Type Here to Get Search Results !

ঐতিহাসিক মেছাঘৰৰ আহোম ৰাজত্ব কালৰ মানুহ কটা চাপৰি আৰু দেওশালৰ সন্ধানত

 দীপজ্যোতি বৰ গোহাঞি


আহোম স্বৰ্গদেউ সকলৰ দিনত সাধাৰণ প্ৰজাই কোনো কাৰণতে স্বৰ্গদেউ সকলৰ কাৰ্যৰ বাবে সাধাৰণতে প্ৰতিবাদ বা বিদ্ৰোহ কৰিব নোৱাৰিছিল । সকলো প্ৰজাই স্বৰ্গদেউ আৰু ডা ডাঙৰীয়া কেইজনৰ সিধান্তক শ্ৰদ্ধা আৰু সন্মান জনাইছিল। সেই সময়ত বৰগোহাঁই ডাঙৰীয়া সকলে বসবাস কৰা এখন চহৰ মেছাঘৰ বা পৰবৰ্ত্তী সময়ৰ ঐতিহাসিক মেছাগড়ৰ মাজেদি বৈ গৈছে ডিমৌ নদী আৰু তাৰ অলপ আতৰেদি গৈছে ডাউকি আলি ৷ঠিক সেই ঠাইখিনিতে বাঁহ গঢ়টো অলপ মেছা মানে ভাজ লৈছে  ৷তাৰ সামন্তৰালকৈ দ গড় খাৱৈ যি এটা সময়ত হাতী মাউতে ঠাৱনি নোপোৱা ৷সেই খিনিতে এটা নদীৰ দ্বীপৰ দৰে আগুৰি আছে এটা বৰ জঁয়াল। হাবিৰে ভৰা অঞ্চল ৷যাক এতিয়াও বৰ জঁয়াল হেন দেখা যায় ৷এফালে ডিমৌ নৈ ;গড়খাৱৈ  আৰু ডিমৌ নৈৰ পৰা খান্দি জতকীয়াৰ মাজেদি বৈ যোৱা নামডাং নৈৰ লগত সংযোগ কৰি দিয়া হৈছিল । কথিত আছে যে সেই খন্দায়েদি বাৰিষা নামডাং আৰু ডিমৌ নদীত মাছৰ প্ৰয়োভৰ ঘটিছিল যাৰ বাবে খৰালি দুয়োখন নদীতে মাছ কাছ উভৈনদী আছিল ।ঘূৰীয়াকৈ ডিমৌ নদী আৰু গড়খাৱৈৱে আগুৰি থকা জঁয়াল অঞ্চলটোতে এটাসময়ত এখন দেওশাল থকাৰ লগতে ৰজাঘৰৰ বিপক্ষে বিদ্ৰোহ কৰি মুৰ তুলি উঠা নোক সকলক ডিঙি কাটি মৃত্যদণ্ড দিয়া মানুহ কটা চাপৰি নামেৰে আজিও জনাজাত ৷মৌখিক বুৰঞ্জী জনশ্ৰুতি আকু কিম্বদন্তি সমুহে কয় যে ;স্বৰ্গদেউ ছ্যু-হু=দুংৰ ৰাজত্ব কালত হাতী ধৰি ৰক্ষণাবেক্ষণ দিয়াত অবহেলা কৰাৰ অপৰাধত মাধৱ দেৱ আৰু শংকৰদেৱৰ জোঁৱাইয়েক হৰি দেৱক এই মানুহ কটা চাপৰিতেই বন্দী কৰি হৰিদেৱক মৃত্যুদণ্ড দিছিল ৷কিন্ত মাধৱদেৱক কেৱলীয়া ভকত হেন দেখি মৰিলে বিলাপ কৰিবলৈ কোনো নাই ভাবি মৃত্যু দণ্ডৰ পৰা ৰেহাই দিছিল (সৰ্বানন্দ ৰাজ কোঁৱৰ ইতিহাসে সোঁৱৰা ছশটা বছৰ পৃষ্ঠা ১৮৩আৰু ৩৪৫ )