আলোক পাত- সুৰভি বৰ পাত্ৰ গোহাঁই
মোৰ অতি শ্ৰদ্ধাৰ কবি সমালোচক ৰুদ্ৰসিংহ মটক দেৱৰ "আৰ্টগীল্ডত এসন্ধ্যা" কাব্য সংকলন পঢ়িলোঁ ।এবাৰ নহয়, কেইবাবাৰো পঢ়ি কাব্য সংকলন খন পঢ়ি হৃদয়ংগম কৰিলোঁ । সুকীয়া স্বাদৰ , উচ্চ ভাৱসম্পন্ন কাব্য সংকলন । কবিৰ ভাৱাবেগ, কবিতাৰ উপস্থাপন, শব্দশৈলীৰ ব্যৱহাৰত কবিৰ কলমৰ নিপুণতা মন কৰিবলগীয়া । কবিতাসমূহ গভীৰ অৰ্থব্যঞ্জক, বিশাল পৰিসৰ, প্ৰচুৰ সম্ভাৱনাময় কাব্যিক সৃষ্টিৰাজীৰে কাব্য জগতৰ প্ৰৱল আলোড়ন সৃষ্টি কৰিবলৈ হোৱা কবি মটক দেৱৰ প্ৰতিটো কবিতাই পাঠকৰ মন চুবলৈ সক্ষম হৈছে । গভীৰ অধ্যয়নৰ যোগেদি পাঠকে কবিতাবোৰ হৃদয়ংগম কৰিবলৈ যত্ন কৰিলে কবিতা সমূহৰ উপলদ্ধি কৰিব পাৰিব । কাব্যশৈলী আৰু বিষয়বস্তু বৈচিত্ৰ উপস্থাপন কবিৰ নিপুণ হাতৰ পৰশেৰে জীপাল কৰিছে কাব্য সংকলন খনৰ প্ৰতিটো কবিতা ।
এই সুন্দৰ কাব্য সংকলন খন প্ৰকাশ কৰি উলিয়াইছে "কথাশিল্প প্ৰকাশন, ধেমাজি তিনিআলি । পৰিবেশক- কিৰণ প্ৰকাশন, ধেমাজি - ৭৮৭০৫৭ । ৰসৰাজ, গুৱাহাটী। এম. আৰ. পাব্লিকেশ্যন, যশোৱন্ত ৰোড, সৰস্বতী প্লাজা, পাণবজাৰ, গুৱাহাটী - ১ । অক্ষৰ বিন্যাস - বশিষ্টদেৱ ফুকন। মূল্য - ১২০টকা । মূদ্ৰণ-কস্তুৰী প্ৰিন্টাৰ্চ এণ্ড পাব্লিচাৰ্ছ, লাচিত নগৰ, সৈনিক ভৱনৰ সমীপত, গুৱাহাটী - ৭ । কাব্য সংকলন কাব্য ঋষি নীলমণি ছাৰৰ হাতত উচৰ্গা কৰিছে ।
শ্ৰদ্ধাৰ ৰুদ্ৰ সিংহ মটকদেৱ এগৰাকী অসমৰ আগশাৰীৰ কবি । তেখেতৰ কবিতা কেৱল অসমতে নহয়, ভাৰতৰ বাহিৰেও বিভিন্ন ৰাজ্যৰ লোকে মটক দেৱৰ কবিতাৰ দ্বাৰা অনুপ্ৰাণিত । তেখেতৰ কবিতাৰ বিষয়বস্তু মানুহ, মানৱতা, সমাজ, সামাজিক জীৱন দৰ্শন, দেশপ্ৰেম, জীৱনবোধ, বিশ্ববোধ, প্ৰকৃতিপ্ৰীতি আদি বিষয়বস্তুৰ বিশালতাৰ পৰিচয় দাঙি ধৰিছে কাব্যিক চিত্ৰপটৰ যোগেদি ।
কাব্য সংকলন খনৰ "এধানি আগলতি----" ত কবি মনৰ বিশাল অনুভৱৰাজীক তুলি ধৰিছে এনেদৰে । শ্ৰদ্ধাৰ কবি গৰাকীৰ অনুভৱৰ কিয়দংশ তুলি দিলোঁ ।
"ৰূপ - বৰ্ণ গন্ধৰে উদ্ভাসিত পোহৰ - ধুনীয়া কবিতাৰ শইচ্ ।নে হৃদয় - সীৰলুৰ সেউজীয়া শিপা চুই উঠি অহা
আত্মবোধৰ বীজ - বৰ্ণমালা? 'হে স্ফটিক শব্দ /মোৰ ছায়া আৰু আলোৰ ঈশ্বৰ! /তোমাৰ উশাহত/বিয়পি আছে পাহ মেলা গোলাপৰ বিষাদ /ৰঙা কলিজাৰ মৰ্মৰিত গাঁথা। ৰক্তৰ বাবে কান্দোন /ৰ'দৰ বাবে গান'(শব্দ সুগন্ধ অথবা প্ৰভাত /ভালপোৱাৰ জলফাইৰঙী পৃথিৱী)। কি বিপুল স্পৰ্শময় কবিতাৰ কবিতা নামৰ পৰমাণুসুক্ষ্ম এই নান্দনিক শব্দ শিল্প! কুশল বতৰা দিবলৈকে যেন যুগে যুগে কবিতাৰ জন্ম। এটা মৃতপ্ৰায় ভাষাৰ অভিধান আৰু ব্যাকৰণৰ জপনা চেৰাই কবিতা হ'ব পাৰে প্ৰেম আৰু মানৱতাৰ মৰ্মৰিত বাণী । ' আজি আমি কবিতা বুলি কোৱা এই মানৱ কন্ঠলৈ কাণ দিয়াৰ সময় আহি পৰিছে । প্ৰেমৰ অভাৱ নিৰ্বাপিত হোৱাৰ আশংকাৰে যি কন্ঠ আক্ৰান্ত, তথাপি যি পুনৰুজ্জীৱিত হয় বাৰে বাৰে। ভাবুকি সৃষ্টি হ'লে ই আশ্ৰয় বিচাৰি লয়, প্ৰত্যাখ্যান হ'লে ই পুনৰ শিপায় আঁৰ ঠাইত। ই সৰু-বৰ ঠাই নিচিনে, পৃথিৱীৰ প্ৰতিজন মানুহৰ হৃদয়ত ইয়াৰ স্থান ' (জৰ্জ ছেফেৰিচ)। সংবেদী হৃদয়ৰ মহিমান্বিত সৃষ্টি শিল্প কবিতাৰ মৌ - কোঁহতে আমি আমি সন্ধান কৰিব লাগিব জীয়াই থকাৰ অমল উত্তাপ, সোণালী ধানৰ উম "।
তত্বগধুৰ কথাখিনি ভাৱৰাজীৰ গভীৰতা উপলব্ধি কৰিব পৰাটোৱেই পাঠকৰ সফলতা । তেখেতৰ ইতিমধ্যে কেইবাখনো কাব্য সংকলন প্ৰকাশ পাইছে আৰু পাঠকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । ৰুদ্ৰসিংহ মটক দেৱৰ কাব্য সংকলন কেইখন পঢ়ক আৰু তেখেতৰ অনুভৱৰ বিশালতাৰ লগত পৰিচিত হৈ সাহিত্য সম্ভাৰৰ বিষয়ে জ্ঞাত হওক ।
পাঠকৰ জ্ঞাতাৰ্থে কাব্য সংকলন খনৰ "আৰ্টগীল্ডত এসন্ধ্যা" নামৰ কবিতাটো তুলি দিলোঁ । এই কবিতাটো কবি কাব্য ঋষি নীলমণি ফুকনদেৱৰ হাতত অৰ্পণ কৰিছে ।
"তোমাৰ আঙুলিৰ ফাঁকেদি হো-হোৱাই বৈ অহা ৰ'দ জলপ্ৰপাত এডৰা /তাতে তোমাৰ ঢকা ফুটা তেজৰ ৰঙা-সেউজীয়া ঢৌ লাগি /জন্ম হ'ল নেকি পূৰঠ বীজৰ দৰে উজ্জ্বল ধাতৱ শব্দবোৰ /। মোৰ আজিও মনত পৰে আৰ্টগীল্ডত সিদিনা /সন্ধ্যা যে কৈছিলা তুমি /হৃদয়ত পাহ মেলা কবিতাৰ দৰে /অৰণ্যৰ কোনো গছেই ইমান সেউজীয়া নহয় /পৃথিৱীৰ বাগিচাৰ কোনো ফুলেই ইমান ৰঙা, ইমান ধুনীয়া নহয় / কেতিয়াবা তোমাৰো বাৰু এনেকুৱা হয় নেকি /সেউজীয়াৰ প্ৰেমৰ নিচাত তুমি খাব নোৱাৰা, শুৱ নোৱাৰা ৰাতি ৰাতি /ভিতৰি ভিতৰি একো ক'ব নোৱাৰা কৈয়ে /তুমি সাংঘাটিক সলনি হৈ যোৱা তুমি । /তোমাৰ গালে- মুখে আশ্বৰ্য সেয়া কি জ্বলে/ বুকু ফুটি উজাই অহা একুৰা বিষাদ /নে লুইতৰ ঢৌ ফালি /ঢপলিয়াই উঠি অহা পাতি-সোণাৰুৰ বেলি। / দোঁ-খাই পৰা গোলাপী জামুৰ লগ্ন/নে জোনাক - সুবাসিত । কস্তুৰী কবিতাৰ বাট এৰি আমাৰ বাবে /তুমি ৰঙা তেজৰ কোঁহত কেনেকৈ যে মেলি লৈছা/কাঁইট, গোলাপ আৰু কাঁইটৰ এখন /প্ৰাচীৰ অৰণ্য, /থোকা-থুকি শব্দৰ চকুপানীৰবোৰ মচিবলে'/তোমাৰ দৰে লুকাই লুকাই কোনেও উচুপিব জনা নাই / ৰাতিৰ ঘাঁহনিত/পৃথিৱীৰ কোনো কবিয়েই তোমাৰ দৰে/পাঠ কৰিব জনা নাই দুঃস্বপ্নৰ কঠিন /জুয়ে পোৰা বোকাৰ নাঙল আৰু /ফুটপাথৰ তৰাবোৰৰ দুঃখ/আজাৰাৰ বাইহঁতৰ /ফাটি যোৱা কলিজাৰ শোকগীত। /ভোগবাদৰ বমি-বিষ্ঠা নৰকৰ ৰাতিবোৰত /হেৰাই যোৱা বৰটোকোলা-বুদ্ধিজীৱিহঁতৰ দৰে /আমিতো ভবা নাছিলো /শোক তাপ প্ৰেম নাই সত্য - মিথ্যা-ন্যায়ৰ /
তৰ্জু নাই /জীৱন মাথোঁ শূন্যগৰ্ভ মাটিৰ টেৰাক'টা /বাখৰুৱা তেজ আৰু মঙহৰ চৌখিন স্থাপত্য । /নীলমণি, তুমি সপোনত পাগলৰ দৰে /কিয় বাৰু বাৰে বাৰে চিঞৰি উঠা / নীলপৱন, নীলপৱন। /চকুমেলি চোৱাচোন এবাৰ / হৃদয়ৰ খাজুৰাহোত পঁচি যোৱা শিল্পৰ ফছিল /সিজু আৰু কলমৰ ক্ৰুছত ৰাতি ৰাতি /অফুলন কবিতাৰ গৰ্ভপাত /ৰ' দৰ ভ্ৰুণৰ ৰক্তাক্ত ক'লাজ /হে কবিৰত্ন, তুমি মোক ক্ষমা কৰা কৰা সেয়া যে /তোমাৰ মননৰ হালধীয়া মমি নহয়, নহয় স্বপ্নৰ /অবাস্তৱ ফ্লেশ্ববেক্/সেয়া ঐতিহ্যৰ নক্ষত্ৰ-সৌধ নিচিনা আমাৰ /জীৱনহীন জীৱনৰ অথৰ্ব সাধনাৰ বিস্ফোৰিত বৰ্তমান আমাৰ /ঘোলা চকুৰ অস্থিৰতা, অসম্ভৱ ভৱিষ্যত /তুমি মোক ক্ষমা কৰা, হে নীলকন্ঠ /মোৰ আশা মোৰ ভাষা-ভাৰতীৰ হে চিৰভাস্বত সূৰ্য /চুই চাওঁ মই চুই চাওঁ তোমাৰ ওঁঠ/সেই যে ঢৌ ভাঙি তুলি /ৰাতি ৰাতি ফু দিছিলা সাগৰ-তলিৰ শঙ্খবোৰ । "
শেষত শ্ৰদ্ধাৰ কবি গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।