Type Here to Get Search Results !

ছশ বছৰীয়া আহোম প্ৰশাসনত নগাৰ অৱদান (যোৱা খণ্ডৰ পাছৰ পৰা )

 দীপজ্যোতি বৰগোহাঁঞি


আগেয়ে উল্লেখ কৰি অহা যে ;আহোম ৰাজত্বৰ আৰম্ভণিৰ পৰাই নগা আৰু আহোমৰ মাজত এটা নিবিড় সমন্ধ আছিল আৰু আছে  ৷স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত বানফেৰা নগা বংশৰ এজনে বৰফুকন বিষয়বাব পাইছিল ৷আহোম ৰাজত্বৰ আৰম্ভণিতে আৰু মাজৰ সময়ছোৱাত জাত--কুলৰ বিচাৰতকৈ প্ৰতিভাক আগস্থান দিয়া হৈছিল ৷আৰম্ভণি আৰু মাজৰ সময়ছোৱাত আহোম সকলৰ মাজত জাতি ভেদ প্ৰথা নাছিল ৷ফলস্বৰূপে অনান্য জাতিৰ মানুহেও আহোম জাতিৰ মাজত লগত মিলি গৈছিল ৷কাৰণ তেতিয়া হিন্দু ধৰ্মৰ জাতি ভেদ প্ৰথাৰ বীজ আহোম সমাজত সোমোৱা নাছিল ৷এক ভাত একমাত ব্যৱস্থা থকাত আহোম আৰু অনা আহোমৰ মাজত বিয়া বাৰু আৰু খোৱা লোৱা নিৰ্বিঘ্নে চলি গৈছিল ৷আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে আহোম সমাজলৈ বিৰ্পযয় নামি আহিল ৷""কাইচেংমুং ""কুকুৰা লগত লৈ আহোমে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত কুকুৰা পোহাৰ লগত নোপোহাই একেলগে খাব নোৱাৰা হ’ল ৷আহোম উদাৰ দৃষ্টিভংগীৰ বাবে স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত সাধাৰণ মোমাইতামুলী বৰবৰুৱা হৈছিল ;লাঙ্গি পানীসিয়া প্ৰথম বৰফুকন হৈছিল ;মৰাণ সম্প্ৰদায়ৰ লাকু বৰপাত্ৰ গোহাঁই ডাঙৰীয়াৰ বিষয়বাব পাইছিল ;বানফেৰা নগা লাহৰ বৰাহীৰ তোলনীয়া পুতেক নেওগ বৰফুকন হৈছিল ;বৰগোহাঁই ডাঙৰীয়াই তুলিলোৱা মাৰি ল’ৰাৰ পৰা বৰগোহাঁই" মিৰি সন্দিকৈ "নামৰ এটা ফৈদৰ সৃষ্টি হৈছিল ৷বুৰঞ্জীত টেমা বৰপাত্ৰগোহাঁই পৰিয়ালক "বাঘচোৱাল ল্যাতাও বৰপাত্ৰগোহাঁই ডাঙৰীয়াই বিশেষ ভুমিকা লৈছিল ৷পাছত বানচেঙীয়া পাতৰ খেলৰ অন্তৰ্ভুক্ত কৰিছিল ৷স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত প্ৰতিভা আৰু যোগ্যতাৰ বলত বানফেৰা নগা বংশৰ বৰফুকন বিষয় বাব লাভ কৰা ব্যক্তিজন হ’ল নেওগ ফুকন ৷বানফেৰা নগা বংশজাত নেওগ ফুকনৰ সম্পৰ্কে হিতেশ্বৰ বৰ বৰবৰুৱাই "আহোমৰ দিন "নামৰ গ্ৰন্হত এনেদৰে পোৱা যায় ""বৰপাত্ৰ খেলত লাচু বুলি এটা বৰাহী আছিল ৷'সেয়ে চাওৰোক 'হৈছিল ৷পাছে ৰজাদেৱে তাক ভাল পাই লিকচনৰ ওপৰত নেওগ পাতিলে ৷লাহৰ বুলি সেই খেলতে আৰু এটা বৰাহী আছিল সি অপুত্ৰক সি চাওৰোকৰ ওপৰত নেওগ হ’ল ৷সেয়ে বানফ্ৰা নগা ল’ৰা কিনি পো -বোধকৈ তুলিলে ৷পাছে লাহবু মৰিলত সেই নগাৰে ল’ৰাকো লিকচনৰ বৰা পাতিলে ৷পুৰ্বতে এইঘৰ নগা ৷"ড° সূৰ্য কুমাৰ ভূঞাঁদেৱৰ "অসম বুৰঞ্জী কথা "নামৰ গ্ৰন্থত ৰজা শহুৰ বৰফুকনৰ বৰ্ণনা এনেদৰে দিছে --""বৰপাত্ৰ খেলত লাহৰ বুলি বৰাহী এটা আছিল ৷চাওৰোকৰ নেওগ হৈ আছিল সি অপুত্ৰক ৷সেয়ে বানফ্ৰা নগাৰ ল’ৰা এটা কিনি পো-বোধকৈ তুলিলে ৷পাছে সি লাহৰ মৰিলত নগাৰ ল’ৰাকে লিকচোৱানৰ বৰা পাতিলে ৷ পাছে স্বৰ্গদেউৱে কাৰ্য কামত ভালপাই লাঙ্গি ফুকনৰ সলনি বৰফুকন পাতিলে ৷সেই নিমিত্তে নেওগ ফুকন হ’ল ৷এওঁৰে  পুতেক নামনিয়াল বৰফুকন হৈ ৰজা শহুৰ নাম ললে ৷এনে বহু তথ্যৰ সম্ভাৰ আহোম ৰাজত্ব কালৰ ৰাজ প্ৰশাসনত পাহাৰীয়া জাতি জনগোষ্ঠীৰ ভিতৰৰ নগা সকলৰ অৱদান অনস্বীকাৰ্য (সহায়লৈ কৃতজ্ঞতাৰে বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোহাঁই ডাঙৰীয়ালৈ )পৰবৰ্ত্তী খণ্ডলৈ