প্ৰভাত বৰদলৈ
অসম মুলুকৰ নাম জগতত
উজ্বলাই তোলা, অসমবাসীক আন্ধাৰৰ পৰা মুকুতি লভিবৰ বাট দেখাওঁতা শ্ৰীমন্ত শংকৰদেৱৰ
নাম মনলৈ আহিলেই তেৰাৰ গীত মাত খিনিও তাৎক্ষণিকভাৱেই সস্নেহ-সভক্তি-সগৌৰৱেৰে মনলৈ
আহে৷ গুৰুজনাৰ গীত-মাত মানেই ভাৰতৰ প্ৰাচীন পৰম্পৰাগত সংগীতৰ ঐতিহ্যৰ ভেটিত প্ৰতিষ্ঠিত
এক পৰম আঢ্যৱন্ত সংগীতৰ ধাৰা, যি সমূহ গীত-মাতে অসম ৰাজ্যৰ পৰিসীমা ভেদি ভাৰতৰ
ভিন্ন কোণত, আনকি বিদেশৰো বহু ঠাইত সমাদৃত হৈছে৷
ভাৰতৰ সংগীত চৰ্চা
বৈদিক যুগৰে প্ৰাচীন৷ তাৰোপৰি কিছু সংখ্যক পণ্ডিতে চাৰিবেদৰ ভিতৰৰে সামবেদক সংগীত
শাস্ত্ৰ বুলিও কয়৷ পঞ্চমবেদ মহাভাৰতৰ, ভৰত মুনিৰ নাট্যশাস্ত্ৰ, সাহিত্যদৰ্পন,
অভিনয়দৰ্পন, অগ্নিপুৰাণ, দশৰূপক, ভৱভুতি, কালিদাস আদি নাট্যকাৰ সকলে ৰচনা কৰা
নাটসমুহ, শাঙ্গদেৱৰ ‘সঙ্গীত ৰত্নাকৰ’, ‘সঙ্গীত দামোদৰ’, ‘নাৰদীয় শিক্ষা’,
‘মাণ্ডুকী শিক্ষা’, ‘নৃত্য-ৰত্না-কোষ’, শ্ৰীহস্ত মুক্তাৱলী আদি অনেক শাস্ত্ৰ ৰচনাৰ
যোগেদি গীত-বাদ্য-নৃত্য এই তিনিও ধাৰা সঙ্গীতৰ চৰ্চা ভাৰতবৰ্ষত ধাৰাবাহিকভাৱে স°Iালনিকৈ চৰ্চা হৈ আহিছে৷ দেশৰ ৰজা-মহাৰজা, সম্ৰাট আৰু বাদশ্বাহ
সকলৰ পৃষ্ঠপোষকতাত পিছলৈ প্ৰাচীন পৰম্পৰা চলি থকাৰ উপৰিও দেশ-বিদেশৰ নব্য সঙ্গীতৰ
ধাৰাৰ আমদানি হ’ল৷ হিন্দু-মুছলমানৰ সঙ্গীতৰ সংমিশ্ৰণ ঘটিল৷ নতুন বাদ্যযন্ত্ৰৰ
সৃষ্টি হ’ল৷ সঙ্গীতৰ ঘৰাণাৰ জন্ম হ’ল৷
মধ্যযুগত ভাৰতত বৈষ্ণৱ
আন্দোলনে গা-কৰি উঠাৰ লগে লগে সাধক ভক্তসকলে সঙ্গীতৰ মূ২৬১্নাৰে ভগৱানক বৈকুণ্ঠৰ
পৰা মৰতলৈ নমাই আনিলে৷ তুলসীদাস, কবীৰ, নানক, শ্ৰীচৈতন্য, দাদু, একনাথ, তুকাৰাম,
মীৰাবাঈ আদি বৈকুণ্ঠপ্ৰাণ ভক্ত তথা ধৰ্মপ্ৰচাৰকৰ নাম এই ক্ষেত্ৰত উল্লেখযোগ্য৷
ভাৰতত হিন্দুস্থানী আৰু কৰ্ণাটকী এই দুই পৰিচিতিৰে শাস্ত্ৰীয় সংগীতৰ চৰ্চা তথা
প্ৰসাৰ আৰু প্ৰচাৰ হ’ল৷ অসমতো প্ৰাগ ঐতিহাসিক কালৰে পৰা দেৱালয়, মঠ-মন্দিৰ আদিত
সংগীতৰ চৰ্চা হৈছিল৷ দেৱদাসী-নটী সকলৰ গীত, ওজাপালি, ঢুলীয়া-ভৱৰীয়াৰ গীত
ইত্যাদিবোৰ শ্ৰীমন্ত শংকৰদেৱৰ আগৰে সাংস্কৃতিক সম্পদ৷ সৰ্ব গুণ সম্পন্ন গুৰুজনাই
অসমৰ প্ৰাচীন অধিবাসী ভূমিপুত্ৰ সকলৰ গীত-মাতবোৰ নকৈ সজাই অমৃতময় মহাপুৰুষীয়া
সংস্কৃতিৰ ভাণ্ডাৰ গঢ়িলে৷ নাট-ভাওনা, গায়ন-বায়ন, শ্লোক-ভটীমা, চোঁ-মুখা, নটুৱা,
ৰংবৰণ, অঙ্কৰগীত, বৰগীত সৃষ্টি কৰি অসমীয়া
সংস্কৃতিৰ ভঁৰাল চহকী কৰি তুলিলে৷ পিছলৈ সংকীৰ্ত্তনীয়া গীত-পদ গাই ভকতৰ গা বেছিকৈ
উঠিলেও কীৰ্ত্তন-দশম-নামঘোষাৰ ছবি, দুলড়ী, পদ, লেছাড়ীৰ সংগীতময়তা বা সাংগীতিক
গুণ স্ব-মহিমাৰে উজ্জ্বল হৈ ৰ’ল৷
গুৰুজনাৰ সংস্কৃতি
মানেই কৃষ্ণ সংস্কৃতি৷ আনহাতে ‘কৃষ্ণ’ শব্দটোতে ‘আনন্দ’ অভিধাটি লুুকাই আছে৷ ৰাম
অৱতাৰত দণ্ডকাৰণ্যবাসীক দিয়া প্ৰতিশ্ৰুতি মতেই দ্বাপৰত গোকূলৰ গোপী সকলৰ সৈতে
কৃষ্ণই ৰাসক্ৰীয়া কৰিব লগা হয়৷ ভাগৱতৰ দশমত উল্লেখ থকা মতে -
শৰতে কালৰে চন্দ্ৰ অতি
বিতোপন
ৰাসক্ৰীড়া কৰিবাৰ
কৃষ্ণৰ হৈল মন৷
দৰাচলতে শৰত ঋতু মানেই
এক শান্ত-সমাহিত প্ৰাকৃতিক বাতাবৰণৰ পৰিৱেশ৷ পৃথিৱীত এনে কবি হয়তো খুউব কমেই ওলাব,
যিজন এবাৰৰ বাবে হ’লেও শৰৎ ঋতুৰ প্ৰেমত পৰা নাই৷ গুৰুজনাই সেয়ে শৰৎ বৰ্ণনা কৰি
কৃষ্ণৰ গোপী প্ৰেমৰ প্ৰকাৰন্তৰে গোপী সকলৰ কৃষ্ণৰ প্ৰতি আশক্তিৰ মায়াময় পৰিৱেশৰ
পাতনি মেলিছে৷
ভৈলন্ত উদিত চন্দ্ৰ
পূৰ্ব্ব দিশ হন্তে৷
কামাতুৰা স্ত্ৰী যেন
সন্তাপ মা৭১্ন্তে৷৷
অখণ্ড-মণ্ডল চন্দ্ৰ
দেখিলন্ত হৰি৷
কুঙ্কুমে অৰুণ
লক্ষী-মুখ পদ্ম-সৰি৷৷
গুৰুজনাৰ
আদৰ্শ-পৰম্পৰাৰ মূল কেন্দ্ৰ স্থল অসমৰ সত্ৰ সমূহত ৰাস উৎসৱ পালনৰ ইতিহাস বহু
পুৰণি৷ জনশ্ৰুতি মতে ১৭৬২ শকত মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পালন
কৰা হৈছিল৷ তাৰ পিছলৈ মাজুলীৰ অন্য সত্ৰ সমূহৰ লগতে অসমৰ চুকে-কোণে ৰাস উৎসৱ পালনৰ
জোৱাৰ উঠিবলৈ ধৰিলে৷ অন্যহাতে ৰাস মানেই গীত-নৃত্যৰ বাহাৰ বা সমাহাৰ৷ শংকৰী সংগীতৰ
পৰম্পৰাৰেই ৰাসৰ গীত-মাত পৰিৱেশন হ’ব লাগে যদিও শ্ৰোতা-জনতাৰ পছন্দ সলনি হোৱালৈ
চাই আজিকালি গীতৰ কথা, সুৰ-সঞ্চাৰ, বাদ্য যন্ত্ৰৰ প্ৰয়োগ আদি বহু পৰিমাণে সলনি
হৈছে৷ আচলতে ই ঐতিহ্য-পৰম্পৰাৰ পৰিপন্থী৷ গুৰুজনাৰ যি বৰ্ণাধ্য সংগীতৰ স্বাদ আৰু
মান সেয়া অটুত ৰখাটো কাম্য হোৱাৰ লগতে সেইখিনিৰ প্ৰতি চকু দিয়াটো আমাৰ পৰম
কৰ্ত্তব্যও৷
দক্ষিণপাট সত্ৰৰ ঐতিহ্য
বহন কৰা ৰাসত গোপী সকলে গোৱা নাম কেইফাকিমান তলত উল্লেখ কৰা হ’ল -
কি নো চিকুন কদম জুপি
কি নো চিকুন পাত,
চিকুন কানাই বংশী বজায়
ৰাধাই লগাই মাত৷
আনি দিলে নৌকা খনি
আনি দিলে ব’ঠা
মনত ৰঙে গোপীসৱ
নৌকা খনিত উঠা৷
গোপী উঠিল নৌকা খনিত
নিজে উঠিল নাওঁ,
মনত ৰঙে গোপী সৱে
বৈকুণ্ঠলৈ যাওঁ৷
বৃন্দাবনৰ তৰু লতা হাতে
ঢুকি পায়
কদমতে উঠি কানাই মুৰুলী
বজায়৷
কদমতে উঠে কানাই কদম
হালে জালে
কদমৰ চনকা ডাল জানো
ভাগি পৰে৷
গোসাঁই গৈছে ফুল
ছিঙিবলৈ
ৰাধাই দিছে হাক
নিছিঙিবা কদম কলি
নেলাগে আমাক৷
ৰাধা আহি ৰৈ আছে
কৃষ্ণই ঘূৰি চায়
বহুদিলে ৰাধাকৃষ্ণৰ
দেখাদেখি নাই৷
ৰাধা তুমি নৰহিবা
আঁহা বেগত কৈ
চিকুণ গোসাঁই বাংশী
বজায়
কদম গছত ৰৈ৷
আইস আইস ৰাসেশ্বৰী
প্ৰাণৰ ৰাধিকা৷
বৃন্দাবনে ৰাসক্ৰীয়া
হৈব মহানিশা৷
শৰতে কালৰে চন্দ্ৰ অতি
বিতোপন
ৰাসক্ৰীড়া কৰিবাৰ
কৃষ্ণৰ হৈল মন৷
