Type Here to Get Search Results !

আহোম ৰাজত্বৰ সময়ৰ এজন সুদক্ষ আৰু মহাজ্ঞানী ৰাজমন্ত্ৰী আতন বুঢ়া গোহাঁইৰ কৰ্মজীৱনৰ এটি অবলোকন

 দীপজ্যোতি বৰ গোহাঞি (মাদুৰি )


আহোম ৰাজত্বৰ বিপৰ্যয় তথা দুৰ্যোগৰ সময়ছোৱাত যিকেইজন ৰাজ বিষয়াই ৰাজ্যখনত  সুস্থিৰ বাতাবৰণ সৃষ্টিৰ বাবি অহোপুৰুষাৰ্থ চেষ্টা  কৰিছিল তাৰ অন্যতম আছাল ৰাজমন্ত্ৰী আতন বুঢ়া গোহাঁই ৷মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত কুৱৈগঞা লেচাম বুঢ়াগোহাঁইৰ মৃত্যু হোৱাত ১৬৬২ খ্ৰীষ্টাব্দত স্বৰ্গদেউ জয়ধৱজ সিংহই খনিকৰ বৰুৱা আতনক বুঢ়াগোহাঁই ৰ পদত অধিস্থিত কৰে ৷আতন বুঢ়াগোহাঁই ৰুক্ম ৰূপস্বৰ্গ বাঁহগড়ীয়া বুঢ়াগোহাঁই ডাঙৰীয়া নামেৰে জনাযায় ৷নিচেই কম বয়সতে আতন বুঢ়াগোহাঁইয়ে ৰাজমন্ত্ৰী ৰ বিষয় বাবত অধিস্থিত হৈছিল ৷বুঢ়াগোহাঁই ডাঙৰীয়াই মৃত্যুৰ সময়লৈকে আঠজন স্বৰ্গদেউ  ;জয়ধ্ৱজ সিংহ ;চক্ৰধ্বজ সিংহ ;উদয়াদিত্য সিংহ ;ৰামধ্ৱজ সিংহ ;স্বৰ্গদেউ চুহুং ;গোবৰ ;স্বৰ্গদেউ চুজিনফা ;স্বৰ্গদেউ চুডৈফাৰ ৰাজত্ব কাললৈকে ৰাজমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল ৷চক্ৰধ্বজ সিংহই সিংহাসনত উঠিয়েই মোগলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব বিচাৰিছিল ৷কিন্ত অতি দুৰদৰ্শী আতন বুঢ়া গোহাঁইয়ে সম্পুৰ্ণ প্ৰস্তুতি কৰিলৈহে যুদ্ধ কৰিবলৈ পৰামৰ্শ দিছিল ৷ৰাজমন্ত্ৰী বুঢ়া গোহাঁই ডাঙৰীয়াই পৰামৰ্শ এইদৰে দিছিল--"ৰজা হলে শত্ৰুক মাকি কাটি আপোনাৰ সীমাক ৰাখিব লাগে ;তেবেশে যশধৰ্ম বৃদ্ধি হব ৷দেবতাই যিমান বুলিছে উত্তমহে বুলিছে ৷সকল দিন স্বতন্ত্ৰ ৰাজা বঙালৰ আইচটি সহিব নোৱাৰি ৷দেৱতাই উত্তমহে কৈছে ;পাৰিতে পক্ষে যেন আজিয়েই ধৰিম ;কিন্ত ৰাজ্যত চাউল কঠা নাই ;বহা পাবনাটো ভাল ৰূপে নাই ;এতেকে বঙালক কিৰূপে ধৰা যাব ৷ৰাজ্যকো আহিলা পাতি যোগাই দিব লাগিব ৷সিয়ো আহিলা পাতি মাৰিলে বাৰম্বাৰ দিব লাগে ৷এতেকে আহিলা পাতি বহু লাগে ;কিন্ত ৰাজ্য ভাগিছে ;এতিয়াহে স্বৰ্গদেউৱে চপাই আনি পুৰ্বৰ ঠায়ে ঠায়ে পাতিছে ৷তাৰ চাউল কঠা ;কানি খান হৈছে নহৈছে তাকো বিচাৰ কৰিব লাগে ৷সকলো দব্যত চাউল কঠাহে প্ৰধান ;তাৰ বিকল হ’লে কোনো কাৰ্য সিদ্ধ নহয় ৷নাও নাওৰাখানি আহিলা পাতি ভাগে ভাগে যি দিন লগা এতিয়া স্বৰ্গদেউ ৱে সুধিলে জানিব আছে জোৰাই দিব পাৰিম ;কামৰ বেলা এৰি দিব নোৱাৰিব ৷তেতিয়া কাটিলে মাৰিলে কোনো খান নহব ৷কোনো সময়ত নাও আহিলা  পাতি সমস্তে পৰিধান আছে ৷আৰু  যদি দুই চাৰি বছৰ লাগি থকা গ’ল ;এতিয়া ভণ্ডাৰত অধিকাধিক ন’হলে তেতিয়া কি ৰূপে জোৰাই দিয়া যাব? এতিয়া বিচাৰ কৰি নিয়ম নকৰিলে সময়ত কাটিলে কাৰ্য ন’হব ৷"কুমাৰে চৰু বেচে ;আৰু কাঁড়ী পাইকে পৰলীয়া চাউল একঠা খাবৰ নিমিত্তে দুকড়া কড়িৰ চৰু এটা আনে ৷সকলে মুলি এবুৰি  কড়িৰ বেহানি সেয়ে হানি হয় বুলি পাইছে হাতত বজায় চায় ৷সেয়ে যদি হাতত নাবাজে নিয়ে নেকি ? আৰু চৰায়ে গছত বাস লৈ পোৱালী জগায় ৷পোবালী তুলি কিছু শকত হলে ঠোঁটত ধৰি উৰুৱাই চায় ইড়ালে সিড়ালে লৈ ফুৰায় ৷পাখি যদি গজিল উৰিব যদি পাৰিলে ;মাইকীৰ লগতে চৰি বুলি আহি যাহি বাঁহ লয়হি ৷উৰিব পাৰিলেহে মাটিলৈ নমায় ;তাতো আপুনি আহাৰ কৰিব পাৰিলেহে লগ এৰে ৷পাখি যদি সমান হ’ল মাইকীয়ে আহাৰ দিন নোৱাৰি যদি উৰুৱাই নিয়ে এক উৰণ দি পৰেগৈ ৷দোয়োবাৰ বাহ নাপায়হি ৷কোনোশিয়াল কুকুৰে খায় নাই মানুহে নিয়ে ৷"মানুহ চৰা নাওঁত উঠিব ৷আগৰ বৈচা ;মাঝৰ বৈচা পাচৰ বৈচা তিনিৰো একে লগ কৰি লগে চাব পাৰিলেহে দেখিবলৈ ও ভাল ;বাওতায়ো উৎসাহ পায় ;নাৱো চলে কঢ়াৰিয়ে দি চল পায় ৷আগৰ মাঝাৰ ;পাচৰ মাঝাৰ পাচৰ তিনিৰো যদি চাব হ’ল কঢ়িৰয়ো যদি চল নাপায় ;নাৱো নচলে ;দেখোঁ তায়ো ভাল নেদেখে ৷""এনে ৰূপে প্ৰমাণ কৰি দেবে যদি কাৰ্যত মন দিব পাৰে তেৱে শত্ৰুক মাকি পূব সীমনাত ৰাজ্য ৰাখিব পাৰে ৷""এইদৰেই  আতন বুঢ়া গোহাঁই ডাঙৰীয়াই   দুৰদৰ্শী পৰামৰ্শ আগবঢ়াইছিল ৷তেওঁৰ এই পৰামৰ্শ গ্ৰহণ কৰিয়েই স্বৰ্গদেউ চক্ৰধ্বজ সিংহই দুবছৰ যুদ্ধৰ আয়োজন কৰি মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷লাচাতক বৰফুকন নিৰ্বাচিত কৰোতেও স্বৰ্গদেউৱে বূঢ়াগোহাঁইৰ পৰামৰ্শ মানি চলিছিল ৷"আতনৰ পৰামৰ্শমতেই স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অসম উদ্ধাৰৰ বাবে দুবছৰ কাল ব্যাপি যুদ্ধৰ আয়োজন কৰিছিল ৷এওঁ ৰামসিংহৰ লগত যুদ্ধ দিবৰ বাবে গুৱাহাটী সুৰক্ষিত কৰি ৰাখিছিল ৷আৰু উত্তৰ পাৰে লঠিয়াত থাকি শৰাইঘাটৰ যুদ্ধত উত্তৰ পাৰৰ সৈন্য পৰিচালনা কৰিছিল  ৷এওঁৰ বুদ্ধি পৰামৰ্শ আদিৰ কাৰণেই লাচিত বৰফুকন শৰাই ঘাটৰ বিখ্যাত যুদ্ধত জিকিবলৈ সক্ষম হৈছিল (ইতিহাসে সো্ৱৰা ছশটা বছৰ সৰ্বানন্দ কোঁৱৰ )আতন বুঢ়া গোহাঁই অতি বিচক্ষণ ৰাজনীতিজ্ঞ পুৰুষ আছিল ৷মোগল সেনাপতি ৰামসিংহই আতন বুঢ়া গোহা"ইৰ ব্যক্তিত্বত মুগ্ধ হৈ কৈছিল ;""ইমান কোমল বয়সতে মানুহ এজন ইমান বুদ্ধিমান হ’ব পাৰে ;সেইয়া ভাবিলই আচৰিত লাগে ৷পৈনত বয়সত কোনেও তেওঁৰ সন্মুখত থিয় দিবকে নোৱাৰিব ৷যি দেশত এনে মন্তীৰ জন্ম হৈছে ;সেই দেশ ধন্য ৷““বিখ্যাত শৰাইঘাটৰ যুদ্ধত আতন বুঢ়া গোহাইয়ে উত্তৰ পাৰে থাকি সেনা বাহিনীৰ সেনাপতি আছিল লথিয়া পৰ্বতত ৷আতন বুঢ়া গোহাঁইৰ পৰোক্ষ যুদ্ধৰ সহায়তে মোগলৰ মনোবল ভাঙিবলৈ  চেষ্টা কৰা হৈছিল ৷(সহায়ক গ্ৰন্থঃ ৰাজতন্ত্ৰৰ ৰাজ বিষয়া আহোম যুগৰ ৰেখা মণি বড়া )