Type Here to Get Search Results !

ভেলেন্টাইন ডে

 ছৈয়দা চায়ৰা বেগম  নাজিৰা নগৰ 


প্ৰেমৰ বাবে লাগে জানো এটা বিশেষ দিন 
আজিও যুগমীয়া উষা অনিৰুদ্ধৰ প্ৰেম গাঁথা
তাহানিতে নাছিল প্ৰেমৰ বিশেষ দিনৰ কথা

কোনেও নাজানে প্ৰেমৰ সেই আশ্চৰ্য সময়ৰ কথা

তেজৰ নৈখনে বুকুত দ্ৰুততৰ হৈ গতি কৰে যেতিয়া
মৌন হৈ পৰে দুটি ওঁঠৰ ভাষা
গোলাপৰ নিমজ পাহিবোৰ গাঢ় ৰঙা হৈ পৰিলে
তাৰ সুবাসেৰে হৃদয় ভৰাৰ কথা
হয়তু এইয়াই প্ৰেমৰ পৰিভাষা...!
শিপাই টানকৈ মাটিক খামুচি ধৰি লাজুকী লতাডাল বগাই যোৱাৰ দৰেই প্ৰেম জীৱনৰ আদিকথা 
নাথাকে য’ত এটি বিশেষ দিনৰ কথা ৷