই কাব্য সংকলন খনৰ প্ৰতিটো কবিতাই ভিন্ন স্বাদেৰে পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ভাৱৰ গভীৰতাই কবিতাবোৰত এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে ।
ভাল লাগিল কাব্য সংকলন খনৰ চমু আলোকপাত কৰি। লেখকৰ আত্মাৰ চিৰশান্তি কামনা কৰি, অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি আজিলৈ ইমানতে সামৰণি মাৰিলো ।