Type Here to Get Search Results !

অংকুৰণ

 নৃপেন ৰাজোৱাৰ


দিঠক দিঠক লগা জীৱনবোৰ
কত ঘাট প্ৰতিঘাটৰ অংকুৰণ
এটি কলি দুটি পাতৰ আৰত
লুকাই থকা
কত যে ''দু:খ''
দেউতাৰ কামিজৰ সুঘ্ৰাম
মাৰ আচলত লাগি থকা চকুপানী
সচাই অলিখিত জীৱন সংগ্ৰামৰ কাহিনী...

সেউজ বাগিচাৰ আৰে আৰে
সপোনবোৰে বিচৰণ কৰে
আৰু 
আমিবোৰ ...
বিচাৰি ফুৰো ''একুৰা জুই ''তেজৰ জুই
শিৰা-উপশিৰাই প্ৰৱাহিত হৈ পৰক "নৱ চেতনাৰ "
নৱ উত্তোৰণৰ ''..