Type Here to Get Search Results !

বৃত্তীয় পৰিকল্পনা

 সম্পাদকীয়


বৃত্তীয় শিক্ষা

পুথিগত ভাৱে জীৱনৰ বিভিন্ন সময়ত বিভিন্ন জ্ঞান আহৰণ কৰো যদিও যি শিক্ষাই আমাৰ ব্যৱহাৰিক জীৱনত যিকোনো সময়ত অহা সমস্যা আৰু প্ৰত্যাহ্বানবোৰ মুখামুখিহৈ তাক অতিক্ৰম যাব পৰা জ্ঞানখিনিয়েই আমাক জীৱনটো সুন্দৰ ৰূপত সজোৱাত বিশেষ অৰিহণা যোগায়। এই সমূহৰ ভিতৰত বৃত্তীয় শিক্ষাও তেনে এটি অতি প্ৰয়োজনীয় দিশ বুলি অনুভৱ কৰি আলোচনা আগবঢ়ালো।
যেতিয়া আমাৰ আনুষ্ঠানিক শিক্ষা শেষ হয় তাৰ পাচতে চাকৰি নতুবা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰো। তেনেকৈ আমি পৰাপক্ষত কোনো দিশৰ পৰা টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰো। প্ৰায় বেছি সংখ্যকেই  উপাৰ্জন কৰা সময়ৰ পৰা নতুবা কম বয়সৰ পৰা উপাৰ্জন এটা অংশ কমকৈ হলেও জমা কৰা কথাটো প্ৰায়ে নাভাবো। এইখিনিতেই আমি ভুলটো কৰো।(বিগত সময়ত মইয়ো যিটো কৰিলো) অৰ্থাৎ আমাৰ বৃত্তীয় পৰিচালনাৰ যাৱতীয় সজাগতা নথকা বাবে এনে ভুল কৰি বয়সত তাৰ ফল ভূগিব লগা হয়। কিন্ত এতিয়া ভালকৈ বুজিব পাৰিছো যে ছাত্ৰ অৱস্থাৰ পৰাই বৃত্তীয় শিক্ষা আৰু সজাগতা আহিলেহে বৃত্তীয় পৰিচালনাত আমি সফল হ'ব পাৰিম।
বৃত্তীয় সজাগতা আৰু জ্ঞানৰ প্ৰয়োজনীয়তা কিয়নো দৰকাৰী তাক চমুকৈ তলত উল্লেখ কৰিলো-
১)আমাৰ কষ্টোপাৰ্জিত পইচাক যথাযথ স্থানত সঞ্চয়, বীমা আৰু বিনিয়োগৰ কৰিবলৈ ভালকৈ বুজি কাৰ্য ব্যৱস্থা লোৱাত সফল হ'ব।
২) কম বসয়ৰ পৰা কমকৈ হলেও সঞ্চয় আৰু বিনিয়োগ কৰি দীৰ্ঘ সময়ত বহুগুণ টকা কৰিব পাৰে। নিজক আৰ্থিক দুৰ্বল স্থিতিৰ পৰা উন্নিত কৰিবলৈ সক্ষম হয়।
৩)  শুদ্ধ বীমানো কি, তাত কম টকা নিয়মীয়াকৈ জমা দি  জীৱনটো সুৰক্ষিত কৰা কথাবোৰ শিকিবলৈ সক্ষম হয়।
৪) যিকোনো বস্তৰ মূ্ল্যমান বৃদ্ধিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব পাৰিলেও সম্পূৰ্ণ ৰোধ কৰিব নোৱাৰো ই বাঢ়ি গৈ থাকিব। সেই অনুপাতে টকাৰ উপাৰ্জন বাঢ়ি নোযোৱাত আমি মধ্যবৃত্তি পৰিয়ালৰ সকলোতে টনা-আজোৰা চলে। কিন্ত এই সমস্যাৰ পৰিত্ৰাণ পাব পাৰি মাথো বৃত্তীয় জ্ঞানৰ সজাগতাক কামত লগায়।
৫) বীমাৰ উপকাৰিতা, সঞ্চয়ৰ ক'ত কেনেকৈ কৰিব লাগে আৰু বিনিয়োগ ক'ত কেনেকৈ কৰি কিমান শতাংশ পাবলৈ সক্ষম হ'ব ইত্যাদি কথাবোৰ এই বৃত্তীয় সজাগতা জ্ঞানৰ পৰা পাব পাৰি।
  সেয়ে এই অতি দৰকাৰী বিষয়বোৰ আমি অভিজ্ঞলোকৰ পৰা যিমান কম বয়সত আয়ত্ত কৰিব পাৰো সিমানেই আমি জীৱন বাটত সফল হ'ব পাৰিম।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১৩/১২/২০২৩