নবীন চন্দ্ৰ মেধি
সকলোৱে ব্যস্ত হৈ পৰিছে
যাত্ৰীবাহী ৰেলৰ অপেক্ষাত ,
লৰা ঢাপৰা হৈ চৈ
কাৰো বাবে নাই সময় থাকিবলৈ ৰৈ ।
নমাই নামিছে , উঠাই উঠিছে ,
আহক দাদা , আহক বাইদেউ ,
অট'ৱালা ৰিক্সাৱালাই
হাতত ধৰি টানিছে ।
যাত্ৰীবাহী ৰেলখন পাৰ হৈ গ'ল ,
হুলস্থুলীয়া ৰেলৱে ষ্টেচন নিজম পৰি ৰ'ল ।
