Type Here to Get Search Results !

সাম্প্ৰতিক সময়ত বৰ্ণ-ব্যৱস্থা প্ৰগতিৰ হেঙাৰ স্বৰূপ

 ৰঞ্জিত চুতীয়া


           ফ্ৰান্স দেশৰ পণ্ডিত  Maurice Herzog  এ বৰ্ণ-ব্যৱস্থাৰ প্ৰৱৰ্তনৰ কাৰণ এনেদৰে লিখিছে যে ভাৰতৰ আদিবাসীসকলৰ তুলনাত আৰ্যসকলৰ সংখ্যা যথেষ্ট কম হোৱাৰ বাবে তেওঁলোকে নিজৰ ৰাজনৈতিক তথা সামাজিক প্ৰতিপত্তি ৰক্ষা কৰাৰ স্বাৰ্থতে সমাজৰ মানুহখিনিক ভিন ভিন গোটত ভাগ কৰি শাসন কৰাৰ কৌশল ৰচনা কৰিছিল, যাক  "divide and rule" নীতি বুলি কোৱা হয়। আৰ্যসকলৰ লগত যাতে অনাৰ্যসকলৰ ৰক্ত সংমিশ্ৰণ হ'ব নোৱাৰে, বৰ্ণ-ব্যৱস্থাৰ প্ৰৱৰ্তনৰ সিও এক প্ৰধান কাৰণ আছিল।
                          কোনো এটা ব্যৱস্থা সমাজত প্ৰৱৰ্তন কৰিবলৈ হ'লে ধৰ্মীয় অনুমোদনৰ প্ৰয়োজন হয়। সেই সময়ত একমত্ৰ ধৰ্মগ্ৰন্থ আছিল ঋকবেদ, যিখন হৈছে সমগ্ৰ পৃথিৱীৰে আদি গ্ৰন্থ। গতিকে বৰ্ণ-ব্যৱস্থাৰ প্ৰতি ঋকবেদৰ অনুমোদন আছে বুলি প্ৰচাৰ কৰিব পৰা হয়, তেনেহ'লে সমাজত সেই ব্যৱস্থা গ্ৰহণ যোগ্য হ'ব বুলি আৰ্যসকলৰ মাজৰে বুদ্ধিজীৱী শ্ৰেণীটোৱে এনেদৰে চিন্তা কৰিলে। আদিতে ঋকবেদত নটা মণ্ডল (অধ্যায়) হে আছিল। পৰৱৰ্তী সময়ত সেই নটা মণ্ডলৰ শেষত আৰু এটা মণ্ডল অৰ্থাৎ দশম মণ্ডলটো সংযোজন কৰি নিম্নোক্ত শ্লোকটো প্ৰক্ষেপ কৰি দিয়া হয়  ----
    "ব্ৰাক্ষ্মনোং স্য মুখমাসদি বাহুঃ ৰাজন্য কৃতঃ।
    উৰু তদস্য যদৈশ্যঃ পদৃভ্যঃ শূদ্ৰোউজায়তঃ।।"
                     অৰ্থাৎ ব্ৰক্ষ্মাৰ মুখৰ পৰা ব্ৰাক্ষ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য আৰু পাদৰ পৰা শূদ্ৰ বৰ্ণৰ সৃষ্টি হয়। ঋকবেদৰ পুৰুষসূত্ত হিচাপে খ্যাত এই মন্ত্ৰটোৱেই হৈছে ভাৰতীয় বৰ্ণ-ব্যৱস্থাৰ মূল আধাৰ।
                        আৰ্য বুদ্ধিজীৱী শ্ৰেণীটোৱে ঋকবেদৰ শেষত দশম মণ্ডলটো সংযোজন কৰি দিয়া বুলি বিভিন্নজন পণ্ডিতৰ গৱেষণাত পোহৰলৈ আহিছে। ড° হংস নাৰায়ণ ভট্ৰাচাৰ্যই বহু কেইগৰাকী পণ্ডিতৰ বক্তব্য দাঙি ধৰি মন্তব্য কৰিছে,- "ঋকবেদৰ দশম মণ্ডলটি অন্যান্য তুলনায় পৰৱৰ্তী কালেৰ ৰচনা" (হিন্দুদেৰ দেৱদেৱীঃ উদ্ভৱ ও ক্ৰমবিকাশ, প্ৰথম পৰ্ব, দ্বিতীয় সংস্কৰণ, পৃ-১৩)। আনহাতে ড° শ্যামা প্ৰসাদ চক্ৰৱৰ্তীৰ মতে এই বিখ্যাত পুৰুষসূক্তৰ ভাষা বৈদিক ভাষাৰ লগত মিল নাই, তাৰ কাৰণ হৈছে এই পুৰুষসূক্তটো পিছতহে সংযোজন কৰা হৈছে। বুৰঞ্জীবিদ সচ্চিনানন্দ ভট্ৰাচাৰ্যই লিখিছে যে ভাৰতীয় সমাজত বৰ্ণ বিভাজনৰ মূলত কোনো দৈৱিক শক্তি জড়িত নাই, ই এক মানৱ সৃষ্ট ব্যৱস্থা অৰ্থাৎ  "man-made institution"হে  (A Dictionary of Indian History, 2nd Edn,P-208).
                    পণ্ডিতসকলৰ মতে ঋকবৈদিক যুগত কোনো ধৰণৰ বৰ্ণ-ব্যৱস্থা নাছিল, আনকি ব্ৰাক্ষ্মণ নামৰ এটা জাতিও নাছিল আৰু পুৰোহিত বোলা শ্ৰেণীটোও নাছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে,  "The original Aryans all belonged to one class, every one being priest and soldier, trader and tiller of the soil. There was no privileged order of priests." (Indian philosophy, Vol.-1,P-111). বাস্তৱতে ঋকবৈদিক যুগত পুৰোহিতৰ প্ৰয়োজন নাছিল, কাৰণ তেতিয়া উপাসনা পদ্ধতি সৰল-সহজ আছিল। গতিকে মধ্যস্থতাকাৰী হিচাপে কোনো পুৰোহিত নাছিল। সেয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণননে লিখিছে - "man had direct communication with Gods without any mediation." (Ibid,p-108).
                     চাৰিটা বৰ্ণৰ উৎপত্তি সম্বন্ধে বিভিন্ন মত পাৰ্থক্যৰ মাজতো এটা কথা স্পষ্ট যে প্ৰাচীন কালতেই এই চাৰিটা বৰ্ণৰ সৃষ্টি হৈছিল। ব্ৰাক্ষ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চাৰিটা বৰ্ণৰে ভাৰতীয় সমাজ ব্যৱস্থা গঠিত হৈছিল আৰু ই ভাৰতীয় সমাজ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰৰ ধৰ্ম, শাসন কাৰ্য, আৰ্থিক অৱস্থা তথা সেৱা এই চাৰিটা অংগ এখন সমাজ বা এখন দেশ বৰ্তি থাকিবৰ বাবে অতি প্ৰয়োজন। সেয়ে এই চাৰিটা অংগক সমানে প্ৰাধান্য দি আগবঢ়াই নিবৰ বাবে হয়তো প্ৰাচীন কালত ভাৰতবৰ্ষত বৰ্ণ-ব্যৱস্থা সৃষ্টি কৰিছিল।
                   প্ৰাচীন ভাৰতবৰ্ষৰ এই বৰ্ণ-ব্যৱস্থাত দোষ আৰু গুণ দুয়োটাৰে দেখিবলৈ পোৱা যায়। সমাজত প্ৰত্যেকটো বৰ্ণৰ বাবে কৰ্মৰ বিভাজন কৰি দিয়াৰ বাবে প্ৰতিটো বৰ্ণৰ বাবে শ্ৰম নিশ্চিত আছিল। ফলত শ্ৰমৰ সমস্যা দূৰ হৈছিল। এটা বৰ্ণই আন এটা বৰ্ণৰ কৰ্মত হস্তক্ষেপ নকৰাৰ পৰিপেক্ষিতত প্ৰতিটো বৰ্ণই নিজ নিজ ক্ষেত্ৰত স্বতন্ত্ৰতা লাভ কৰিছিল আৰু নিজক বিকাশ কৰিবলৈ সুবিধা পাইছিল। আনহাতে, এই বৰ্ণ-ব্যৱস্থাৰ কাৰণে সমাজত বহুলোক অস্পৃশ্য হিচাপে পৰিগণিত হ'ল। ফলত সমাজত ই অনৈক্যৰ বীজ ৰোপণ কৰিলে। কোনো কোনো লোকৰ মতে এই ব্যৱস্থাৰ কাৰণে ভাৰতীয় লোক বিদেশলৈ যাব নোৱাৰাত বিদেশীৰ লগত মিলা-মিছা কৰিব পৰা নাছিল। ফলত ভাৰতীয়সকল নব্য চিন্তা-ধাৰণাৰ পৰা বঞ্চিত হৈ ৰ'ল।
                    সি যি নহওক আদি অৱস্থাত এই বৰ্ণ-ব্যৱস্থাই ভাৰতীয় সমাজ ব্যৱস্থাক সুস্থিৰতা প্ৰদান কৰি প্ৰগতিৰ পথত আগবঢ়াই লৈ গৈছিল। সেই সময়ত বৰ্ণ-ব্যৱস্থা জন্মভিত্তিত গঢ় লৈ উঠা নাছিল। এজন লোকে নিজৰ কৰ্ম দক্ষতাৰ ভিত্তিতহে ব্ৰাক্ষ্মণ-ক্ষত্ৰিয়-বৈশ্য-শূদ্ৰ আদি বৰ্ণৰ গৰাকী হ'ব পাৰিছিল। উদাহৰণস্বৰূপে বিশ্বামিত্ৰ আৰু ঋষ্যশৃঙ্গই ক্ষত্ৰিয় কুলত জন্ম লাভ কৰিও ব্ৰাক্ষ্মণত্ব লাভ কৰিব পাৰিছিল (মনুসংহিতা ১০/৪১/৪২)। সেইদৰে পৌণ্ডক,ঔদ্ৰ, দ্ৰাবিড়, যৱন আদি এইসকলে ব্ৰাক্ষ্মণ কুলত জন্ম হৈও উপনয়ন সংস্কাৰ নকৰাৰ বাবে আৰু বেদ নপঢ়াৰ বাবে শূদ্ৰত্ব প্ৰাপ্ত হৈছিল (মনুসংহিতা ১০/৪৩/৪৪)।
                   কালক্ৰমত এই বৰ্ণ-ব্যৱস্থা জন্মভিত্তিক হৈ পৰিল আৰু ফলত সমাজত ঐক্য-সংহতিৰ অভাব পৰিস্ফুট হৈ উঠিল। সাম্প্ৰতিক সময়তো এই বৰ্ণ-ব্যৱস্থা লুপ্ত হোৱা বুলি ক'ব নোৱাৰি। বৰঞ্চ বৰ্তমান সময়ত ই এক সামাজিক ব্যাধিতহে পৰিণত হোৱা বুলিব পাৰি। চৰকাৰীভাবে জাতিৰ ভিত্তিত সমাজৰ একশ্ৰেণী লোকক সংৰক্ষণ বা অন্যান্য সুবিধা প্ৰদান কৰাৰ বাবে সমাজত ভেদভাব অধিক বৃদ্ধি পাইছে। কিছুমান ৰাজনৈতিক নেতাই এই বৰ্ণ-ব্যৱস্থাৰ আলম লৈ কিছুমান লোকক উচতাই মানুহৰ মাজত দ্বন্দ লগাই ৰাজনৈতিক মোনাফা আদায় কৰা দেখিবলৈ পোৱা গৈছে। তাৰোপৰি এচাম সুযোগ সন্ধানীলোকে এই ব্যৱস্থা সুযোগ লৈ ঐক্য-শান্তি বিনষ্ট কৰি নিজৰ স্বাৰ্থ পুৰণ কৰাৰ দেখিবলৈ পোৱা গৈছে। বৰ্তমান এটা বৰ্ণৰ লোকে আন এটা বৰ্ণৰ কাৰ্য অনায়াসে সম্পাদন কৰিব পাৰে। নিজৰ প্ৰজ্ঞা আৰু সাধনাৰ বলত মানুহে সকলো কামকে দ্বিধাহীন ভাবে কৰিব পৰা সামৰ্থ্য অৰ্জন কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বলত মানুহে প্ৰায় কৰিব নোৱাৰ কাম নাই। গতিকে প্ৰাচীন কালৰে পৰা চলি অহা বৰ্ণ-ব্যৱস্থা সাম্প্ৰতিক সময়ত অৰ্থহীন। সেয়ে আমি ভাবো, বৰ্তমান সময়ত জাতি-বৰ্ণৰ নামত চলি থকা সংৰক্ষণ ব্যৱস্থা আদি লোপ হোৱা উচিত। চৰকাৰেও পুৰণি নীতি সংশোধন কৰি সকলো জাতিৰে দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ বাবেহে সংৰক্ষণ ব্যৱস্থা কৰি দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰাটো সম্ভৱপৰ হ'ব। তেতিয়াহে দেশ তথা সমাজৰ উন্নতিৰ লগতে একতা বৃদ্ধি হ'ব বুলি আশা কৰিব পাৰি।


লেখকৰ ঠিকনা-

                                     ৰজাধাপ, সোণাৰি
                                     ডাকঃ-সোণাৰি
                                    জিলাঃ- চৰাইদেউ
                                    পিন-৭৮৫৬৯০
                                    মোবাইল নং-৬০০০৫৭১৪৫২