Type Here to Get Search Results !

পোছাক

 গীতাঞ্জলি দেৱী


যিযোৰ পোছাকৰ আঁৰত তোমাৰ অপূৰ্ণতাবোৰ ঢাকিছা সেই সাজে তোমাক নুশুৱাই ।
তুমি আচলতে নিজৰ পৰা নিজক ঢাকিছা ।

আৰু মোক তুমি  পৰিপূৰ্ণ হোৱাৰ কথা ক'লা ।
সেইদিনাই , হয় সেই দিনাই মই নিজৰ স'তে আলাপত বহিছিলোঁ ।
নিশা বহুত গভীৰ হৈ পৰিছিল 
আৰু গভীৰ হৈ পৰিছিল আমাৰ ভাৱৰ ।

যতি নপৰাকৈ মই মোক উজাৰি দিওঁতে শোক এটাই অগা-দেৱা কৰিছিল ,
শেলুৱা আন্ধাৰে বৰ আব্দাৰ কৰি কাঢ়ি নিছিল মোৰ সসাগৰা দুখ ।

হিচাপত পৰিপূৰ্ণ বুলি থাকিলেই সকলোতে পূৰ্ণতা থাকেনে ?
হয়নে সকলো সুখী  ?

"নিজৰ মাজৰ অপূৰ্ণতাবোৰ ঢাকি আনৰ মাজত পূৰ্ণতা বিচৰাজন আচলতে কণা । 
নহয় , আচলতে আটাইতকৈ দূৰ্ভগীয়া ।"

- সেয়া আমাৰ আলাপৰ শেষৰ কথা আছিল । 

আনৰ চকুত ধূলি দি নিজক নিজৰ পৰা লুকুৱাটো কিন্তু টান । অক্ষয় মূহুৰ্তত তুমিও সেই কথা ভাবা ।

আৰু আঁজুৰি আনি নিজৰ মাজৰ পৰা পিন্ধি লোৱা এটা হাঁহি । সেয়াও  আন এক পোছাক ।