Type Here to Get Search Results !

সমলয়

 জীনামণি বৰগোহাঁই দুৱৰা


সমলয় এখনি  ই-আলোচনী
প্ৰকাশ কৰোঁ আমাৰ লেখনী
প্ৰতিমাহে প্ৰকাশিত এই আলোচনীখনি
ইণ্টাৰনেটৰ সহায়তে পঢ়িব পাৰি
সুপ্ত প্ৰতিভাই প্ৰাণ পাই উঠে
লেখাৰুৱে মনৰ ভাব ব্যক্ত কৰে
ভৱিষ্যতৰ পথ সুগম কৰি
নৱপ্ৰজন্মৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি
সম্পাদকে আগবঢ়ায় নিছে আলোচনীখনি
সমলয়ৰ সৈতে জড়িত প্ৰতিজন শ্ৰদ্ধাৰ ব্যক্তিলৈ
সেৱা জনাইছোঁ তেওঁলোকৰ কৰ্মানুষ্ঠানলৈ।
জন্মলগ্নৰে পৰা কৰা অহোপুৰুষাৰ্থৰ
চাক্ষুষ প্ৰমাণ দিছে মহান ব্যক্তিত্বৰ
নিতৌ উদীয়মান প্ৰতিভাৰ সৃষ্টি হওক
সাহিত্যৰ জগতত আত্মগৰিমা অক্ষুণ্ণ ৰাখি
সমলয়ৰ স্থান যুগমীয়া হৈ ৰওক।
সদৌ শেষত আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰি
মোৰো এই ক্ষুদ্ৰ অনুভৱটি থ'লো সামৰি।