Type Here to Get Search Results !

ফাগুনৰ এটি দোকমোকালি

প্ৰৱীণ ৰাজবংশী  জাজৰি(মৰিগাঁও)


ফাগুনৰ দোকমোকালি
ৰহনসনা বেলিটিয়ে
মেলানি মাগিছে 
পশ্চিমৰ আকাশত ৷

ঘন কুঁৱলীয়ে 
দূৱৰি বনত
বহি গোপনে 
মনৰ কথা পাতিছে
নিয়ৰ সনা গধূলী ৷

বতাহৰ হালিজালি 
শেৱালীয়ে নিচুকনি 
গীত গাইছে আনন্দ মনে,
মোৰ  নঙলা মূখত ৷

এতিয়া ৰাতি 
নিজম হৈ আহিছে
ৰাতিপুৱাবলৈ আৰুনো 
কিমান বা বাকি ৷

ফাগুনৰ দোকমোকালিতে 
আহিবাচোন
তল সৰা শেৱালী 
বুতলিবলৈ মোৰ পদূলিত (ৰাজ)৷৷