গীতাঞ্জলি দেৱী
মই নিখোজ হ'ম 
কোনেও নজনাকৈ ডাৱৰৰ সিপাৰে 
নাইবা দিন-ডঁৰিকে দেখুৱাই দিয়া পথটোৰে ।
সঁচা , মই নিখোজ হ'ম
আজি অথবা কাইলৈ ।
মই জানো, ভিজা আঙুলিৰে শেৱালিৰ পাহিবোৰ লিৰিকি-বিদাৰি মোৰ পদুলিত তুমি আহি ৰৈ থাকিবা । 
তাকো জানো , ধনশিৰিৰ ঘাঁটত দ' কৈ সাঁচ বহা বেলিটোৰ ৰংবোৰ মোলৈকে সিঁচি  যাবা । 
কাকিনি তামোল জোপাৰ পাতবোৰ আঁতৰাই জোনকো ক'বা মোৰ কথা,
খিল্ খিল্  হাঁহি এটি লৈ ।  
এসোঁতা চেঁচা বতাহ আৰু  সিক্ত বনৰীয়া সুগন্ধ এটাইও তোমাক সুধিব মই নিখোজ হোৱাৰ বাতৰি।
সাউৎকৰে আঁতৰি তুমি সিহঁতক ক'বা - " আঁহা মোৰ স'তে "
দেও দি দি আঁতৰি মই লুকাম 
নিখোজ হৈ যাম 
জোনে বাগৰ সলোৱা নৈখনিৰ কাষে-কাষে
নাইবা সুহুৰিত কঁপি উঠা ঝাউবনৰ আঁৰ লৈ ।

 
 
 
 
