Type Here to Get Search Results !

ভাৰতৰ স্বাধীনতা আন্দোলনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান

 নাছিৰ আহমেদ         শিমলাবাৰী গোৱালপাৰা


অসমৰ জাতীয় জীৱনত তিনি গৰাকী মহান ব্যক্তিৰ বিশেষ ভাবে অৱদানৰ কথা নিঃসন্দেহে স্মৰণযোগ্য।  সেই তিনি গৰাকী মহান ব্যক্তি হ'ল ক্ৰমান্বয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ , ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিক গঢ় দিছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
আছিল আধুনিক অসমীয়া সাহিত্যৰ নিৰ্মাতা । আনহাতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই অসম তথা ভাৰতৰ জাতীয় চেতনাক সাম্প্ৰতিক যুগৰ অসমীয়া কলা -কৃষ্টি -সংস্কৃতি আৰু সাহিত্যক আটকধুনীয়া ৰচনা-সম্ভাৰেৰে পৰিপূৰ্ণ ৰূপ দান কৰিছিল।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশাল প্ৰতিভাক স্বীকৃতি দি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁক " আজীৱন ৰূপতীৰ্থৰ যাত্ৰী, আজীৱন ৰূপতীৰ্থৰ সাধক, আমৰণ বাঞ্ জা বিজয়ী আত্মাৰ গৰাকী নৱ- নৱোন্বেষ শালিনী শক্তি আৰু বহু প্ৰতিভাৰে উদ্ভাসিত শিল্পী" বুলি আখ্যা দিছে। হেমাংগ বিশ্বাসে " ব্যক্তি জীৱনৰ সততা ,সাহস, সত্যনিষ্ঠা আৰু সংগ্ৰাম শীলতাৰ লগত সাহিত্য যুগৰ, সংস্কৃতি জগতত দুৰ্লভ।" আচলতে সচাঁ অৰ্থত কবলৈ গলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল জনতাৰ শিল্পী । পৰাধীন ভাৰতৰ শৃঙ্খলাৱদ্ধ অসম তথা ভাৰতৰ জনতাৰ শৃংখল ভাঙি মুক্ত ,স্বাধীন কৰাৰ অভিপ্ৰায়েৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হাতে-কলমে ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ স্বাধীনতা আন্দোলনৰ অংশ গ্ৰহণ কৰি ১৯৩২ চনত পোন্ধৰ মাহৰ বাবে কাৰাদণ্ড খাটে আৰু পাঁচশ টকা জৰিমনা ভৰে। ১৯৪১ চনৰ সময়ছোৱাত কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীৰ সাংগঠনিক কাম-কাজত ওতঃপ্ৰোত ভাবে জড়িত হৈ পিছলৈ সৰ্বাধিনায়কৰ পদ গ্ৰহণ কৰে। আৰু অসমৰ বিভিন্ন অঞ্চলত স্বাধীনতা সংগ্ৰামৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ পৰা কলিকতা সমন্বিতে বিভিন্ন ঠাইত আত্মগোপন কৰে আৰু চৰকাৰে তেওঁক " ফেৰাৰ" বুলি ঘোষণা কৰে।
কংগ্ৰেছৰ নেতৃত্বত হোৱা আন্দোলনে অসমৰ গাঁও-ভুঁইৰ ভিন-ভিন তৰপৰ মানুহক কেনেকৈ জগাইছিল, স্বাধীনতাৰ প্ৰাক কালত বৃটিছ শাসকৰ বিৰোধী মানসিকতাই গাঁৱে-ভুঞে কোন ফালে ঢাল লৈছিল, সাধাৰণ গাঁৱলীয়া ৰাইজৰ ৰাজনৈতিক চেতনা আৰু সামাজিক চেতনাৰ উন্নত ৰূপ দিয়াত ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়েও যে অগ্ৰণী ভূমিকা পালন কৰিছিল, এনেবোৰ খুঁটি-নাটি জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ " লভিতা" নাটকত অতি স্পষ্টকৈ অংকিত কৰিছে। গান্ধী মহাত্মাৰ বাণী
সম্পৰ্কে লভিতাই সখীয়েক ৰূপক বুজাইছে,  লভিতাঃ " গান্ধী -মহাত্মাই কৈছে বোলে এইদৰে আমি স্বৰাজ লাগে বুলি সিহঁতৰ সৈতে জুই-পানী নুছুই থাকোঁতে পিছত গৈ সিহঁতো কেতিয়াও বইচ মনাব নোৱাৰিলে আমাৰ কথা শুনিবই।"  লভিতাৰ এইখিনি কথাৰ জৰিয়তে গান্ধীজীৰ সত্যাগ্ৰহৰ ভাৱাৰ্থ প্ৰকাশ হৈছে। এই নাটকৰে আন এটা দৃশ্যত কংগ্ৰেছ ভলান্টিয়াৰ এজনৰ মুখৰ সংলাপৰ মাজেদিও আমি মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰকৃত আদৰ্শ প্ৰস্ফুটিত হোৱা দেখা যায়। ভলান্টিয়াৰ জনে লভিতাক কৈছে, ভলান্টিয়াৰঃ " আজি ইংৰাজে আমাক শাসন কৰিছে, কাৰণ সিহঁতৰ শাসন আমি মানি লৈছোঁ দেখিহে। কিন্তু আমি যদি সকলো সহ্য কৰি ত্যাগ কৰি কষ্ট অত্যাচাৰ বুকু পাতি লৈ সেই অগ্নি -পৰীক্ষাত পাৰ হ'ব পাৰোঁ তেন্তে এই শাসক সকলে আমাৰ স্বাধীনতাৰ অধিকাৰ নামানি কলৈ যাব ? সেই কাৰণেও কৈছোঁ, নিৰস্ত্ৰ হ'লেও আমাৰ হাতত অমোঘ অস্ত্ৰ আছে। সেই অস্ত্ৰ প্ৰয়োগ কৰি তাৰ বাবে যি ত্যাগৰ আৱশ্যক অকাতৰে তাক কৰিব পাৰিলে আমাৰ বিজয় অনিবাৰ্য।" 
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিছুমান গীততো দেশৰ কাৰণে অকাতৰে প্ৰাণ বলিদান কৰাৰ বাবে জননীৰ সন্তানক আহ্বান জনাইছে, এইদৰে --
" জাগা জননীৰ সন্তান
জাগা শক্তিমান জাগা মুক্ত প্ৰাণ
মৃত্যু গছকি আনা জয় জিনি
কৰি দুৰ্জ্জয় অভিযান। " 
স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিয়েই তেওঁ স্বাধীনতা যুদ্ধত অসমীয়া ডেকাক উদাত্ত কণ্ঠে আহ্বান জনাইছে --
" আহ অ' ডেকা ল'ৰা
তই সমুখত হ থিয় 
মাতৃ পূজাৰ ভাগ ল'বলৈ
বেলি কৰ কিয় ? "
লগতে তেওঁ অসমীয়া ডেকাৰ মুখেৰে কোৱাইছে অহিংসা নীতিৰে ডিঙি পাতি পাতি লৈও বলিশাল তেজেৰে বোলাই যোৱাৰ উক্তি ঃ
" আমি আগে বাঢ়ি
ডিঙি পাতি পাতি
তেজেৰে বলিশাল
যামে বোলাই । "
কেৱল সেয়াই নহয়, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গীতৰ মাজেদি সাৱলীলভাৱে সত্য আৰু শান্তিৰ বাণী প্ৰকাশ কৰিছে ---
" সত্যৰ আলোকৰে দিগন্ত উজলি
অহিংসা শান্তিৰ বাণী প্ৰচাৰি মহান
সূৰুযৰ দৰে দীপ্তিমান
বজ্ৰ মুঠিৰ বান্ধে তোমাক প্ৰণামিছোঁ
পণ কৰি প্ৰাণ । "
তেওঁৰ‌ " ভীক্ষাৰীৰ গীত " কবিতাটিত ভীক্ষাৰীজনেও অহিংসা মন্ত্ৰক স্বাধীনতা আন্দোলনৰ জপমাল হিচাপে গ্ৰহণ কৰিছে।
" অহিংসা যুঁজৰ ৰণৰ ৰণ শিঙাই
মাতে ঘনাই ঘনাই
যাৱে বেগাই
বিমুখ নকৰিবা তোমাকে আই।"
" কনকলতা" কবিতাটিত ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত কনকলতাৰ আত্মোৎসৰ্গৰ বৰ্ণনা জ্যোতি প্ৰসাদে কৰিছে, এইদৰে -
" বিয়াল্লিছৰ পুৱা জ্বলিলে তেজত জুই
ক্ষুব্ধ জন-দেৱতা জাগিল 
হুংকাৰি উঠিল মুক্তি যুঁজাৰু
ওলাই আহিল অসমী গাভৰু
মৃত্যু বিজয়ী গাঁৱৰ জীয়ৰী
দীপ্ত কনকলতা
বুকুৰ তেজেৰে লিখে উজলাই
জয় ভাৰতৰ জয় । " 
মহাত্মা গান্ধীৰ অহিংসা আন্দোলনত ব্ৰতী হৈ জ্যোতি প্ৰসাদ আগৰৱালাই স্বাধীনতা যুদ্ধত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীৰ সৰ্বাধিনায়ক পদত অধিষ্ঠিত হৈ কবিতা -গীত -নাটক পৰিৱেশন কৰি জাতিক আহ্বান কৰিলেও লাহে লাহে তেওঁৰ চিন্তা আৰু ভাৱৰ জগতত অহিংস-সহিংস এই দুই দৰ্শনৰ মাজত এক প্ৰবল সংঘাত আৰু দ্বন্দ্বৰ সৃষ্টি হৈছিল। বিপ্লৱী নেতা সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ " দিল্লী চলো" অভিযান , তেওঁৰ ৰণ হুংকাৰ অগ্নিবৰ্ষী সশস্ত্ৰ বিপ্লৱী মন্ত্ৰচ্চাৰণ, " Give me blood,I give you freedom." তোমৰা আমায় ৰক্ত দাও, আমি তোমাদেৰ স্বাধীনতা দেবো।" জ্যোতিপ্ৰসাদ আগৰৱালাৰ শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে উত্তপ্ত তেজ প্ৰবাহিত হৈ শিৰা-উপশিৰাত বিদ্ৰোহৰ জুই জ্বলি উঠিছিল। ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ মন্ত্ৰেৰে দীক্ষিত হৈ তেওঁ জাতীয় কংগ্ৰেছৰ অহিংসা আন্দোলনৰ পৰা ফালৰি কাটি হেমাংগ বিশ্বাসৰ নেতৃত্বত গঠিত হোৱা " ভাৰতীয় নাট্য সংঘৰ" শপতনামা " দেশেই আমাৰ ভাওনাঘৰ, ৰাইজেই ভাৱৰীয়া" মন্ত্ৰত একাত্মবোধ হৈ বিপ্লৱী ভাৱধাৰাৰ নাটক-কবিতা-গীত ৰচনা কৰি অসম তথা ভাৰতৰ জনতাক স্বাধীনতা আন্দোলনত সশস্ত্ৰ সংগ্ৰামত জঁপিয়াই পৰিবলৈ উদ্বুদ্ধ কৰি তুলিছিল, এনেদৰে --
" বিশ্ব বিজয়ী নৱ জোৱান
বিশ্ব বিজয়ী নৱ জোৱান
শক্তিশালী ভাৰতৰ
ওলাই আহা ওলাই আহা 
সন্তান তুমি বিপ্লৱৰ।( লভিতা নাটক)
 এই নাটকৰে এটি দৃশ্যত আজাদ হিন্দ ফৌজৰ লেঃ বৰুৱাই সৈন্য সকলক আহ্বান জনাইছে --
এইয়া, এইয়া অসমৰ মাটি , ভাৰতৰ মাটি, ভাৰতৰ মাটিত আজি আমাৰ নিচান পোতা হ'ল। ভাই সকল । আগবাঢ়ি যোৱা। এই নিচানক আৰু আগবঢ়াই নিব লাগিব। জয় হিন্দ, জয় হিন্দ। "
নৱ জোৱানক উদ্দেশ্যি উদাত্ত কণ্ঠে আহ্বান জনাইছে --
" স্বাধীনতা ধন 
নতুন মৰ 
লোহাৰ শিলেৰে
বুকুৰ তেজেৰে ধুই দে আজি
ভাৰতৰ অপমান।
" লভিতা " নাটকৰ সংঘাত তীব্ৰ মুহূৰ্তত যেতিয়া দাৰোগাই পিষ্টলেৰে লভিতাৰ বুকুত ধৰি ধমকি দি কৈছিল ---
" পিষ্টলৰ গুলিৰে কলিজা উৰুৱাই দিম । " প্ৰত্তোত্তৰত চিৰ বিদ্ৰোহী চৰিত্ৰ আজাদ হিন্দ ফৌজৰ সৈনিক লভিতাই  তেতিয়া দাঁত কামুৰি চিঞৰি চিঞৰি দাৰোগাক কৈছিল --
লভিতাঃ " চুপ নাথাকোঁ,নাথাকোঁ, নাথাকোঁ জানিছ গোলামৰ গোলাম । আজিকালিৰ ছোৱালীয়ে পিষ্টল, বন্দুক,বৰটোপ, বোমা একোলৈকে ভয় নকৰে । পিষ্টল দেখুৱাই আজিৰ ছোৱালীক ভয় দেখুৱাবলৈ আহিছ ?" তাৰ পিছত দাৰোগাৰ বুকুত পিষ্টল ধৰি লভিতাই কৈছে, " মই গান্ধীৰ বহীত নাম লিখোৱা নাই বাপেকে । " 
ইয়াৰ উপৰিও তেওঁ ৰচনা কৰা বিভিন্ন বিদ্ৰোহীমূলক গীত আৰু কবিতা যেনে -
"কোন কোন আহিছা আইক পুঁজিবলৈ
আইৰ পূজাৰ বেলি হ'ল ( সমনীয়া অ')
জননীৰ সন্তান জাগা শক্তিমান
জননীৰ পূজাৰ মন্দিৰ শুদা 
নজ্বলোৱা কিয় বন্তি'
কোনে‌ কলে তোক শক্তিবিহীন বুলি,
আই তোৰ পুত্ৰ শক্তিৱন্ত "
" উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ'
আজি জাগ্ৰত ভাৰতৰ পোহৰৰ গানে গানে
তিৰঙ্গা নিচান, বিজয়ী নিচান।
" ওলাই আহ অ'ওলাই আহ অ'
অসম দেশৰ শক্তিমান ''
" স্বাধীনতাৰ হকে প্ৰাণে পুৰি মৰে
দেশৰ দুখে দেখি কান্দে হিয়াই।"

পৰৱৰ্তী ভাৰতে স্বাধীনতা লাভ কৰাৰ ঠিক আগ মুহূৰ্তত অৰ্থাৎ ১৯৪২ চনৰ পৰা ১৯৪৭ চনলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মনৰ চেতনাত অংকুৰিত হোৱা কংগ্ৰেছৰ অহিংসা আন্দোলনৰ প্ৰতি বিমুখিতা ভাৱ স্বাধীনতাৰ পিছতেই ভাৰতীয় শাসক দলৰ দুৰ্নীতি আৰু শোষণ লগতে দেশীয় চৰকাৰৰ পুঁজিবাদী আৰু ফেচিষ্ট চৰিত্ৰ দেখি শিয়ঁৰি উঠি " শিল্পীৰ পৃথিৱীত" তেওঁ লিখিছিল, " আজি ৰাষ্ট্ৰ ক্ষমতাৰ বাৰুণী সুৰাই কংগ্ৰেছৰ মূৰ আচন্দ্ৰাই কৰিছে নেকি? কিয় জনতাক ভালপোৱা,দেশক ভালপোৱা,দেশক ভালপোৱা সংস্কৃতিৰ সেৱক এই ছচিয়েলিষ্ট, কমিউনিষ্ট কৃষক, বনুৱা নিজৰ স্বাধীন গৱৰ্ণমেণ্টৰ দ্বাৰা ধৰ্ষিত হ'বলগীয়া হৈছে? ".
আকৌ স্বাধীনতা সংগ্ৰামত দৰং জিলাৰ ঢেকীয়াজুলিত সংঘটিত হোৱা স্বদেশ প্ৰেমৰ বীৰত্বৰ কাহিনী বৰ্ণনাৰ অন্তত জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল, এইদৰে " স্বাধীনতা আহিল, এই মানুহৰ তেজেৰে, চকুৰ পানীৰে আৰু আমি আজি সেই স্বাধীনতা কলুষিত কৰিলোঁ আমাৰ দুৰ্নীতিৰে আমাৰ নৈতিক অধঃপতনেৰে। আজীৱন কংগ্ৰেছ কৰ্মী,কোন ত্যাগ লৈ কুণ্ঠা নকৰি কংগ্ৰেছৰ নিৰ্দেশ পালন কৰি অহা শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাই অনুভৱ কৰিছে যে,
" There is something wrong in the state of Denmark. " তেওঁ" নালীয়া পুলৰ বিপদ সংকট" তো সাধাৰণ কৃষকৰ ওপৰত স্বাধীন ভাৰতৰ পুলিচৰ বৰ্বোৰোচিত গুলী চালনাত ব্যাথিত হৈয়ো তীব্ৰ কণ্ঠে প্ৰতিবাদ কৰিছিল।
আজি দেশে স্বাধীনতা লাভ কৰাৰ সাতটা দশক অতিক্ৰম কৰাৰ পিছতো এতিয়াও বিদেশী সাম্ৰাজ্যবাদী আৰু দেশৰ পুঁজিবাদী শাসকৰ শোষণৰ বিষাক্ত হাতোৰাৰ পৰা  আপাম' কৃষক-শ্ৰমিকৰ দলে প্ৰকৃত স্বাধীনতাৰ সোৱাদ লাভ কৰিবলৈ সমৰ্থ নহ'ল,পূৰ্ণ অৰ্থনৈতিক মুক্তি এতিয়াও সুদূৰ পৰাহত , মৰীচিকাৰ ধূ ধূ ------!
সেয়েহে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই দেখুৱাই দিয়া শক্তিৰ বাটেৰে আগবাঢ়ি যাবলৈ দৃঢ় সংকল্পৰ দিন সন্মুখ দুৱাৰত আহি থিয় হৈছে। আমি তেওঁৰ সুৰত গাবই লাগিব ---
" সুবিধাবাদীৰ দল।
তোৰ মিছা হ'ব কৌশল,
ৰাইজৰ তই সেৱা চুৰ কৰি
বঢ়াব খুজিছ বল --
জনতা পূজাৰ ভাও দি , ভাও দি
নেদেখুৱাবি
ঘৃণীত তোৰ অহংকাৰৰ নেতৃত্বাভিমান
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান, সাৱধান!"