Type Here to Get Search Results !

লিমাৰিক

 সুনম বিশ্বাস




আত্মহাৰা ৰূপালীয়ে এই অম্বৰত
আনন্দত বহিছে তাই সয়ম্বৰত
ধুনীয়া বা কুৎসিত
কথা কয় যি উচিত
প্রেমাদৃষ্টি পৰিল হোজা দিগম্বৰত ।
(2)
ৰতন আছিল তপস্যাত খুব মগ্ন
প্রেমত বিফল সি হ'ল  হৃদয় ভগ্ন
নকৰে প্রেম আৰু
কৰিছে তপ বাৰু
ৰূপালীয়ে ক'লে আই লাভ ইউ ৰত্ন ।
(3)
মদ খায় স্বামীয়ে আহিল ঢলি-পৰি
তাকে দেখি পত্নীয়ে ক'লে নগলি মৰি
নিচাত মাতাল তই
ভাত ৰান্ধিম কি মই
শুই থাক অনায়সে ঝাড়ুটোকে ধৰি
(4)
বনৰ ৰজা সিংহ যে অহংকাৰী
বাঘো যে কম নহয় প্রলয়ংকাৰী
শিয়াল হৰিণ সাপ
জিৰাফ ওখৰ বাপ
চিকাৰীয়ো মাজে মাজে মাতে হৰি হৰি।
(5)
চোৰ গ'ল যে ৰাতি দেৱাল পাৰ কৰি
দেখিলে সি পৰি আছে দুৱাৰত খৰি
তলা ভাঙি ভিতৰত
গৈ দেখিলে পোহৰত
গুলিৰ চিকমিকনিত পৰিল ঘুৰি।
(6)
ৰহিমে ভাবিছে দৌৰি যাব  আগত
বহিলে ক্ষন্তেক তেওঁ গছৰ তলত
একে উশাহে কৰিম
গৈয়ে পালে যে চলিম
এইফালে লালকাল তেওঁ টোপনিত ।
(7)
বগাকৈ বগলী ৰংমনে ফুৰে নাচি
নিদিয়ে কোনেও তাক মাছ এটা যাচি
পুঠি কাৱৈ খলিহনা
নাচি ফুৰে দৰিকনা
মাছমৰীয়াই  লৈ যায় ভৰাই পাচি।
(8)
নাখায় তাই কেতিয়াও মাছ -মাংস
হ'ব হেনো তাইৰ জাতি-কুল ধ্বংস
ফ্রাই কৰে সি তেণ্ডুৰী
গ্রহণ কৰি মঞ্জুৰী
মটন খোৱা জানি উপস্থিত কংস।
(9)
দোকানত পকা ড্রেগন ফ্ৰুইট চাই
দাম শুনিয়ে তাৰ যে জ্বৰ উঠে ভাই
আছে নাৰিকল কল
নাই কেৱল যে বল
বাৰীৰ পৰা কঁঠাল আনি দিলোঁ খাই।
(10)
কবি সন্মিলনত গৈ কৰিব  আবৃত্তি
মাইক ধৰি  দিব নোৱাৰিল বিবৃতি
নাম যে  ডাঙৰ কবি
বঁটা যে কিমান চাবি
টকাৰে নাম কিনা এয়া এক সুবৃত্তি।


                                
          গোৰেশ্বৰ, তামুলপুৰ
        ফোনঃ ৮৬৩৮২২১২২৩