Type Here to Get Search Results !

তাই নিমাতী

 মিছ মৰ্জিনা বেগম


        সোৱনশিৰীৰ সুন্দৰপুৰৰ সুন্দৰী ।নাম তাইৰ জিলমিল ।তাই বৰ্তমান অষ্টম মান শ্ৰেণীৰ ছাত্ৰী। সুন্দৰপুৰৰেই এখন বিদ্যালয়ৰ মেধাৱী ছাত্ৰী হেনো তাই। সময়বোৰো যে ক'ৰপৰা কেনেকৈ কেতিয়া গতিবেগ সলাই সলনি হয় গমকে ধৰিব নোৱাৰি।
     মাক-দেউতাকৰ অকাল মৃত্যুয়ে তাইক যে জথৰ লগাই গৈছিল সেই কথা সুন্দৰপুৰৰ সকলোৱে জানিছিল। বানপানীত অহা কলেৰা ৰোগে মাক - দেউতাকক অকাল মৃত্যু দিলে। তাই একেবাৰে নিঃসহায় আৰু নিথৰুৱা হৈয়েই পৰিল। লাহে লাহে তাই খাবলৈও অভাৱ পোৱা হ'ল। এইবোৰ কথা সকলোৱে আওকাণ কৰি গৈছিল সময়ৰ সোঁতত।
    এদিন বুঢ়ী আইতাকে তাইক আহি লৈ গলহি আইতাকৰ লগতে থাকক বুলি। খাবলৈ অভাৱ পালেও অন্তত থাকিবলৈ লগ এটা হ' ব বুলি তাইয়ো হুমুনিয়াহ নকঢ়াকৈয়ে আইতাকৰ লগতে গুছি আহিল।
       তাই এতিয়া সফল গাভৰু জনী হ'ল। মাক-দেউতাক ঢুকুৱাও প্ৰায় আঠ বছৰেই হ'ল। টকা পইচাৰ অভাৱৰ বাবে জিলমিলে স্কুলীয়া জীৱনো অষ্টম মান শ্ৰেণীত থাকোতেই সমাপ্ত কৰিলে। দিনবোৰ পাৰ হৈ গৈ থাকিল।
         পঢ়া - শুনা কম হোৱাৰ বাবে তাই চাকৰিৰ কথা ভাবিবই নোৱাৰে, বেচৰকাৰী চাকৰিৰ বাবেও তাই কায্যালয়ৰ দুৱাৰে দুৱাৰে গৈ বহুবাৰ লজ্জিত হোৱাত এতিয়া আৰু তাই সেই আশাও বাদ দিলে। আইতাকৰো মৃত্যু হ'ল। পুনৰ তাই অকলশৰীয়া হৈ পৰিল।
         জিলমিলে মনতে সিদ্ধান্ত ললে। তাই যিহেতু চৰকাৰী - বেচৰকাৰী চাকৰি নাপাইয়ে সেই গতিকে তাই কাৰোবাৰ ঘৰত বনকৰা হিচাপে কাম কৰি জীৱনটো পুহিব। এনেদৰেই তাই বেলেগৰ ঘৰত বনকৰা ছোৱালী হিচাপে কাম যাবলৈ ধৰিলে। সদায় যাৰ ঘৰত কাম কৰিবলৈ যায় তেওঁলোকৰে ল'ৰাজনে তাইক এদিন ধৰ্ষণ কৰিলে আৰু কাকো একো নোকোৱাকৈ থাকিবলৈ ধমক দিয়াৰ লগতে সদায় কামলৈ আহি থাকিবলৈও সকিয়নী দিলে। তায়ো পেটত ভোকৰ যন্ত্ৰণাটোৰ কথা ভাবিয়েই নিমাতী হৈয়ে সদায় কামত আহিয়েই থাকিব ধৰিলে। প্ৰতিবাদ কৰিবলৈয়ো যে আজি তাইৰ 
পৰিয়ালত কোনোৱে নাই। সেয়েহে তাই উপায়হীন, নিমাত।

ঠিকনা :নলবাৰী, চামতা
দূৰভাষ :7576095164