Type Here to Get Search Results !

কাব্যসংকলন-ৰ'দে পোৰা সপোন কবি- সবিতা বৰুৱা ফুকন

 আলোকপাত--সুৰভি বৰ পাত্ৰ গোহাঁই 


কবি সবিতা বৰুৱা ফুকনৰ "ৰ'দে পোৰা সপোন" কাব্য সংকলন খন পঢ়িলো । ২০২২ চনৰ চেপ্তেম্বৰ মাহত প্ৰকাশিত হোৱা কাব্য সংকলন খন "দিচাং প্ৰকাশন" পাটসাকোঁ, ডাক-পাটসাকোঁ, চৰাইদেউ,  (অসম) প্ৰকাশ কৰি উলিয়াইছে। বেটুপাত অলংকৰণ-জোনাক যুগান্তৰ বৰা। আৰ্হিপাঠ-প্ৰাঞ্জল মোহন বৰুৱা, অংগ সজ্জা-পংকজ ফুকন। মুদ্ৰক-আধুনিক 
অফ্চেট প্ৰেছ । 
  কাব্যসংকলনখন তেখেতৰ মৰমৰ কন্যা  সোণটি আৰু জোনটিৰ হাতত অৰ্পণ কৰিছে । কাব্যসংকলনৰ ভিতৰ চ'ৰালৈ যোৱাৰ আগতে কবি গৰাকী সম্পৰ্কে দুআষাৰ  কৈছোঁ। কবি সবিতা বৰুৱা ফুকন পেচাত এগৰাকী শিক্ষয়িত্ৰী। বকতা বাখৰ বেঙেনা নামৰ গাঁৱত তেখেতৰ জন্ম । পিতৃ ৰত্নেশ্বৰ বৰুৱা আৰু মাতৃ তৃষ্ণা বৰুৱা। বাখৰ বেঙেনাৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি তেখেতে  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কলেজীয়া জীৱনৰ পৰাই তেখেতে কবিতা, গল্প, প্ৰৱন্ধ লিখি বিভিন্ন কাকত, আলোচনীত প্ৰকাশ কৰি আহিছে। " ৰ'দে পোৰা সপোন " তেখেতৰ তৃতীয়খন কাব্য সংকলন। 
   ষাঠি উৰ্ধৰ  ভিন্নস্বাদৰ কবিতাৰে সজাই তুলিছে কাব্যসংকলন খন  । কবিয়ে মনৰ মাজত পুঞ্জীভূত হৈ থকা ভাৱৰাজীক অতি সহজ সৰল আৰু  প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে, পাঠকৰ বোধগম্য হোৱাকৈ । শব্দৰ জটিলতা নাই, যাৰ বাবে পাঠকে এটা কবিতাৰ মমাৰ্থ খুব সোনকালেই আয়ত্ব কৰিব পাৰিব । জীৱন বাটত আগুৱাই যাওঁতে  সন্মুখীন
হোৱা বাস্তৱ অভিজ্ঞতা, প্ৰতিকূল পৰিস্থিতিক কাব্যিক চিত্ৰপটত অংকণ কৰিছে অতি সুন্দৰ আৰু সাৱলীল ভাৱে। 
 কম কথাৰে বিস্তৃত অৰ্থবহন কৰা ভিন্ন সুৰী কবিতাবোৰ ভিন্ন স্বাদেৰে হৃদয়ংগম কৰিব পাৰি । 

   কাব্যসংকলনত সন্নিৱিষ্ট কবিতা "কিতাপ" (পৃষ্ঠা নং ১১) কবিতাটো পাঠকৰ জ্ঞাতাৰ্থে তুলি দিলোঁ ।
 
শৈশৱৰ পৰা মই/ সংগোপনে  কঢ়িয়াই লৈ ফুৰিছোঁ অলেখ সুগন্ধি /কিতাপৰ গোন্ধ / বুকুৰ পৰা বৈ আহে / ভাৱনাৰ সীমাহীন  বুৰবুৰণি /। এজাক কুৰুৱা বতাহে/আহি  কাণে কাণে ক'লে/আঁহা  বিচাৰি  যাওঁ /এখন নতুন পৃথিৱী/প্ৰাণে প্ৰাণে চুমা আকোঁ / হে কিতাপ /তোমাক ভাল পালে/ যন্ত্ৰণাই দগ্ধ নকৰে /বুকুৰ আঁচল/বৰঞ্চ  লহপহকৈ ফুলে /হৃদয়ৰ কৃষ্ণচূড়া /চৌপাশে সুগন্ধি বিলাই /এছাটি ৰ'দালি পোহৰে /পোহৰাই হৃদয় পদূলি । 
   কবিয়ে অনুভৱৰ চিত্ৰপটত অংকণ কৰিছে কিতাপে কেনেকৈ শৈশৱৰ পৰা সংগ দি জীৱন পোহৰাই তুলিলে । এপাহ
সুগন্ধি ফুলৰ সুবাসৰ লগত এখন কিতাপক তুলনা কৰিছে কাব্যিক অনুভৱৰ তুলিকাত। যাৰ সুগন্ধি সুবাসিত হৈ জীৱন যাত্ৰাৰ প্ৰতিটো পল অনুপল অতিক্ৰম কৰে । কিতাপৰ সংগ সুকীয়া। যাৰ সংগই দি যায় জ্ঞানৰ নতুন পথৰ সন্ধান। যি পথত নাথাকে খলাবমা, নাথাকে কাঁইটৰ বাধা। কেৱল কিতাপৰ সুগন্ধ আদৰি  ল'ব জানিলেই  হ'ল । কিতাপ প্ৰেমী হৈ কিতাপৰ জ্ঞান আয়ত্ব কৰি আগবাঢ়ি যাব পাৰিলে জীৱন যাত্ৰাৰ  পথ অতিক্ৰম কৰি সফলতাৰ দিশে আগুৱাই যাব পাৰিব। অৰ্থাৎ জীৱন জীৱন বাটত ফুলি উঠা সুগন্ধি কুসুমৰ সুবাসেৰে সুশোভিত হৈ জীৱন পোহৰাই তুলিব পাৰিব। সেই কথা কবিয়ে কবিতাটোৰ মাজেৰে সুন্দৰ আৰু সাৱলীল ভাষাৰে বৰ্ণনা কৰিছে। 
 জীৱন বোধৰ ওপৰত লিখা এটা কবিতা "জীৱন" ( পৃষ্ঠা নং ১৫) কবিতাটোত কবিয়ে জীৱন যাত্ৰাৰ তিক্ত অভিজ্ঞতাৰ 
বিষয়ে উপস্থাপন কৰিছে । জীৱন মানেই  সুখ দুখৰ সমষ্টি। জীৱন যাত্ৰাৰ পথ ইমান  মসৃণ নহয়। জীৱন জীয়াৰ উদ্দেশ্য সুখ অন্বেষণ কৰা যদিও সুখ বিচাৰি ফুৰোঁতে  দুখৰ উপৰি দুখৰ সন্মুখীন হোৱা দেখা যায়। যাৰ বাবে মানুহে সুখেৰে খাব নোৱাৰে, সুখেৰে শুব নোৱাৰে। কিন্তু কেতিয়াবা দুখবোৰ প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰি জীৱন যাত্ৰাত আগুৱাই যোৱাটোৱেই  জীৱনৰ সফলতা। সেইয়া কবিয়ে কাব্যিক চিত্ৰপটত বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে। 

"প্ৰতিটো ক্ষণতে খেদি ফুৰে /মোৰ সুখবোৰৰ প্ৰতিদ্বন্দীবোৰে/নাগৰাজে মোক আঁটি আঁটি/মেৰিয়াই ধৰে / নাগাজৰ বাহুতোলা আলিংগনত/মোৰ ৰক্তবণ প্ৰতিজ্ঞা কৰি/ৰজাই হুকুম দিয়ে/দুপৰ ৰাতি হাতত সাৰে /ভৰিত সাৰে টোপনিবোৰে /মোৰ ঘৰ এৰে/তেতিয়া, সপোন বোৰক নিচুকাওঁ /মিছা প্ৰেমৰ প্ৰলাপেৰে/আৰু নিচুকনি গীতেৰে /"শিয়ালী এ নাহিবি ৰাতি"। 
  এইদৰেই কাব্য সংকলনৰ প্ৰতিটো কবিতাই পাঠকৰ মন চুব পাৰিব বুলি মোৰ বিশ্বাস । আশাকৰোঁ আগন্তুক দিনত কবিৰ কাপেৰে নিত্য নতুন সৃষ্টিৰে কৃষ্টিৰ 
পথাৰ জীপাল কৰিব পাৰিব।