Type Here to Get Search Results !

নাজিৰাৰ গেলেকীৰ পিয়লি ফুকন পঞ্চায়তত থকা দৌলটোৰ ইতিহাস খুছৰি

 দীপজ্যোতি বৰগোহাঞি


আহোম বুৰঞ্জীৰ এটা বিখ্যাত বংশৰ  নাম লফাবৰীয়া ৰঙাচিলা দুৱৰা বংশ ৷এই ৰঙাচিলা দুবৰা ঘৰৰ কেইবাজনো ব্যক্তিয়ে আহোম ৰাজত্ব কালত  বৰবৰুৱা ,বৰফুকন,শদিয়াখোৱা গোহাঁই,দিহিঙ্গীয়া ফুকন ,ভিতৰুৱাল ফুকন ,শৰাইঘটীয়া ডেকা ফুকন ,ৰাজখোৱা,আদি উচ্চ পদমৰ্যদা লাভ কৰিছিল । আহোম বুৰঞ্জীত ৰঙাচালা মুধাফুটা নাম ৷ৰঙাচিলা দুৱৰা পৰিয়ালৰ খাত পাম আহোম ৰজাৰ তৃতীয় ৰাজধানী গড়গাঁৱৰ পৰা ১৫ কিলো মিটাৰ নিলগৰ দক্ষিণে আঠখেল গেলেকী অঞ্চলত ৷ৰঙাচিলা দুৱৰা খাতে আজিও ৰঙাচিলা দুৱৰা  বংশৰ বুৰঞ্জী সজীৱ কৰি ৰাখিছে । ৰঙাচিলা দুৱৰা পৰিয়ালৰ বাসস্থানৰ কাষতে এটা বিষ্ণু দৌলে বংশটোৰ ঐতিহ্য আজিও সজীৱ কৰি ৰাখিছে ৷যদিও এই দৌলটোক পিয়লি ফুকনৰ দৌল বুলি মানুহে কব বিচাৰে প্ৰকৃততে এই দৌলটো পিয়লি দৌল নহয় । এই দৈলটো কোনে নিৰ্মাণ কৰোৱাইছাল সেই কথাত বুৰঞ্জী নিমাত ৷পিয়লিয়ে  যি সময়ত বৰফুকন বিষয় বাব খায়ছিল সেই সময়ত মানৰ আক্ৰমণৰ  সময়ত ৷পিয়লিক বৰফুকন নিয়োগ কৰিছিল স্বৰ্গদেউ যোগেশ্বৰ সিংহই ৷এই সম্পৰ্কে হিতেশ্বৰ বৰবৰুৱাৰ 

 “আহোমৰ দিন নামৰ গ্ৰন্থত এনেদৰে পোৱা যায় ,পাছে ৰূপেশ্বৰ বুঢ়া গোহাঁইয়ে তলে তলে চন্দ্ৰকান্ত সাংহক পেট দিছিল বুলি জানি যোগেশ্বৰ সিংহ স্বৰ্গদেউৱে তেওঁক বুঢ়াগোহাঁই ভাঙি সেই তেপতলীয়া ফৈদৰে কলিমনক বুঢ়াগোহাঁই পাতিলে আৰু গুৱাহাটীৰ পৰা পুৰন্দৰ সিংহই পতা পিয়লি বৰবৰুৱাক আনি উজনি অসমৰ বৰফুকন পাতি তিলোবাক কৈ পুনৰ গুৱাহাটীলৈ পঠাই দিলে (পৃঃ৩৪৮-৩৪৯ আহোমৰ দিন এই উক্তিৰ পৰা জানিব পাৰি যে -পুৰন্দৰ  সিংহৰ সিংহ ,লক্ষীসিংহ আৰু চন্দ্ৰকান্ত সিংহৰ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালৰ সময় ছোৱাত পিয়লিয়ে বৰফুকনৰ বিষয় বাব পাইছিল ৷যোগেশ্বৰ সিংহৰ ৰাজত্বৰ সময়ছোবা দেশৰ অৱস্থা নাজল-নাথল ৷সেই সময়ত পিয়লিয়ে দৌল নিৰ্মাণ কৰাৰ কথা কল্পনাই কৰিব নোৱাৰি ৷ গৌৰীনাথ সিংহৰ ৰাজত্বৰ সময়ৰ ৰঙাচিলা দুৱৰা ফৈদৰ 

হৰনাথ ভিতৰুৱাল ফুকন যাক অভিমন্যু বৰফুকন নামেৰেও জনা যায় ৷এওঁৰে পুত্ৰ ঘিনাই ওৰফে বদন চন্দ্ৰ বৰফুকন । আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালতে ৰঙাচিলা দুৱৰা বংশৰ  লতাকটা ৰণৰ সেনাপতি হৰনাথ ভিতৰুৱাল ফুকনে এই দৌল নিৰ্মাণ কৰাৰ কথা অনুমানহে কৰিব পাৰি আৰু পিয়লিৰ পিতৃ বদনচন্দ্ৰ বৰফুকনে এই দৌলত পূজা অৰ্চনা কৰাৰ কথা বুৰঞ্জীত উল্লেখ পোৱা যায় ৷আৰু পৰবৰ্তী সময়ত হেৰাই যোৱা ছশ বছৰীয়া আহোম ৰাজত্বৰ ডুব যোৱা বেলিৰ পোহৰ পুনৰ উদ্ধাৰৰ বাবে  নিজৰ দেশলৈ মান অনা ঘিনাই ওৰফে বদনচন্দ্ৰ বৰফুকনৰ চাকোলা পুত্ৰ পিয়লিৰ নেতৃত্বত সঅস্ত্ৰ সংগ্ৰামৰ ওক-মোকনি আৰু সকলো গোপন আলোচনা এই দৌলতে হৈছিল ৷মুঠৰ ওপৰত আমি বুৰঞ্জী অধ্যয়ন কৰি কব পাৰো যে এই দৌল পিয়লি বৰফুকনে নিৰ্মাণ কৰা হব নোৱাৰে তেওঁৰ উপৰি পুৰুষেহে নিৰ্মাণ কৰা ৷