Type Here to Get Search Results !

কাব্য সংকলন-আজি কবি-জয়ন্ত গগৈ

 

আলোকপাত-সুৰভি বৰ পাত্ৰ গোহাঁই 


 কাব্য সংকলন "আজি" ৰ ওপৰত চমু আলোকপাত কৰাৰ উদ্দেশ্যে হাতত কলম তুলি লৈছোঁ । সমালোচনাত্মক মনোভাৱেৰে নহয়, কেৱল ইতিবাচক দিশেৰে সাধ্যানুসাৰে  কবিক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে  মোৰ এই চমু প্ৰয়াস মাত্ৰ  

   " আজি " কাব্য সংকলন খনৰ স্ৰষ্টা  মোৰ শ্ৰদ্ধাৰ ককাইদেউ  জয়ন্ত গগৈ পেছাত  এজন  শিক্ষক । অতি গৌৰৱৰ কথা যে তেখেতে অলপতে শিক্ষক জীৱনৰ অৱসৰ গ্ৰহণ কৰাৰ দিনাই এই কাব্য সংকলন খন উন্মোচন কৰি পাঠকলৈ উপহাৰ দিয়ে । তেখেত নিমাইজান গাঁৱৰ স্থায়ী বাসিন্দা । তেখেতে লিখা মেলা কৰাৰ উপৰিও সামাজিক আৰু সাংস্কৃতিক কামকাজৰ লগত জড়িত । 

 প্ৰজ্ঞা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাব্য সংকলন খনৰ প্ৰচ্ছদ আৰু অন্তৰ্ভাগৰ  চিত্ৰ সৰ্জ্জা সজাই তুলিছে  চিত্ৰশিল্পী ৰিদিপ বৰুৱাই । বৰ্ণ বিন্যাস - মনোজ পাণ্ডেৰ । কাব্য সংকলন খন তেখেতৰ স্বৰ্গীয় পিতৃ তাৰাপ্ৰসাদ গগৈ আৰু  স্বৰ্গীয়া মাতৃ গোলাপী গগৈৰ চৰণ কমলত উৎসৰ্গা কৰিছে । 

  কাব্য সংকলন খনত চল্লিশ উৰ্ধৰ ভিন্ন স্বাদৰ কবিতাৰে সমৃদ্ধ । বেছিভাগ কবিতাতেই বাস্তৱৰ প্ৰতিচ্ছবি পৰিস্ফুট হোৱা দেখা যায়। প্ৰকৃতিক বিষয়বস্তু হিচাপে লৈ তেখেতে  কেইবাটাও কবিতা লিখিছে । জীৱন বাটত আগুৱাই যাওঁতে আহৰণ কৰা অভিজ্ঞতাৰে  অনুভৱৰ পথাৰখন জীপাল কৰিবলৈ  প্ৰয়াস কৰিছে কবিৰ লিখনিয়ে । সহজ সৰল শব্দশৈলীৰে  প্ৰকাশ কৰিছে অনুপম কাব্যগাঁথা । পাঠকে কাব্য সংকলন খন  মনৰ গভীৰতাৰে অধ্যয়ন কৰিলেই প্ৰতিটো কবিতাৰ মৰ্মাৰ্থ উপলব্ধি কৰিব পাৰিব । 

কাব্য সংকলন খনৰ দুটামান কবিতাৰ  পাঠকৰ জ্ঞাতাৰ্থে  তুলি দিব বিচাৰিছোঁ চমু আলোকপাতৰ যোগেদি । 

কাব্যসংকলনৰ এটা সুন্দৰ কবিতা "নদীৰো এখন হৃদয় থাকে" ( পৃষ্ঠা নং ২৪) নামৰ কবিতাটোৰ মাজেদি কবিয়ে জীৱনবোধৰ আভাস দিবলৈ চেষ্টা কৰিছে । নদীৰ বোৱঁতী  সূঁতিৰ লগত জীৱন যাত্ৰাৰ তুলনা কৰিছে । নদীয়ে বুকুত  বান্ধি লৈ আৰণি ঝাৰণি ভাঙি  সাগৰলৈ গতি কৰাৰ দৰেই জীৱনৰ দীঘলীয়া বাটটোৰে গতি কৰে অজান্তি মুলুকলৈ । নদীয়ে হৃদয়  বেদনাৰে জৰ্জৰিত হ'লেও আপোন মনে বৈ যায় । পাৰে পাৰে সাজে  মানুহৰ বাবে উপযোগী কৰ্মস্থল, নগৰ, চহৰ আৰু শস্য শ্যামলা প্ৰকৃতি । 

নদীয়েই যেন মানৱ জীৱনৰ ৰং সলনি কৰিব পাৰে । নদীৰ সোঁতত সপ্ত সুৰৰ মূৰ্চ্ছনাৰে সংগীতৰ লহৰ তোলে । বাৰিষাৰ প্লাৱনে মনৰ কলুষ কালিমা ধুই  নি  মন পৰিষ্কাৰ  কৰি তোলে। সেইয়া কবিৰ অনুভৱৰ তুলিকাত প্ৰতিভাত হৈ উঠিছে । কিন্তু নীৰৱে বৈ যোৱা নদীৰ হৃদয় আজি মানুহৰ কৰ্ম ৰাজীত বিতুষ্ট হৈছে । কিয়নো নদীৰ পাৰত গছ  গছনিবোৰ মানুহৰ সুবিধা অনুসৰি নিজৰ কামত লগাইছে । মানুহেই  নদীৰ গতি সলনি কৰিছে । মানুহৰ সুখ স্বাচ্ছন্দ্যৰ বাবে প্ৰকৃতিৰ বুকুত হাত দিছে । সেই কথা কবিৰ কাব্যানুভৱত সুন্দৰকৈ ফুটি উঠিছে। মানুহৰ  কৰ্মৰাজীয়ে নদীৰ ঠিকনা সলনি কৰিছে । সেইবাবেই নদীৰো উদাৰতা কমি আহিছে মানুহৰ প্ৰতি । কবিতাটো পঢ়িলেই সেই কথা হৃদয়ংগম কৰিব পাৰি । 

"নদীৰো এখন হৃদয় আছে /নদীৰ লগত আত্মীয়তা গঢ়ি গঢ়ি / আগবাঢ়িছো আমি এখোজ দুখোজকৈ /প্ৰতিকূলতা নেওচি  / । এখিলা দুখিলাকৈ সৰি পৰিছে জীৱন বৃক্ষৰ পাত / নদীৰ ঢৌৰ ছন্দত/ পাহৰিব নোৱাৰা প্ৰিয় সংগীতৰ লহৰ /নদীয়ে ধুই পখালি /জীৱন পৰিষ্কাৰ কৰি   ৰূপ ৰং  দিয়ে  / নদীৰ গতিত যেন জোন জোনাকৰ / সৰু ধেমালি বৰ ধেমালি /পাৰে পাৰে গঢ়ে বজাৰ, নগৰ, মহানগৰ / মানুহৰ বাবে নদী আজি হৈছে বিতুষ্ট /কাষৰ ঝাৰণিত নাই পক্ষীকূলৰ কন্ঠত /প্ৰভাতীৰ গান /আৰু ফুলৰ সুবাস / কমি আহিছে নদীৰ উদাৰতা /সলনি হৈছে নদীৰ ঠিকনা /অদূৰত বণিকৰ মৌন বিলাপ । 

   কেতিয়াবা প্ৰকৃতিৰ সৌন্দৰ্য্য সুধা পান কৰি  অনুভৱৰ চাকনৈয়াত ডুব যোৱা কবিৰ মনটো কেতিয়াবা সমাজ জীৱনৰ  বাস্তৱৰ প্ৰতিচ্ছবি দেখি বিদ্ৰোহী হৈ উঠে কবিৰ অনুভৱ । সেই কথা কবিয়ে  "আক্ষেপ" নামৰ কবিতাটোৰ জৰিয়তে মনৰ অনুভৱ ব্যক্ত কৰিছে। এই ধুনীয়া ধৰণী খনত বাসকৰা  সকলো মানুহৰে মন একে নহয় । সোঁতৰ বিপৰীতে গতি কৰা এচাম স্বাৰ্থান্বেষী মানুহৰ বাবে  মানুহৰ সাধাৰণ জীৱন যাপন কৰাও দূৰ্বিসহ হৈ পৰে । শান্তিৰ পৃথিৱী মানুহৰ বাবেই হৈ পৰে অশান্তিৰ কাৰক । বিবেকপূৰ্ণ মানুহৰ মন মগজুৱে  যেতিয়া অমানুহৰ দৰে কাম কৰে, মানুহ যেতিয়া দেৱত্বৰ পৰা পশুত্বলৈ নামি যায় তেতিয়া সামাজিক জীৱনত উশৃংখলতাৰ প্ৰভাৱ পৰে । যাৰ বাবে কবিৰ মন বিচলিত হয়। হতাশাগ্ৰস্ত হয়, আশাৰ পথাৰত নিৰাশাই গজালি মেলে । মনৰ বিপৰীতে সমাজৰ অশুভ আৰু অশনি সংকেতে কবিৰ হৃদয় ব্যথিত কৰি তুলিছে। সেয়ে কবিয়ে আক্ষেপ নামৰ কবিতাটোত তেওঁৰ  মনৰ অনুভৱ ব্যক্ত কৰিছে এইদৰে । 

"আক্ষেপ" (পৃষ্ঠা নং ২২) 

দেউতা, মই আৰু লিখা- পঢ়া  নকৰো /যি দেশত পৰীক্ষাৰ  প্ৰশ্ন কাকত ফাদিল হয় /যি দেশত দোষী সাৰি যায় ধনৰ বলত /আইনৰ সুৰুঙাই, / বিবেক বিক্ৰী হয় হয় পাইকাৰী হাৰত। / চাকৰিৰ বাবদ লেন-দেন হয় নগদ ধনৰ / সেই দেশত মেধা শক্তিৰ অৰ্থ ক'ত? / দেউতা ! / ধনীক শ্ৰেণীৰ স্বাৰ্থত সময়বোৰ / হৈ পৰে বিষাক্ত কীট! / ৰাজনীতিকৰ আঙুলিৰ ঠাৰত /ভূলুন্ঠিত হয় জীৱন - যৌৱনৰ আকাংক্ষা / দেউতা !  পঢ়ি আমি  পাম কি ! আমাৰ বাবে থাকিবনে /এখন হেঁপাহৰ পৃথিৱী? / তাতকৈ পথাৰত নমাই ভাল হ'ব  দেউতা /য'ত  নাথাকিব কোনো প্ৰৱঞ্চনা  কুচকাৱাজ / নাথাকিব "ফাদিল '  নামৰ যন্ত্ৰণাকাতৰ /শব্দ ৰ পাখাখেল  

  এই দৰেই কাব্য সংকলন খনৰ কবিতাৰাজীয়ে পাঠকৰ মন চুবলৈ সক্ষম হৈছে । আশা কৰিম অদূৰ ভৱিষ্যতে কবিৰ  নিপুণ হাতৰ পৰশত নিতৌ নিত্য নতুন সৃষ্টিয়ে সাহিত্যৰ পথাৰ জীপাল কৰি তোলক । 

  শেষত অজানিতে  ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি মোৰ চমু আলোকপাত ইমানতে সামৰণি মাৰিলোঁ।