Type Here to Get Search Results !

দুৰন্ত আশা

 গীতাঞ্জলি দেৱী


ঋতুৰ স্পৰ্শত জাগি উঠা কামনাৰ ৰং হেনো তেজগোঁৰা  ,
আশাবোৰ দুৰন্ত 
আৰু গতি অনন্ত ।

দৰদী সুৰ আৰু সুবাসিত বতাহে মোক আনমনা কৰি তোলে ,
মৌন ওঁঠত  স্তুতি যেন উদ্ভ্ৰান্ত 
অবাক নয়ন যেন নেজাল নক্ষত্ৰ 
আৰু আৱেগ অপাৰ সমুদ্ৰ ।

নাজানো ফাগুনৰ এয়া কি গোপন মন্ত্ৰ ! 

ছাঁ পালেই জুৰাই লোৱা বুকুত কি এক মিঠা মন্থন ,
তচনচ কলিজাত এচোহা মৌ
লহৰ বাগৰা কত ঢৌ 

ৰাঙলী আকাশ চুমি নামি আহে ৰুণ্-জুণ্ জোনৰ বৰষুণ 
লাহে-লাহে , পাহে-পাহে ।

তোমাৰ স্পন্দিত বুকুত অকণমান জিৰাব দিয়া ,
তোমাৰ ওঁঠত ওঁঠ থৈ মইও ক'ম ভালপোৱাৰ কত কথা ।

মই যেন চিৰকাল এনেকৈয়ে ৰ'ম ,
মই যেন তোমাৰ মাজতে নিখোঁজ হ'ম ।